ETV Bharat / entertainment

জানুৱাৰীত গোলাই চোৰে চলাব উৎপাত - NEW ASSAMESE FILM

আগন্তুক বর্ষৰ আৰম্ভণিতে ছবিগৃহলৈ আহিব অসমীয়া ছবি 'গোলাই চোৰ' । শুকুৰবাৰে সামাজিক মাধ্যমযোগে মুক্তি দিয়া হয় ছবিখনৰ টিজাৰ ।

New Assamese film 'Golai Soor' teaser released
জানুৱাৰীত গোলাই চোৰে চলাব উৎপাত (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Dec 13, 2024, 5:16 PM IST

গুৱাহাটী: ২০২৫ বৰ্ষৰ আৰম্ভণিতে আহি আছে এখন নতুন ছবি 'গোলাই চোৰ' । শুকুৰবাৰে সামাজিক মাধ্যমযোগে মুক্তিলাভ কৰে আহিবলগীয়া এই নতুন অসমীয়া ছবিখনৰ টিজাৰ । Zeng Entertainment ৰ আৰু অসম ৰাজ্যিক অসম চলচিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমৰ বেনাৰত নিৰ্মাণ কৰা এই নতুন অসমীয়া ছবিখন মুক্তি লাভ কৰিব আগন্তুক বর্ষৰ ১৭ জানুৱাৰীত । আহিবলগীয়া এই নতুন অসমীয়া ছবিখনৰ কাহিনী আৰু পৰিচালনা ৰক্তিম কমল বৰুৱাৰ ।

ছবিখনৰ পৰিচালক ৰক্তিম কমল বৰুৱাই জনোৱা অনুসৰি এইখন এখন এখন পিৰয়ডিক হাস্যমধুৰ ছবি । যোৰহাটৰ এটা অঞ্চলৰ এটা সঁচা ঘটনাৰ আলম হিচাপে লৈ এই ছবিখনৰ কাহিনীভাগ ৰচনা কৰা হৈছে । আনহাতে বাকী কিছু অংশ কাল্পনিক । ১৯৪৫ চনৰ কিছুমান ঘটনা আৰু নতুন স্বাধীন ভাৰতৰ সমাজ ব্যৱস্থাক লৈ চোৰ আৰু পুলিচৰে এটা কাহিনী হাস্যমধুৰভাৱে ছবিখনত উপস্থাপন কৰা হৈছে । আনহাতে ২০২২ চনতে ছবিখনৰ শ্বুটিং আৰম্ভ হৈছিল যদিও কিছু কাৰণবশতঃ ছবিখনৰ কাম দীঘলীয়া হৈ গ'ল ।

২০২৩ চনত টীম গোলাই চোৰৰ লগতে জড়িত হয় অসম ৰাজ্যিক অসম চলচিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম । উল্লেখযোগ্য যে, এই ছবিখনত অভিনয় কৰিছে হিমাংশু গগৈ, কেনী বসুমতাৰী, টনী বসুমতাৰী, হিমাংশু প্ৰসাদ দাস, মৃন্ময় শইকীয়া, বনী দেউৰী, বনদ্বীপ শৰ্মা, বেদব্ৰত বৰা, সপ্তৰ্ষি গগৈ, নৱজ্যাতি নাথ, মৈত্ৰী দাস, বলীন বৰা, বনদীপ শৰ্মা, জয়ন্ত ভাগৱতী, জয়ন্ত দাস, প্ৰতিভা চৌধুৰীকে ধৰি বহু ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে । ছবিখনৰ সংগীত পৰাশৰ কাশ্যপৰ, দৃশ্যগ্ৰহণ কৰিছে প্ৰয়াস শৰ্মা তামুলীয়ে আৰু চাউণ্ড ডিজাইন অমৃত প্ৰীতমৰ ।

লগতে পঢ়ক: অসমৰ বহু শিল্পীৰ উত্থানৰ নেপথ্যত এন কে প্ৰডাকচন: NK Production - NK PRODUCTION

মনত পৰেনে জখলাবন্ধালৈ ? সেই যে দোকানে দোকানে বাজি থকা বিহুৰ কেছেটবোৰ... - CASSETTE CULTURE

নতুন বছৰত আহি আছে বীৰাংগনা সাধনী - NEW ASSAMESE FILM

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.