গুৱাহাটী : কণ্ঠশিল্পী তথা ফেশ্বন ডিজাইনাৰ তনুজা চেতিয়াৰ ‘কবিতা কবিতা লগা গান’ শীর্ষক গীতৰ আনুষ্ঠানিক ভিডিঅ’ শুকুৰবাৰে মুকলি কৰা হয় । গীতটি মুক্তি পোৱাৰ সম্পূৰ্ণ 14 বছৰৰ পিছত আজি গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত মুকলি কৰা হয় গীতটিৰ ভিডিঅ’ । গীতটিৰ ভিডিঅ’টি মুকলি কৰে বিশিষ্ট কণ্ঠশিল্পী মনিষা হাজৰিকাই ।
গীতটি মুকলি কৰি মনিষা হাজৰিকাই কয়, “গানৰ মাজত এটা মিঠা সোৱাদ থকাটো অতি জৰুৰী । গীত এটা শ্ৰুতিমধুৰ হোৱাটো খুবেই প্ৰয়োজন । গীতটো শ্ৰুতিমধুৰ হ’লে শ্ৰোতা-দৰ্শকক অতি সহজতে আকৰ্ষণ কৰিব পাৰি । এটা সুন্দৰ গীত আমাক উপহাৰ হিচাপে দিয়া বাবে তনুজা চেতিয়াক ধন্যবাদ জনালো ।”
বিশিষ্ট ফেশ্বন ডিজাইনাৰ তনুজা চেতিয়াই কণ্ঠদান কৰা গীতটো সংগীত, সুৰ, কথাৰে সজাইছে মানস হাজৰিকাই । গীতটি সন্দৰ্ভত কণ্ঠশিল্পী তনুজা চেতিয়াই মন্তব্য কৰে, “গীতটি 14 বছৰৰ আগতে গোৱা হৈছিল । ইচ্ছা এটা আছিল গীতটিৰ ভিডিঅ’ সংস্কৰণ মুক্তি দিয়াৰ । গীতটি আচলতে মোৰ সপোন । এই গানৰ যিটো এলবাম তাত 7 টা গীত আছে আৰু এই গীতটি পিছত গোৱা হৈছিল । আজি মই বহুত সুখী কাৰণ 14 বছৰৰ পাছত গীতটিৰ ভিডিঅ’ মুক্তি দিয়া হৈছে । আশা কৰো ৰাইজে গীতটি আঁকোৱালি ল’ব ।”
উক্ত অনুষ্ঠানত উপস্থিত থাকে সমাজকর্মী অঞ্জু গগৈ, কণ্ঠশিল্পী চাজু আহমেদ, মানস হাজৰিকা, ভয়চ অফ ইণ্ডিয়াৰ বিজয়ী মানসী হাজৰিকাৰ লগতে অভিনেতা নীল দাস, অভিনেত্ৰী মেঘৰঞ্জনী মেধি, লহৰ হাজৰিকাৰ লগতে অন্যান্য বিষয়ববীয়া ।
‘কবিতা কবিতা লগা গান’ গীতটোৰ মিক্সিঙৰ কাম কৰা হৈছে লহৰ ডিজিটেলত ৷ গীটাৰ বজাইছে ড° মৃণাল দাসে ৷ ভিডিঅ’ পৰিচালনা আৰু সম্পাদনাৰ কাম কৰিছে অন্তৰীপ হাজৰিকাই । গীতটিত অভিনয় কৰিছে মেঘৰঞ্জনী মেধি আৰু নীল দাসে ৷ চিনেমাট’গ্ৰাফাৰ ছাজ্জাদ হুছেইন, মেকআপত আছে ৰেচমিনা য়েছমিন, সন্ধ্যা বড়ো, মিনতি ডেকা ৷ ড্ৰোনৰ কাম কৰিছে গৰ্ডন ৰবাৰ্টছ শ্বাডাপে ৷ সাজ-পোছাকত কুনাল কৌশিক, চি জেড ৰেণ্টেলছ আৰু ভাস্কৰৰ গেলেৰীৰ সহায় লোৱা হৈছে ।
লগতে পঢ়ক : আকৌ এটা ভাল খবৰ: পেনোৰামালৈ নিৰ্বাচিত তিনিখনকৈ অসমীয়া ছবি