ETV Bharat / entertainment

পুত্ৰসহ চলচ্চিত্ৰ প্ৰযোজক চেলিম খানক হত্যা : গায়ক ৰাহুল আনন্দৰ ঘৰত অগ্নিসংযোগ - MOB VIOLENCE IN BANGLADESH

author img

By ETV Bharat Entertainment Team

Published : Aug 7, 2024, 5:45 PM IST

Mob Violence in Bangladesh: এজন বাংলাদেশী চলচ্চিত্ৰ প্ৰযোজক চেলিম খান আৰু তেওঁৰ পুত্ৰ-অভিনেতা শান্তো খানে হিংসাত্মক প্ৰতিবাদৰ মাজতে জনতাৰ আক্ৰমণৰ বলি হৈ মৃত্যুক সাৱটি লয় । গায়ক ৰাহুল আনন্দৰ ঘৰটোও আক্ৰমণ কৰি ধ্বংস কৰে একাংশই ৷

Mob Violence in Bangladesh: Film Producer Selim Khan, Son Shanto Lynched, Singer Rahul Ananda's Home Torched
বাংলাদেশত গণহিংসা (AFP)

চিটাৰা ডেস্ক, 7 আগষ্ট : চলিত সপ্তাহৰ আৰম্ভণিতে বাংলাদেশত হিংসাত্মক প্ৰতিবাদে আগুৰি ধৰে ৷ তাৰে ফলস্বৰূপে পশ্চিম বংগৰ চলচ্চিত্ৰ উদ্যোগৰ সৈতে সম্পৰ্ক থকা বাংলাদেশৰ এজন বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা পুত্ৰৰ সৈতে গণহিংসাৰ বলি হয় । সোমবাৰে লক্ষ্মীপুৰ মডেল ইউনিয়ন পৰিষদৰ অধ্যক্ষ চেলিম খান আৰু তেওঁৰ পুত্ৰ-অভিনেতা শান্তো খানক প্ৰহাৰ কৰি হত্যা কৰা হয় ।

বাংলাদেশৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি অভিনেতা-প্ৰযোজক যুটিটোৱে নিজৰ অঞ্চলৰ পৰা পলায়নৰ চেষ্টা চলাই থকাৰ সময়তে বালিয়া ইউনিয়নৰ ফৰ্ককাবাদ বজাৰত ক্ষুব্ধ জনসমাগমৰ সন্মুখীন হয় । ভিৰক প্ৰতিহত কৰিবলৈ আৰু নিজকে ৰক্ষা কৰিবলৈ গুলী চলোৱাৰ সময়তে অতি সোনকালেই তেওঁলোকে ওচৰতে আন এটা গোটৰ সন্মুখীন হ’বলগীয়া হয় ।

প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ দেশৰ পৰা প্ৰস্থানৰ পিচত বাংলাদেশত হিংসা বৃদ্ধি পাইছে । বিশিষ্ট ব্যক্তিসকল ক্ৰমান্বয়ে এই বিশৃংখলতাৰ ভুক্তভোগী হৈ পৰিছে । স্থানীয় সংবাদ মাধ্যমৰ দ্বাৰা নিশ্চিত কৰা হৈছে যে বাংলাদেশৰ চান্দপুৰত শান্তো খান আৰু তেওঁৰ পিতৃক জনতাই নিৰ্মমভাৱে আক্ৰমণ কৰে আৰু দুয়োৱে বেয়াকৈ আঘাতপ্ৰাপ্ত হৈ মৃত্যুবৰণ কৰে ।

ইয়াৰ উপৰিও, এই হিংসা মনোৰঞ্জন উদ্যোগলৈয়ো বিয়পি পৰিছে ৷ গায়ক ৰাহুল আনন্দৰ ঘৰত জনতাই অগ্নি সংযোগ কৰে । জোলাৰ গান বেণ্ডৰ মুখ্য ৰাহুল আনন্দে তেওঁৰ 140 বছৰীয়া পুৰণি ঘৰটোত এক বিধ্বংসী আক্ৰমণৰ সন্মুখীন হয়, য'ত তেওঁৰ 3,000 বাদ্যযন্ত্ৰ ধ্বংস হয় ।

সৌভাগ্যক্ৰমে ৰাহুল, তেওঁৰ পত্নী আৰু তেওঁলোকৰ 13 বছৰীয়া পুত্ৰই সময়মতে পলায়ন কৰিবলৈ সক্ষম হয় আৰু তেওঁলোক এতিয়া নিৰাপদ । এই শোকাৱহ দুৰ্ঘটনাৰ প্ৰতি সঁহাৰি জনাই জোলেৰ গান বেণ্ডে ছ’চিয়েল মিডিয়াত এটা আন্তৰিক পোষ্ট শ্বেয়াৰ কৰি ৰাহুলৰ ঘৰত সংগীত সৃষ্টিৰ কথা মনত পেলাইছে । ঘৰটো জ্বলাই দিয়াৰ আগতে ঘৰটোত শেষবাৰৰ বাবে কৰা জাম ছেশ্যনৰ ভিডিঅ’ও পোষ্ট কৰে ।

পোষ্টটোত তেওঁলোকে প্ৰশ্ন উত্থাপন কৰে, "আমি হয়তো সময়ৰ লগে লগে বাদ্যযন্ত্ৰ, গীত, আনকি আমাৰ পৰিয়ালটোকো পুনৰ নিৰ্মাণ কৰিব পাৰিম । কিন্তু আমি কেনেকৈ খং আৰু প্ৰতিশোধৰ জুই নিৰ্বাপিত কৰিম ? আমি কিয় সকলোবোৰ প্ৰেম আৰু সহানুভূতিৰে অতিক্ৰম কৰিব নোৱাৰো ?"

লগতে পঢ়ক : 'কিপ ইয়ৰ চিন আপ': বিনেশ ফোগাটৰ কাষত থিয় দিছে সমগ্ৰ বলীউড - Bollywood Reacts Vinesh Phogat

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.