ETV Bharat / entertainment

হাস্পতালৰ পৰা ভাইৰেল মিঠুন চক্ৰৱৰ্তীৰ ভিডিঅ’ - Mithun Chakraborty hospital video

Mithun Chakraborty Health Update: কলকাতা চিকিৎসালয়ত চিকিৎসাধীন মিঠুন চক্ৰৱৰ্তীৰ স্বাস্থ্য এতিয়া উন্নত হৈছে । চিকিৎসালয়ত চিকিৎসকৰ সৈতে কথা পাতি থকা অভিনেতাগৰাকীৰ এটা ভিডিঅ’ সম্প্ৰতি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ।

Mithun Chakraborty Health update, Mithuns video goes viral from hospital
মিঠুন চক্ৰৱৰ্তী স্বাস্থ্য আপডেট
author img

By ETV Bharat Assamese Team

Published : Feb 12, 2024, 10:58 AM IST

চিটাৰা ডেস্ক, ১২ ফেব্ৰুৱাৰী: শনিবাৰে হঠাৎ অসুস্থ হৈ পৰিছিল প্ৰবীণ অভিনেতা মিঠুন চক্ৰৱৰ্তী ৷ অভিনেতাগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁক ততাতৈয়াকৈ কলকাতাৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । তাতেই অভিনেতাগৰাকীৰ চিকিৎসা চলি আছিল ।

এতিয়া কেনে আছে মিঠুন চক্ৰৱৰ্তী ?

অৱশ্যে শেহতীয়া খবৰ অনুসৰি মিঠুনৰ স্বাস্থ্য এতিয়া বহু উন্নত হৈছে । এতিয়া অভিনেতাগৰাকীক কেতিয়া হাস্পতালৰ পৰা যাবলৈ দিয়া হ’ব জানো আহক এই প্ৰতিবেদনত ৷

মিঠুন চক্ৰৱৰ্তীৰ স্বাস্থ্য এতিয়া কেনেকুৱা ?

শনিবাৰে যেতিয়া মিঠুন চক্ৰৱৰ্তীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল তেতিয়া চিকিৎসকে কৈছিল যে অভিনেতাজনৰ মগজুৰ ষ্ট্ৰোক হৈছিল । এতিয়া মিঠুনৰ স্বাস্থ্য সন্দৰ্ভত এটা ডাঙৰ আপডেট আহিছে । সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি চিকিৎসালয়খনৰ পৰা অভিনেতাগৰাকীৰ স্বাস্থ্য সন্দৰ্ভত এক আপডেট জাৰি কৰিছে, সেই অনুসৰি মিঠুনৰ অৱস্থা এতিয়া সুস্থিৰ আৰু স্বাস্থ্য উন্নত হৈছে । তেওঁ এতিয়া সুস্থ আৰু অতি সোনকালেই সম্পূৰ্ণ ৰূপে আৰোগ্য লাভ কৰিব ।

কেতিয়া হাস্পতালৰ পৰা যাবলৈ দিয়া হ’ব মিঠুন চক্ৰৱৰ্তীক ?

প্ৰতিবেদন অনুসৰি অভিনেতাগৰাকীয়ে সম্প্ৰতি কোমল খাদ্য গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে । ডিচচাৰ্জৰ পূৰ্বে তেওঁৰ কিছু পৰীক্ষা সম্পন্ন কৰিব চিকিৎসালয়ত । বৰ্তমান চিকিৎসকৰ দলটোৱে তেওঁৰ অগ্ৰগতি তীক্ষ্ণ দৃষ্টিৰে নিৰীক্ষণ কৰি উপযুক্ত চিকিৎসা নিশ্চিত কৰিছে । উল্লেখ্য যে, প্ৰাক্তন ক্ৰিকেটাৰ সৌৰভ গাংগুলী আৰু পশ্চিমবংগৰ বিজেপিৰ মুৰব্বী সুকান্ত মজুমদাৰে অভিনেতাজনক চিকিৎসালয়ত লগ কৰি তেওঁৰ স্বাস্থ্যৰ বুজ লয় ।

ইফালে চিকিৎসালয়ৰ পৰা মিঠুনৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে । য’ত অভিনেতাজনক বিচনাত বহি থকা দেখা গৈছে আৰু তেওঁৰ ওচৰত চিকিৎসক থিয় হৈ আছে । লগতে বিজেপিৰ মুৰব্বী সুকান্ত মজুমদাৰক ওচৰত থিয় হৈ থকা দেখা গৈছে ৷ ভিডিঅ’টোত দেখা পোৱা গৈছে যে, মিঠুনৰ স্বাস্থ্য পূৰ্বতকৈ উন্নত হৈছে ।

লগতে পঢ়ক: মিথুন চক্ৰৱৰ্তীৰ স্বাস্থ্যৰ বিষয়ে জনালে অভিনেত্ৰী দেৱশ্ৰী ৰায়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.