ETV Bharat / entertainment

প্ৰতিকূল বতৰকো নেওচি ভোটাধিকাৰ সাব্যস্ত বহুকেইগৰাকী জনপ্ৰিয় শিল্পীৰ - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : May 7, 2024, 4:18 PM IST

Updated : May 7, 2024, 6:55 PM IST

Lok Sabha Election 2024: ভোটাধিকাৰ সাব্যস্ত কৰিলে জনপ্ৰিয় অভিনেত্ৰী নিশিতা গোস্বামী, বৰষাৰাণী বিষয়া, আঙুৰলতা ডেকা, জনপ্ৰিয় কণ্ঠশিল্পী তৰালী শর্মাকে ধৰি বহু কেইগৰাকী শিল্পীয়ে ।

Artist Voting
প্ৰতিকূল বতৰকো নেওচি ভোটাধিকাৰ সাব্যস্ত বহুকেইগৰাকী জনপ্ৰিয় শিল্পীৰ (SOURCE: ETV BHARAT ASSAM)

গুৱাহাটী, 7 মে’: আজি পুৱাৰে পৰা ৰাজ্যৰে ৪টা সমষ্টিত অনুষ্ঠিত হৈছে লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ ৷ পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৫ বজালৈকে অনুষ্ঠিত হ'ব এই তৃতীয় পর্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ প্ৰতিকূল বতৰকো নেওচি পুৱাৰে পৰা ওলাই আহিল ৰাইজ ৷ লগতে ওলাই আহিল অসমৰ সাংস্কৃতিক ক্ষেত্ৰৰ সৈতে জড়িত বহুকেইগৰাকী ন-পুৰণি তাৰকা ৷

নিশিতা গোস্বামী

আজি মহানগৰী আনন্দ নগৰস্থিত ৫১ নং দিছপুৰ আদৰ্শ প্ৰাথমিক বিদ্যালয়ত ভোটদান কৰিলে জনপ্ৰিয় অভিনেত্ৰী নিশিতা গোস্বামীয়ে ৷ ভোটদান সাব্যস্ত কৰি অভিনেত্ৰী নিশিতা গোস্বামীয়ে সংবাদমাধ্যমৰ আগত তেওঁ কয়, 'ভোটদান আমাৰ গণতন্ত্ৰৰ আটাইতকৈ ডাঙৰ অধিকাৰ ৷ সেয়ে সকলোৱে নিজৰ অধিকাৰ সাব্যস্ত কৰিব লাগে ৷ এখন সুস্থ, সৱল সমাজ যাতে আমি আমাৰ ভৱিষ্যৎ প্ৰজন্মক দিব পাৰো তাৰবাবে আমি সকলোৱে ওলাই আহিব লাগে ৷ এইবাৰ কলিয়াবৰত মোক নিৰ্বাচন আয়োগে তেওঁলোকৰ আইকণ হিচাপে মোক নিৰ্বাচিত কৰিছে, গতিকে তাক লৈ মই সৌভাগ্যবান বুলি অনুভৱ কৰিছো ৷' লগতে নৱপ্ৰজন্মকো ভোটদান সাব্যস্ত কৰিবলৈ অনুৰোধ জনালে জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে ৷

নিশিতা গোস্বামী (SOURCE: ETV BHARAT ASSAM)

তৰালী শৰ্মা

ইফালে, মহানগৰীৰ এ আই ডি চি কাৰ্যালয় ভোটাধিকাৰ সাব্যস্ত কৰে জনপ্ৰিয় কন্ঠশিল্পী তৰালী শৰ্মাই ৷ ভোটাধিকাৰ সাব্যস্ত কৰি কন্ঠশিল্পীগৰাকীয়ে মন্তব্য কৰি কয়,' প্ৰত্যেকদিনা আজিৰ দিনটো আশা কৰিয়ে আহোঁ আচলতে ৷ সামাজিক, সাংস্কৃতিক সকলো দিশতে উন্নতি হোৱাটো বিচাৰো ৷ মানুহৰ মাজৰ এগৰাকী প্ৰতিনিধি নিৰ্বাচিত হোৱাটো বিচাৰো ৷'

তৰালী শৰ্মা (SOURCE: ETV BHARAT ASSAM)

বৰষা ৰাণী বিষয়া

লগতে পুৱাই ভোটাধিকাৰ সাব্যস্ত কৰিলে অভিনেত্ৰী বৰষা ৰাণী বিষয়াই লগতে ইনষ্টাগ্ৰাম একাউন্টত কেপশ্বনত তেওঁ লিখে যে,- গণতন্ত্ৰ বুলি এইটোৱে আছে গৈ …..দি আহিলো আৰু দেই 🙏🏻

Artist Voting
বৰষা ৰাণী বিষয়া (SOURCE: INSTAGRAM)

আঙুৰলতা ডেকা

আনহাতে, সামাজিক মাধ্যমযোগে অভিনেত্ৰী তথা বিজেপি নেত্ৰী আঙুৰলতা ডেকাইও ভোটাধিকাৰ সাব্যস্ত কৰে ৷

Artist Voting
আঙুৰলতা ডেকা (SOURCE: ETV BHARAT ASSAM)

প্ৰস্তুতি পৰাশৰ

জনপ্ৰিয় অভিনেত্ৰী তথা ভ্ৰাম্যমাণৰ মহাৰাণী হিচাপে খ্যাত প্ৰস্তুতি পৰাশৰেও আজি নিজৰ পৰিয়ালৰ সৈতে ভোটাধিকাৰ সাব্যস্ত কৰে ৷ প্ৰতিকূল বতৰকো নেওচি ভোটদান কৰিবলৈ আহিল অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ ৷ বেলতলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ভোটদান অভিনেত্ৰীগৰাকীৰ ৷ ৰাইজৰ সৈতে শাৰী পাতি ভোটদান কৰিলে অভিনেত্ৰীগৰাকীয়ে ৷ ভোটদান কৰি অভিনেত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত কয় যে, এই সময়খিনি আমাৰ জীৱনৰ এটা গুৰুত্বপূৰ্ণ সময় ৷ আজিৰ দিনটোত যি সিদ্ধান্ত ল’ব সেইয়া আমাৰ ভৱিষ্যত লিখিব ৷ প্ৰতিজন নাগৰিকে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাটো দায়িত্ব ৷ যুৱ প্ৰজন্মৰ মাজত সচেতনতা যথেষ্ট বাঢ়িছে ৷ ভোটাধিকাৰ পোৱাৰ লগে লগে ওলাই আহিছে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ৷ গণতন্ত্ৰৰ বাবে এইটো এটা শুভ লক্ষণ ৷ বতৰ বেয়াৰ লগতে ই ভি এমৰ বিসংগতি যদিও সাংঘাটিক মানুহৰ সমাগম ঘটিছে ৷

Artist Voting
প্ৰস্তুতি পৰাশৰ (SOURCE: INSTAGRAM)

উল্লেখ্য যে, বেলতলা হাইস্কুলৰ বাওশাখাৰ কেন্দ্ৰটোত কিছুসময়ৰ বাই ভি এমত কাৰিকৰী বিজুটি ঘটে ৷ প্ৰায় ৪০০ ভোট প্ৰদানৰ পিছতেই এই কাৰিকৰী বিজুটি কেন্দ্ৰটোত ৷ কেন্দ্ৰটোত আছিল প্ৰায় ১৪৭৬ গৰাকী ভোটাৰ ৷ কিছুসময় পিছতে অন্য ই ভি এম সংযোগ কৰি পুনৰ ভোটগ্ৰহণ আৰম্ভ হয় ৷

আনহাতে, তেওঁ সামাজিক মাধ্যমযোগে নিজৰ অনুভৱ প্ৰকাশ কৰি লিখে যে- "ভোটদান আমাৰ ৰাজনৈতিক অধিকাৰ" ৷ তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত দেশৰ অন্য প্ৰান্তৰ লগতে বেলতলা হাইস্কুলতো ভোটদান সুকলমে চলি আছে ৷ প্ৰতিকূল বতৰৰ মাজতে প্ৰায় ডেৰ ঘণ্টা সময় ধৰি EVM মেচিন বিকল হোৱাৰ পাছতো প্ৰতিগৰাকী সজাগ নাগৰিকে ধৈৰ্য সহকাৰে নিজৰ নিজৰ ভোটদান সাব্যস্ত কৰা দেখি যথেষ্ট ভাল লাগিছে ৷ ভাৰতবৰ্ষৰ দৰে বৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনৰ প্ৰগতিৰ স্বাৰ্থত মইও এই দীঘলীয়া শাৰিত থিয় হৈ নিজৰ ৰাজনৈতিক অধিকাৰ প্ৰতিপন্ন কৰোঁ ৷ প্ৰাপ্য আৰু কৰণীয়ৰ হকে নিজৰ মত আগবঢ়োৱা এই বিশেষ দিনটোত সকলোকে নিজৰ অধিকাৰ সাব্যস্ত কৰি এগৰাকী দায়িত্বশীল নাগৰিকৰ ভূমিকা পালন কৰিবলৈ অনুৰোধ জনাইছোঁ ৷

প্ৰস্তুতি পৰাশৰ (SOURCE: ETV BHARAT ASSAM)

কপিল বৰা

Artist Voting
কপিল বৰা (SOURCE: INSTAGRAM)

ইফালে, জনপ্ৰিয় অভিনেতা কপিল বৰায়ো নিজৰ ভোটকেন্দ্ৰত পুৱাই গৈ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ লগতে ইনষ্টাগ্ৰামযোগে পোষ্ট কৰি লিখে যে, DUTY DONE✌🏼🤞🏼🤞🏼

কপিল বৰা (SOURCE: ETV BHARAT ASSAM)

অংগৰাগ পাপন মহন্ত

ইফালে, অসমৰ লগতে বলীউডটো আধিপত্য বিস্তাৰ কৰা সংগীত শিল্পী অংগৰাগ পাপন মহন্তইও আজি মতদান সাব্যস্ত কৰে ৷ লগতে সংবাদমাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত পাপনে কয়, কোৰিয়ান মিউজিক বিশ্বজুৰি চৰ্চা চলিছে কেৱল তাৰ চৰকাৰৰ 20 বছৰীয়া পৰিকল্পনাৰ বাবে আমিও তেনেকুৱা চৰকাৰ বিচাৰো ৷ ইফালে, ছবি অঁকা প্ৰসংগত তেওঁ কয় যে, সদায়টো গান গাই থাকিব নোৱাৰোঁ, বুঢ়া হৈছোঁ । দেখিবলৈহে ডেকা হৈ আছোঁ । পিছলৈ ছবি আঁকিম ৷

অংগৰাগ পাপন মহন্ত (Source: ETV BHARAT ASSAM)

বিহুৰ আৰু মাত্ৰ দুখন অনুষ্ঠান আছে, ভোটাৰৰ উছাহ দেখি পাপন 'লাহে লাহে আমি উন্নত দেশৰ ফালে গৈ আছোঁ' জীয়া ছবিৰ গীত গাই বৰ ভাল পাইছোঁ লালৈ বিহুগীত সন্দৰ্ভত মন্তব্য পাপনৰ

লগতে পঢ়ক: তেজস্বিনীৰ উদ্যোগত বালা কলা উৎসৱম - Bala Kala Utsavam

Last Updated : May 7, 2024, 6:55 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.