ETV Bharat / entertainment

মালাইকা অৰোৰাৰ পিতৃ অনিল মেহতাৰ আত্মহত্যা - ANIL MEHTA PASSES AWAY

author img

By ETV Bharat Entertainment Team

Published : Sep 11, 2024, 12:38 PM IST

Updated : Sep 11, 2024, 2:27 PM IST

Malaika Arora father Anil Arora : মডেল-অভিনেত্ৰী মালাইকা অৰোৰাৰ পিতৃ অনিল মেহতাই বুধবাৰে ৰাতিপুৱা আত্মহত্যা কৰে ৷ প্ৰাক্তন স্বামী আৰবাজ খানে খবৰ পাই পৰিয়ালটোৰ কাষত উপস্থিত হয় ৷

Malaika Arora's father, Anil mehta, passes away, Arbaaz Khan arrives
পিতৃ অনিল মেহতাৰ মৃত্যু (IANS)

চিটাৰা ডেস্ক, 11 ছেপ্টম্বৰ : পৰিয়ালক দুখৰ সাগৰত পেলাই বুধবাৰৰ পুৱাই মুম্বাইত নিজা বাসগৃহত মৃত্যুক আঁকোৱালি লয় মডেল-অভিনেত্ৰী মালাইকা অৰোৰাৰ পিতৃ অনিল মেহতাই ৷ বিভিন্ন সূত্ৰৰ পৰা জানিব পৰা মতে, অনিল মেহতাই আত্মহত্যা কৰিছে ৷ অৱশ্যে একাংশ খবৰত এয়া এক দুৰ্ঘটনা বুলি দাবী কৰা হৈছে ।

কেইবাটাও প্ৰতিবেদনত কোৱা হৈছে যে বুধবাৰে ৰাতিপুৱা প্ৰায় 9.00 বজাত সংঘটিত হয় এই ঘটনা । ঘটনাটো সংঘটিত হোৱাৰ পিছত মালাইকাৰ প্ৰাক্তন স্বামী আৰবাজ খানক তেওঁৰ এপাৰ্টমেণ্টৰ বাহিৰত দেখা গৈছিল । জানিব পৰা মতে, অভিনেত্ৰীগৰাকী পুনেৰ পৰা মুম্বাইলৈ উভতি আহি আছে ।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, মৰণোত্তৰ পৰীক্ষাৰ বাবে ভাভা চিকিৎসালয়লৈ লৈ যোৱা হৈছে অনিল মেহতাৰ মৃতদেহ ৷ মৃত্যুসম্পৰ্কীয় অন্যান্য বিৱৰণ এতিয়াও তদন্তৰ আওঁতাত আছে । আৰক্ষীয়ে বিষয়টো তদন্ত কৰি আছে ।

মালাইকাৰ জন্ম মহাৰাষ্ট্ৰৰ থানেত হৈছিল । তেওঁৰ 11 বছৰ বয়সতে পিতৃ-মাতৃৰ বিবাহ বিচ্ছেদ হৈছিল ৷ বিচ্ছেদৰ পিছত মালাইকা তেওঁৰ মাক আৰু ভগ্নী অমৃতা অৰোৰাৰ সৈতে চেম্বুৰলৈ গুচি গৈছিল । তেওঁৰ মাক জয়েছ পলিকাৰ্প এগৰাকী মালায়ালী খ্ৰীষ্টান আৰু দেউতাক অনিল মেহতা আছিল এগৰাকী পাঞ্জাৱী, যিয়ে ভাৰতীয় মাৰ্চেণ্ট নেভিত কাম কৰিছিল ৷

শেহতীয়াকৈ এখন ফেশ্বন আলোচনীক দিয়া সাক্ষাৎকাৰত মালাইকাই কৈছিল যে তেওঁৰ বয়স মাত্ৰ 11 বছৰ হৈ থাকোতেই পিতৃ-মাতৃয়ে পৃথকে থকাৰ সিদ্ধান্ত লৈছিল । তেওঁ লগতে এইটোও কৈছিল যে যদিও তেওঁৰ শৈশৱ "আশ্চৰ্যকৰ" আছিল তথাপিও এইটো "সহজ" নাছিল আৰু লগতে "অশান্ত" ও আছিল ।

সাক্ষাৎকাৰটোত অভিনেত্ৰীগৰাকীয়ে কয়, "মোৰ পিতৃ-মাতৃৰ বিচ্ছেদে মোক মোৰ মাক এটা নতুন দৃষ্টিভংগীৰে পৰ্যবেক্ষণ কৰিবলৈ অনুমতি দিছিল ।"

লগতে পঢ়ক : ৰেণুকাস্বামী হত্যাকাণ্ড গোচৰ: তদন্ত অব্যাহত থকাৰ লগে লগে দৰ্শনৰ ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধি - RENUKASWAMY MURDER CASE

Last Updated : Sep 11, 2024, 2:27 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.