ETV Bharat / entertainment

কাইলৈ ছবিগৃহত মুক্তি পাব নতুন ছবি এটা নিৰ্জন দুপৰীয়া - পাৰ্ভী বৰুৱা

Ata Nirjon Duporiya: কাইলৈ মুক্তি লাভ কৰিব নতুন ছবি ‘এটা নিৰ্জন দুপৰীয়া’ । ৰাজ্যৰ প্ৰায় ১৮ টা ছবিগৃহত মুক্তি লাভ কৰিব ছবিখন ।

New Assamese film Ata Nirjon Duporiya will be released in theaters tomorrow
নতুন ছবি এটা নিৰ্জন দুপৰীয়া
author img

By ETV Bharat Assamese Team

Published : Feb 29, 2024, 5:21 PM IST

নতুন ছবি এটা নিৰ্জন দুপৰীয়া

গুৱাহাটী, ২৯ ফেব্ৰুৱাৰী: কাইলৈ অৰ্থাৎ পহিলা মাৰ্চত ছবিগৃহলৈ আহি আছে নতুন অসমীয়া ছবি ‘এটা নিৰ্জন দুপৰীয়া’ । ৰাজ্যৰ প্ৰায় ১৮ টা ছবিগৃহত মুক্তি লাভ কৰিব ছবিখন । চিনেমালয় আৰু মিডিল ফিংগাৰ ফিল্মছৰ বেনাৰত নিৰ্মাণ কৰা ছবিখনৰ ৰচনা আৰু পৰিচালনা খঞ্জন কিশোৰ নাথৰ ।

ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে কৌশিক নাথ আৰু পাৰ্ভী বৰুৱাই । লগতে ছবিখনত অভিনয় কৰিছে ধনঞ্জয় দেৱনাথ, জিতুমণি মহন্ত আৰু বিজয় শংকৰ শইকীয়াই । উল্লেখ্য যে, প্ৰয়াত অভিনেতা বিজয় শংকৰ শইকীয়াৰ এই ছবিখন হৈছে অসমীয়া দৰ্শকলৈ শেষ উপহাৰ ।

ছবিখনৰ কাহিনী কি ?

বৰ্তমান সময়ত ঘটি থকা সমাজৰ কিছু ৰুঢ় বাস্তৱ আৰু এগৰাকী নাৰীৰ কাহিনীক লৈ নিৰ্মাণ কৰা হৈছে ছবিখন । সৰস্বতী পূজাৰ দিনটোত দিনৰ ভাগত ঘটা এটি ঘটনাক কেন্দ্ৰ কৰি আৰু এটি প্ৰেমিক যুগলৰ মাজত কিছু নিবিড় মুহূৰ্তক বিষয়বস্তু হিচাপে লৈ এগৰাকী নাৰীৰ প্ৰতি সমাজৰ দৃষ্টিভংগীক উপস্থাপন কৰা হৈছে ছবিখনত। ছবিখনৰ কাহিনীৰ পটভূমি গুৱাহাটী মহানগৰী ।

শেহতীয়াকৈ, ইটিভি ভাৰত অসমৰ সৈতে এক বিশেষ সাক্ষাৎকাৰ হয় ছবিখনৰ মুখ্য অভিনেতা-অভিনেত্ৰীৰ সৈতে, য’ত তেওঁলোকে ছবিখনৰ সন্দৰ্ভত নিজৰ মতামত প্ৰকাশ কৰে ৷ ছবিখনৰ সন্দৰ্ভত মন্তব্য কৰি অভিনেত্ৰী পাৰ্ভী বৰুৱাই কয়, ‘‘এগৰাকী নাৰীৰ লগত সমাজত আজিৰ দিনত কি চলি আছে এই বিষয়বস্তু লৈ ছবিখন নিৰ্মাণ কৰা হৈছে । ছবিখনৰ যি বিষয়বস্তু সেয়া বাস্তৱধৰ্মী আৰু আজিৰ সময়ৰ লগত মিলা এক বিষয় ।’’

ইফালে মুক্তিৰ পূৰ্বে ছবিখনৰ কিছু দৃশ্যক লৈ বিতৰ্কৰ মাজত সোমাই পৰিছে ছবিখন । ছবিখনৰ বিতৰ্কৰ সন্দৰ্ভত মন্তব্য কৰি মূল চৰিত্ৰত অভিনয় কৰা কৌশিক নাথে কয়, ‘‘বিতৰ্কটো আচলতে মই বিতৰ্ক বুলি নলও । বিতৰ্কও ভাল অৰ্থাৎ যদি ছবি এখনৰ চর্চা বা সমালোচনা বুলিয়ে লওক সেয়া হ’ব লাগে । অসমত চিনেমা হলৰ সংখ্যা বহুত কম, যদি এটা বস্তু বিতৰ্কৰ মাজত হ’লেও দৰ্শকৰ মাজলৈ গৈছে, ছবিখন চাই সেয়া দৰ্শকে নিজেই ভাল বেয়াটো উলিয়াই ল’ব । আশা কৰো ছবিখন উপভোগ কৰাৰ পাচত দৰ্শকে ভাল পাব ।’’ এতিয়া এনেদৰে ছবিখনক লৈ আশাবাদী ছবিখনৰ পৰিচালক তথা কলা-কুশলীসকল ।

লগতে পঢ়ক: এটা নিৰ্জন দুপৰীয়াৰ সম্পৰ্কে কি ক’লে পৰিচালক খঞ্জন কিশোৰ নাথে ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.