ETV Bharat / entertainment

অনন্ত-ৰাধিকাৰ বিয়াত এইবাৰ দক্ষিণ ভাৰতীয় তাৰকাৰ আগমন - Anant Radhika Wedding Updates

author img

By ETV Bharat Assamese Team

Published : Jul 12, 2024, 3:53 PM IST

Anant Radhika Wedding Updates: অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিবাহৰ অংশ হ’বলৈ পৰিয়ালসহ মুম্বাইলৈ ৰাওনা মহেশ বাবু ৷ অকলে ৰাওনা হ’ল অভিনেত্ৰী ৰশ্মিকা মন্দান্না ৷ দুয়োগৰাকী তাৰকাকে দেখা গ’ল হায়দৰাবাদ বিমানবন্দৰত ।

Mahesh Babu with family and Rashmika Mandanna off to Mumbai For Anant Radhika Wedding WATCH
অনন্ত-ৰাধিকাৰ বিয়াত এইবাৰ দক্ষিণ ভাৰতীয় তাৰকাৰ আগমণ (ETV Bharat)

চিটাৰা ডেস্ক, 12 জুলাই: এইবাৰ মুকেশ আম্বানীৰ পাৰিবাৰিক অনুষ্ঠানত দক্ষিণৰ ছুপাৰষ্টাৰকো দেখা যাব। আজি ১২ জুলাই তাৰিখে মুম্বাইত অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিবাহ । ১১ জুলাইত আৰ আৰ আৰৰ তাৰকা ৰামচৰণে পত্নী উপাসনা কনিডেলা আৰু কন্যা ক্লিন কাৰা কনিডেলাৰ সৈতে মুম্বাইত উপস্থিত হয় ।

ইফালে, আজি দক্ষিণৰ ছবি জগতৰ ‘প্ৰিন্স অৱ টলীউড’ মহেশ বাবু আৰু নেশ্যনেল ক্ৰাছ তথা দক্ষিণৰ ছবিজগতৰ মোহময়ী অভিনেত্ৰী ৰশ্মিকা মন্দান্নাই বিয়াত অংশগ্ৰহণ কৰিবলৈ মুম্বাইলৈ ৰাওনা হৈছে ।

পৰিয়ালসহ বিয়ালৈ ৰাওনা হ’ল মহেশ বাবু

আজি ১২ জুলাইত মহেশ বাবুক কন্যা সীতাৰাৰ সৈতে হায়দৰাবাদ বিমানবন্দৰত দেখিবলৈ পোৱা যায় । মহেশ বাবুক গাঢ় গোলাপী ৰঙৰ টি-চাৰ্ট আৰু নীলা ৰঙৰ ডেনিমত দেখা গৈছে । দীঘল চুলিৰ ষ্টাইলত মহেশ বাবুৰ চকুত চশমা আৰু মূৰত খাকী ৰঙৰ টুপী । ইফালে মহেশ বাবুৰ তাৰকা পত্নী নম্ৰতা শিৰোদকাৰক দেখা গ’ল নীলা ৰঙৰ কেজুৱেল ড্ৰেছত ৷ ছুপাৰষ্টাৰৰ কন্যা সীতাৰাৰ কথা ক’বলৈ গ’লে ৰঙা টি-চাৰ্টৰ ওপৰত বগা লুজ ফিট জিন্স তেওঁ পৰিধান কৰে ।

ৰশ্মিকা মন্দান্নাও হ’ল ৰাওনা

একে সময়তে অনন্ত আৰু ৰাধিকাৰ বিয়ালৈ যোৱা ৰশ্মিকা মন্দান্নাকো দেখা গ’ল বিমানবন্দৰত । ৰশ্মিকা মন্দান্নাই ইয়াত নিজৰ এয়াৰপৰ্ট লুকৰ বাবে কেজুৱেল আউটফিট বাছি লৈছিল । ৰশ্মিকাই নীলা ডেনিমৰ ওপৰত বগা টি-চাৰ্ট পৰিধান কৰে । বিমানবন্দৰত অনুৰাগীৰ সৈতে ফটো ক্লিক কৰা দেখা গ’ল ৰশ্মিকাক ।

অনন্ত-ৰাধিকাৰ বিয়া

আজি বিয়লি ৩ বজাত দেশী-বিদেশী অতিথিৰ সৈতে মুকেশ আম্বানীয়ে কনিষ্ঠ পুত্ৰ অনন্ত আম্বানীয়ে বৰযাত্ৰীসহ ৰাধিকা মাৰ্চেণ্ট ওচৰলৈ ৰাওনা হ'ব । বৰযাত্ৰীসহ উক্ত স্থানত উপস্থিত হোৱাৰ পিচত গুজৰাটী ৰীতি-নীতি অনুসৰি দুয়োৰে বিবাহ সম্পন্ন হ’ব । আনহাতে, কিম কাৰ্দাছিয়ানে নিজৰ ভগ্নী ক্ল’ কাৰ্দাছিয়ানৰ সৈতে জিঅ’ ৱৰ্ল্ড চেণ্টাৰত অনুষ্ঠান পৰিৱেশন কৰিব । কেৱল এয়াই নহয়, কাম ডাউনৰ গায়িকা ৰেমাইও বিবাহ অনুষ্ঠানৰ সময়ত মুকেশ আম্বানীৰ অতিথিসকলক মনোৰঞ্জনৰ অনুষ্ঠান পৰিৱেশন কৰিব । ইয়াৰ পিচত নিশা ৮ বজাত হ’ব অনন্ত আৰু ৰাধিকাৰ জয়মালা অনুষ্ঠান । ১৩ জুলাইত শুভ আশীৰ্বাদৰ কাৰ্যসূচী আৰু ১৪ জুলাইত অনুষ্ঠিত হ'ব অভ্যৰ্থনা অনুষ্ঠান ।

লগতে পঢ়ক: অনন্ত ৰাধিকাৰ বিবাহনুষ্ঠানত উপস্থিত থাকিব ৰাজস্থানৰ এইগৰাকী লোকশিল্পী - Anant and Radhika Wedding

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.