ETV Bharat / entertainment

শেষ ন’হবই নেকি ছলমান খানক ক্ষতি কৰিব খোজা লোকৰ তালিকা ! - SALMAN KHAN HOUSE FIRING - SALMAN KHAN HOUSE FIRING

Salman Khan House Firing: নৱী মুম্বাই আৰক্ষীয়ে হাৰিয়ানাৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে যি অভিনেতা ছলমান খানক আক্ৰমণ কৰা চক্ৰান্তৰ সৈতে জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে ৷ এতিয়া গ্ৰেপ্তাৰ হোৱা লোকৰ সংখ্যা ৫ জনলৈ বৃদ্ধি পাইছে । ধৃত দীপক হাৱাসিং গগলীয়াৰ লৰেন্স বিষ্ণৈ আৰু গ’ল্ডী ব্ৰাৰ গেঙৰ সৈতে সম্পৰ্ক আছে বুলি অভিযোগ উঠিছে ।

Mumbai Police Nab Fifth Suspect In Conspiracy To Harm Salman Khan
ছলমান খান (etv bharat)
author img

By ETV Bharat Assamese Team

Published : Jun 3, 2024, 7:51 PM IST

চিটাৰা ডেস্ক, 3 জুন : নৱী মুম্বাই আৰক্ষীয়ে অভিনেতা ছলমান খানক আক্ৰমণ কৰা ষড়যন্ত্ৰত জড়িত থকাৰ সন্দৰ্ভত হাৰিয়ানাৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে, যাৰ ফলত তদন্তত আটক কৰা মুঠ লোকৰ সংখ্যা পাঁচজন লৈ বৃদ্ধি পায়, এজন বিষয়াই এইদৰে জানিবলৈ দিয়ে । তেওঁক লৰেন্স বিষ্ণৈ আৰু গ’ল্ডী ব্ৰাৰ দলৰ সদস্য বুলি দাবী কৰা হৈছে । ইয়াৰ আগতে, পানভেল আৰক্ষীয়ে অভিনেতাজনক আঘাত কৰাৰ ষড়যন্ত্ৰ সন্দৰ্ভত যোৱা বছৰৰ ছেপ্টেম্বৰত তদন্ত চলাই চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছিল ।

আনুষ্ঠানিক অধিসূচনা অনুসৰি নৱী মুম্বাই আৰক্ষীয়ে শনিবাৰে হাৰিয়ানাৰ ভীৱানীত দীপক হাৱাসিং গগলীয়া ওৰফে জনী ৱালমিকী (৩০)ক আটক কৰে । প্ৰতিবেদন অনুসৰি গগলীয়াই আন অভিযুক্তসকলৰ বাবে থকাৰ ব্যৱস্থা কৰাৰ লগতে লজিষ্টিক আৰু যান-বাহনৰ সহায়ো আগবঢ়াইছিল । গগলীয়াই ভিডিঅ’ কলৰ জৰিয়তে আন প্ৰতিবাদকাৰীৰ সৈতে যোগাযোগ কৰিছিল বুলিও জানিব পৰা গৈছে ।

বিবৃতি অনুসৰি, পানভেলৰ জ’ন ১১ ৰ আৰক্ষী উপ আয়ুক্ত বিবেক পানছাৰে ভীৱানীৰ এছ পি বৰুণ সিংঘালাৰ পৰা সহায় বিচৰা আৰু নৱী মুম্বাইৰ পৰা ক্ৰাইম ব্ৰাঞ্চৰ এটা দল উত্তৰৰ ৰাজ্যখন অভিমুখে ৰাওনা হোৱাৰ সময়তে তেওঁক গ্ৰেপ্তাৰ কৰা হয় ।

লগতে পঢ়ক : কি ক’লে মৃত অভিযুক্ত অনুজ থাপানৰ আত্মীয়ই ? - Salman Khan House Firing

বিবৃতি অনুসৰি গগলীয়াক দেওবাৰে ভীৱানীৰ এজন দণ্ডাধীশৰ সন্মুখত হাজিৰ কৰোৱাই নৱী মুম্বাই আৰক্ষীক ৫ জুনলৈকে ট্ৰেনজিট ৰিমাণ্ড প্ৰদান কৰি পানভেললৈ প্ৰেৰণ কৰা হয় । শনিবাৰে ডিচিপি পানছাৰে সাংবাদিকৰ আগত কয় যে পানভেল থানাৰ জ্যেষ্ঠ পৰিদৰ্শক নীতিন থাকৰে যোৱা বছৰৰ অক্টোবৰ মাহত অভিনেতাজনক আক্ৰমণ কৰাৰ ষড়যন্ত্ৰৰ তথ্য লাভ কৰিছিল ।

ডিচিপিৰ মতে, তেওঁলোকৰ তদন্তত প্ৰকাশ পাইছে যে ছলমান খানৰ পানভেলত থকা কৃষিভূমি, মুম্বাইৰ বান্দ্ৰাত থকা তেওঁৰ ঘৰৰ আশে-পাশে থকা অঞ্চল আৰু তেওঁ চিত্ৰগ্ৰহণৰ বাবে যোৱা স্থানসমূহ লক্ষ্য কৰি লৈছিল এই চাৰিজন সদস্যই । এপ্ৰিল মাহত লৰেন্স বিষ্ণৈ আৰু তেওঁৰ কনিষ্ঠ ভাতৃ আনমোল বিষ্ণৈকে ধৰি ১৭ জন লোকৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা হৈছিল বুলি তেওঁ উল্লেখ কৰে । যোৱা ২৮ এপ্ৰিলত ধনঞ্জয় তাপেসিং ওৰফে অজয় ​​কাশ্যপ (২৮)ক পানভেলত আটক কৰাৰ বিপৰীতে সেইদিনাই গুজৰাটত গৌৰৱ ভাটিয়া ওৰফে সন্দীপ বিষ্ণৈক গ্ৰেপ্তাৰ কৰা হৈছিল বুলি শনিবাৰে এজন বিষয়াই প্ৰকাশ কৰে ।

ছত্ৰপতি শম্ভাজী নগৰত বাস্পি খান ওৰফে ৱাছিম ​​চিকনাক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে বেংগালুৰুত ৰিজৱান খান ওৰফে জাভেদ খানক গ্ৰেপ্তাৰ কৰা হয় । ভাৰতীয় দণ্ডবিধিৰ ১২০ বি (ষড়যন্ত্ৰ) আৰু ৫০৬ (অপৰাধমূলক ভাবুকি) ধাৰাত তেওঁলোকৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা হৈছে বুলি পানছাৰে সাংবাদিকৰ আগত জনায় । গুজৰাটত আটক কৰি ৰখা হৈছে বিকি গুপ্তা আৰু সাগৰ পাল নামৰ গুলীচালনাকাৰীক । গুলীচালনা কৰা লোকক বন্দুক যোগান ধৰা বুলি অভিযোগ উত্থাপন হোৱা তেওঁলোকৰ সহযোগী সোনু বিষ্ণৈ আৰু অনুজ থাপনক পিচত পঞ্জাৱত আটক কৰা হয় । আনহাতে ১ মে’ত আৰক্ষীৰ লকআপত আত্মহত্যা কৰি থাপনৰ মৃত্যু হোৱা বুলি অভিযোগ আছে ।

লগতে পঢ়ক : ক’লা হৰিণা কাণ্ডই শান্তিত শুৱ নিদিব নেকি ভাইজানক ? - Salman Khan House Firing

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.