ETV Bharat / entertainment

ৰণবীৰ সিঙক কটাক্ষ কৰা ভিডিঅ’ ডিলিট কৰিলে শক্তিমানে

author img

By ETV Bharat Assamese Team

Published : Mar 19, 2024, 11:20 AM IST

Mukesh Khanna Deleted His Post: শেহতীয়াকৈ মুকেশ খান্নাই এটা ভিডিঅ’ শ্বেয়াৰ কৰি ৰণবীৰ সিঙক শক্তিমানৰ চৰিত্ৰত অভিনয় কৰাৰ খবৰত আপত্তি প্ৰকাশ কৰিছিল । এতিয়া তেওঁ এই ভিডিঅ’টো ডিলিট কৰিছে । জানো সম্পূৰ্ণ খবৰ এই প্ৰতিবেদনত ৷

Mukesh khanna deletes video slamming Ranveer Singh over shaktimaan movie
ৰণবীৰ সিঙক কটাক্ষ কৰা ভিডিঅ’ ডিলিট কৰিলে শক্তিমানে

চিটাৰা ডেস্ক, ১৯ মাৰ্চ: বৰ্তমান চৰ্চাত প্ৰবীণ অভিনেতা মুকেশ খান্না । শেহতীয়াকৈ তেওঁ এটা ভিডিঅ’ শ্বেয়াৰ কৰি ৰণবীৰ সিঙক শক্তিমানৰ চৰিত্ৰত অভিনয় কৰাৰ খবৰৰ বিৰোধিতা কৰিছিল । অভিনেতাগৰাকীয়ে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত ইউটিউব ভিডিঅ’ লিংক শ্বেয়াৰ কৰিছিল, য’ত তেওঁ ৰণবীৰক তীব্ৰ কটাক্ষ কৰা দেখা গৈছিল ।

এই ভিডিঅ’টো শ্বেয়াৰ কৰাৰ পিচত দ্ৰুতগতিত ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে ৷ ভিডিঅ’টো ভাইৰেল হোৱাৰ পাচত এতিয়া মুকেশ খান্নাই ডিলিট কৰিলে ভিডিঅ’ ।

উল্লেখ্য যে, এই ছুপাৰহিৰো ছবিখনৰ কাষ্টিঙৰ খবৰ বহুদিনৰ পৰা আহি আছে । অৱশ্যে এতিয়ালৈকে কোনো আনুষ্ঠানিক নিশ্চিতকৰণ অহা নাই । ভিডিঅ’টো প্ৰথমে ইউটিউবত আপলোড কৰা হৈছিল আৰু তাৰ পিচত তেওঁ নিজৰ ইনষ্টাগ্ৰামত পোষ্ট কৰিছিল । এতিয়া ইউটিউব আৰু ইনষ্টাগ্ৰাম দুয়োটা প্লেটফৰ্মৰ পৰা ভিডিঅ’টো আঁতৰাই দিয়া হৈছে ।

ভিডিঅ’টোত মুকেশ খান্নাই ৰণবীৰ সিঙক কটাক্ষ কৰা দেখা গৈছিল ৷ তেওঁ কৈছিল, ‘‘গোটেই ছ’চিয়েল মিডিয়াত ৰণবীৰ সিঙে শক্তিমানৰ চৰিত্ৰত অভিনয় কৰিব বুলি খবৰ ওলাইছিল । মই মৌন হৈ থাকিলো... কিন্তু যেতিয়া চেনেলবোৰেও ৰণবীৰক চহী কৰা বুলি ঘোষণা কৰিবলৈ ধৰিলে, তেতিয়া মই মুখ খুলিব লগা হ’ল । এনে প্ৰতিচ্ছবি থকা মানুহ যিমানেই ডাঙৰ তাৰকা নহওক কিয়, তেওঁ শক্তিমান হ’ব নোৱাৰে । মই এই কাষ্টিঙৰ বিৰোধী ।’’

কেৱল এয়াই নহয়, মুকেশ খান্নাই ৰণবীৰৰ নগ্ন ফটোশ্বুটকলৈও মন্তব্য কৰে ৷ তেওঁ কৈছিল, ‘‘যদি তেওঁ ভাবে যে তেওঁ নিজৰ সমগ্ৰ শৰীৰটো দেখুৱাই স্মাৰ্ট হ’ব পাৰে ৷ তেন্তে ফিনলেণ্ড বা স্পেইনৰ দৰে আন কোনোবা দেশত গৈ থাকিব লাগে । মই নিৰ্মাতাসকলক কৈছো যে আপোনাৰ প্ৰতিযোগিতা স্পাইডাৰ মেন আৰু বেটমেনৰ সৈতে নহয় । এতিয়া শক্তিমান কেৱল এজন ছুপাৰহিৰো নহয় এজন শিক্ষকো ।’’

ইয়াৰ পিচত অভিনেতাগৰাকীৰ এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ পৰে । মুকেশ খান্নাৰ এই বক্তব্যত ৰণবীৰ সিঙৰ অনুৰাগীসকলো ক্ষুব্ধ হৈ পৰে ।

লগতে পঢ়ক: '৯০ দশকৰ ছুপাৰহিট শ্ব’ শক্তিমান হঠাতে কিয় বন্ধ হৈ পৰিছিল ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.