ETV Bharat / entertainment

অস্কাৰ ২০২৪ত শ্ৰেষ্ঠ ছবিৰ পৰা শ্ৰেষ্ঠ পৰিচালক-অভিনেতালৈ বঁটা লাভ অপেনহাইমাৰৰ

author img

By ETV Bharat Assamese Team

Published : Mar 11, 2024, 10:21 AM IST

Updated : Mar 11, 2024, 4:14 PM IST

Oscar 2024: অস্কাৰ বঁটা প্ৰদান অনুষ্ঠানত আলোড়নৰ সৃষ্টি কৰে ‘অপেনহাইমাৰ’এ । এই ছবিখনে শ্ৰেষ্ঠ ছবিৰ পৰা শ্ৰেষ্ঠ পৰিচালক আৰু অভিনেতালৈকে সৰ্বাধিক বঁটা লাভ কৰাৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ।

Oscars Trophy Counting Oppenheimer takes most awards Know who won how many wins
অস্কাৰত আধিপত্য বিস্তাৰ অপেনহাইমাৰৰ

চিটাৰা ডেস্ক, ১১ মাৰ্চ: আজি লছ এঞ্জেলেছৰ ডলবি থিয়েটাৰত ৯৬ সংখ্যক অস্কাৰ বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয় । এই সন্মানীয় বঁটা অনুষ্ঠানত আধিপত্য বিস্তাৰ কৰে ক্ৰিষ্টোফাৰ নোলানৰ ‘অপেনহাইমাৰ’ ছবিখনে । এই ছবিখনে ১৩ টা মনোনয়ন লাভ কৰিছিল, ইয়াৰ ভিতৰত ৭ টা বঁটা লাভ কৰিবলৈ সক্ষম হয় ৷

ইয়াৰ লগে লগে ‘অপেনহাইমাৰ’এ এই বছৰৰ সৰ্বাধিক অস্কাৰ বঁটা লাভ কৰা ছবি হিচাপে পৰিগণিত হয় । অস্কাৰত আলোড়নৰ সৃষ্টি কৰা ‘অপেনহাইমাৰে’ কোনবোৰ শিতানত বঁটা লাভ কৰিছে জানো আহক ৷

শ্ৰেষ্ঠ ছবিৰ অস্কাৰ লাভ 'অপেনহাইমাৰ'ৰ

ক্ৰিষ্টোফাৰ নোলানৰ 'অপেনহাইমাৰ' ছবিয়ে এইবাৰ শ্ৰেষ্ঠ ছবিৰ অস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে । এই শিতানত ‘অপেনহাইমাৰ’এ ‘আমেৰিকান ফিকশ্যন’, ‘এনাটমী অৱ এ ফ’ল’, ‘বাৰ্বি’, ‘দ্য হোল্ডোভাৰছ’, ‘কিলাৰ্ছ অৱ দ্য ফ্লাৱাৰ মুন’, ‘মাইষ্ট্ৰ’, ‘পাষ্ট লাইভছ’, ‘পুৰ থিংছ’ আৰু ‘দ্য জ’ন অৱ ইন্টাৰেষ্ট’ক পৰাস্ত কৰে ।

শ্ৰেষ্ঠ পৰিচালকৰ অস্কাৰ লাভ ক্ৰিষ্টোফাৰ নোলানৰ

ক্ৰিষ্টোফাৰ নোলানে ‘অপেনহাইমাৰ’ৰ বাবে শ্ৰেষ্ঠ পৰিচালকৰ অস্কাৰ লাভ কৰে । ইয়াৰ লগে লগে প্ৰথমবাৰৰ বাবে ক্রিষ্টোফাৰে অস্কাৰ লাভ কৰে ৷ এই দৌৰত তেওঁ 'এনাটমী অৱ এ ফ'ল'ৰ পৰিচালক জাষ্টিন ট্ৰিট, 'কিলাৰ্ছ অৱ ফ্লাৱাৰ মুন'ৰ পৰিচালক মাৰ্টিন স্কোৰচেজ, 'পুৱৰ থিংছ'ৰ পৰিচালক ইয়ৰ্গছ লেনথিমছ আৰু 'দ্য জ'ন অৱ ইন্টাৰেষ্ট'ৰ পৰিচালক জনাথন গ্লেজাৰক পৰাস্ত কৰি জয়লাভ কৰে ।

শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কিলিয়ান মাৰ্ফীৰ

‘অপেনহাইমাৰ’এ শ্ৰেষ্ঠ অভিনেতাৰ অস্কাৰো লাভ কৰে । ছবিখনত এক উজ্জ্বল অভিনয় কৰা কিলিয়ান মাৰ্ফীয়ে এই সন্মান লাভ কৰে । এই শাখাত তেওঁ ‘মেষ্ট্ৰ’ৰ বাৰ্ডলি কুপাৰ, ‘ৰাষ্টিন’ৰ অভিনেতা ক’লমেন ডমেনিগো, ‘দ্য হোল্ড’ভাৰছ’ৰ তাৰকা পল জিয়ামাট্টি আৰু ‘আমেৰিকান ফিকশ্যন’ৰ জেফ্ৰি ৰাইটক পৰাস্ত কৰে ।

শ্ৰেষ্ঠ সহ অভিনেতাৰ বঁটা লাভ ৰবাৰ্ট ডাউনী জুনিয়ৰৰ

‘অপেনহাইমাৰ’এ শ্ৰেষ্ঠ সহ অভিনেতাৰ বঁটাও লাভ কৰে । 'অপেনহাইমাৰ' ছবিত কৰা উজ্জ্বল অভিনয়ৰ বাবে ৰবাৰ্ট ডাউনী জুনিয়ৰে শ্ৰেষ্ঠ সহ অভিনেতাৰ অস্কাৰ লাভ কৰে । এই শাখাত তেওঁ আমেৰিকান ফিকশ্যনৰ ষ্টাৰলিং কে ব্ৰাউন, কিলাৰ্ছ অৱ দ্য ফ্লাৱাৰ মুনৰ ৰবাৰ্ট ডিনিৰোৰ লগতে বাৰ্বিৰ ৰায়ান গুজলিং আৰু পুৱৰ থিংছৰ মাৰ্ক ৰাফেলোক পৰাস্ত কৰে ।

এই শাখাসমূহতো ‘অপেনহাইমাৰ’এ অস্কাৰ বঁটা লাভ কৰিছে

ইয়াৰ উপৰিও ‘অপেনহাইমাৰ’এ আন বহু শাখাতো অস্কাৰ বঁটা লাভ কৰিছে । দৰাচলতে ছবিখনে শ্ৰেষ্ঠ মৌলিক গীতৰ স্কোৰ আৰু শ্ৰেষ্ঠ চলচ্চিত্ৰ সম্পাদনা আৰু শ্ৰেষ্ঠ চিনেমেট’গ্ৰাফী শাখাতো ২০২৪ চনৰ অস্কাৰ বঁটা লাভ কৰিছে ।

উল্লেখ্য যে, "অপেনহাইমাৰ"এ ১ বিলিয়ন ডলাৰতকৈ অধিক উপাৰ্জন কৰিছে আৰু এই ছবিখনে ইয়াৰ পূৰ্বে বাফটা বঁটা, গোল্ডেন গ্ল'বছ আৰু সমালোচক চইছ বঁটাত ডাঙৰ জয়লাভ কৰিছে।

লগতে পঢ়ক: ৯৬ সংখ্যক একাডেমী বঁটা প্ৰদান অনুষ্ঠানত বিশিষ্ট শিল্পী নীতিন দেশাইক স্মৰণ

Last Updated : Mar 11, 2024, 4:14 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.