নলবাৰী, ১৬ জুলাই : নলবাৰী জিলাৰ চামতাৰ হাটীৰপিঠি চুবুৰীৰ বাসিন্দা তথা জালাহৰ বি বি কিষাণ মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ মুৰব্বী অধ্যাপিকা ড৹ ৰুণুমী ভাগৱতীয়ে লাভ কৰিছে শ্ৰেষ্ঠ মহিলা অভিনেত্ৰীৰ বঁটা । উল্লেখ্য যে ‘সেউজীয়া সপোন: এটি শুদ্ধ পথ’ চুটি ছবিখনত অভিনয় কৰিছিল অধ্যাপিকাগৰাকীয়ে । এই বঁটা প্ৰদান কৰিছে কলকাতাৰ আমাদেৰ আন্তঃৰাষ্ট্ৰীয় চুটি ছবি উৎসৱ ২০২৪ সমিতিয়ে ।
মন কৰিবলগীয়া যে, সৰুৰে পৰা অভিনয়ৰ প্ৰতি আগ্ৰহ থকা ৰুণুমী ভাগৱতীয়ে প্ৰথমবাৰৰ বাবে চুটি ছবিখনত এগৰাকী বিধৱা মহিলাৰ চৰিত্ৰত অভিনয় কৰিছিল । প্ৰায় ১ ঘন্টা ২০ মিনিটৰ চুটি ছবিখনত অভিনয় কৰা ৰুণুমী ভাগৱতীয়ে লাভ কৰিছে এই বঁটা । বঁটাটি লাভ কৰাত এতিয়া সমগ্ৰ নলবাৰী জিলাতে এক আনন্দৰ জোৱাৰ উঠিছে । পেছাত এগৰাকী অধ্যাপিকা তথা প্ৰবক্তা অমল শৰ্মাৰ পত্নী ড৹ ৰুণুমী ভাগৱতীয়ে এই চুটি ছবিখনত এগৰাকী বিধৱা মাতৃৰ চৰিত্ৰত নিখুঁত অভিনয় কৰিছিল । ছবিখনৰ মুখ্য শিশুৰ চৰিত্ৰত অভিনয় কৰিছিল তেওঁৰ পুত্ৰ প্ৰাচুৰ্য ভৰদ্বাজে ।
![Nalbari Professor Runumi Bhagwati won the Best Actress award at the International Short Film Festival held in kolkata](https://etvbharatimages.akamaized.net/etvbharat/prod-images/16-07-2024/nalbariaprofessorcollectbestactingawaredfromkolkataas10049photovisual_16072024122947_1607f_1721113187_1.jpg)
তেওঁ জানিবলৈ দিয়া অনুসৰি তেওঁৰ এই চৰিত্ৰটোৰ সৈতে সংলগ্ন আছিল তিনিটি শিশুৰ ভাল লগা দুষ্টামী । ছবিখনত এইটো দেখুওৱা হৈছে যে শিশু কেইটাৰ চিন্তা কৰাৰ ক্ষমতা আছিল আৰু তেওঁলোকে একত্ৰিত হৈ এটা ডাঙৰ কাম কৰি দেখুৱাইছিল । এই বঁটাটো লাভ কৰাৰ পিচত ভাগৱতীয়ে কয় যে তেওঁ এই চুটি ছবিখনত এগৰাকী বিধৱা হৈ বেলেগৰ ঘৰত কাম-বন কৰা এগৰাকী মগনীয়া হিচাপে অভিনয় কৰিছিল । ইয়াৰ বাবে তেওঁ তিনিমাহ পূৰ্বৰ পৰাই এই চৰিত্ৰৰ সফল ৰূপায়ণৰ বাবে প্ৰস্তুতি চলাইছিল ৷
উল্লেখ্য যে, সমন্বয় ফিল্মছৰ নিবেদন আৰু গগন কুমাৰ শৰ্মাৰ কাহিনী, চিত্ৰনাট্য, সংলাপ আৰু পৰিচালনাৰে প্ৰযোজক বাণী কলিতাই অসমবাসী ৰাইজলৈ আগবঢ়াই দিছে ‘সেউজীয়া সপোন: এক শুদ্ধ পথ’ নামৰ এই চুটি ছবিখন । সম্পূৰ্ণ গাঁৱলীয়া পটভূমি আৰু থলুৱা ভাষাত নিৰ্মিত এই চুটি ছবিখন কলকাতাৰ আমাদেৰ আন্তঃৰাষ্ট্ৰীয় চুটি ছবি উৎসৱত নিৰ্বাচিত হৈ প্ৰদৰ্শিত হোৱাৰ পিচতে ড৹ ৰুণুমী ভাগৱতীয়ে শ্ৰেষ্ঠ মহিলা অভিনেত্ৰীৰ সন্মান লাভ কৰে ৷
লগতে পঢ়ক : আদৰ্শ বিদ্যালয়ৰ শিক্ষাৰ্থীৰ দ্বাৰা কলাক্ষেত্ৰত সাংস্কৃতিক সমাৰোহ 2024 - Cultural Events 2024