ETV Bharat / entertainment

মধুবালাৰ বায়'পিকৰ শিৰোনাম কি ? কোনে পৰিচালনা কৰিব ? জানি লওক

author img

By ETV Bharat Assamese Team

Published : Mar 15, 2024, 2:15 PM IST

Madhubala Biopic : মধুবালাৰ বায়’পিকক লৈ এটা ডাঙৰ ঘোষণা । মধুবালাৰ বায়’পিক কোনে পৰিচালনা কৰিব আৰু ইয়াৰ শিৰোনাম কি হ’ব জানি লওক সকলো ।

Madhubala Biopic title Madhubala announced Jasmeet K Reen to direct deets Inside
মধুবালা বায়’পিক ঘোষণা

চিটাৰা ডেস্ক, ১৫ মাৰ্চ: হিন্দী চিনেমাৰ অন্যতম ধুনীয়া অভিনেত্ৰী মধুবালাৰ জীৱন কাহিনী কোনো চলচ্চিত্ৰ কাহিনীতকৈ কম নাছিল । কম বয়সত বৃহৎ সফলতা আৰু তাৰ পিচত নিজৰ পছন্দৰ ব্যক্তিজনৰ সৈতে বিবাহ, কিন্তু দীৰ্ঘদিনীয়া অসুস্থতা আৰু সকলো ধ্বংস ! ছাচপেন্স, ৰোমাঞ্চ আৰু আৱেগেৰে ভৰা এই কাহিনীটোত বহুতো উত্থান-পতন আছে ।

এতিয়া এইগৰাকী মহান অভিনেত্ৰীৰ কাহিনী অনুৰাগীৰ মাজলৈ লৈ যোৱাৰ দায়িত্ব হাতত লৈছে পৰিচালক জেছমীত কে ৰিনে । আলিয়া ভাটৰ 'ডাৰ্লিংছ' ছবিৰ জৰিয়তে পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰিছিল জছমীতে ।

উল্লেখ্য যে, মধুবালাৰ বায়’পিকখনক লৈ বহুদিন ধৰি চৰ্চা চলি আছিল । একে সময়তে কোৱা হৈছিল যে বলীউডৰ চেলিব্ৰিটিৰ ফেশ্বন ডিজাইনাৰসকলে তেওঁলোকৰ প্ৰডাকশ্যন হাউছৰ পৰাই মধুবালাৰ বায়’পিক নিৰ্মাণ কৰিব । কিন্তু এই বিষয়ে ইমান দিনে কোনো আনুষ্ঠানিক তথ্য পোহৰলৈ অহা নাছিল ৷ এতিয়া অৱশেষত আজি মধুবালাৰ বায়’পিকখন আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে ৷ মধুবালাৰ বায়’পিকৰ বিষয়ে সম্পূৰ্ণ তথ্য এই প্ৰতিবেদনত জানো আহক ৷

মধুবালাৰ বায়’পিকখনৰ শিৰোনাম কি হ’ব ?

‘মধুবালা’ৰ নামত নিৰ্মাণ কৰা হৈছে মধুবালাৰ বায়’পিক । এই ছবিখন নিৰ্মাণৰ বাবে আগবাঢ়ি আহিছে চনী পিকচাৰ্ছ কোম্পানী । মধুবালাৰ বায়’পিকখন পৰিচালনা কৰিব জছমীত কে ৰিনে । একে সময়তে চ’নী পিকচাৰ্ছ ইণ্টাৰনেশ্যনেল প্ৰডাকশ্যনে ব্ৰিথিং থ’টছ প্ৰাইভেট লিমিটেড আৰু মধুবালা ভেঞ্চাৰছৰ সৈতে মিলি মধুবালা বায়’পিকখন নিৰ্মাণ কৰিছে ।

কিয় বনোৱা হৈছে মধুবালাৰ বায়’পিক ?

মধুবালাৰ বায়’পিকখন প্ৰয়াত অভিনেত্ৰী মধুবালাৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জনাই নিৰ্মাণ কৰা হৈছে । উল্লেখ্য যে, মধুবালাৰ জন্ম হৈছিল ১৯৩৩ চনৰ ১৪ ফেব্ৰুৱাৰীত আৰু মৃত্যু হৈছিল ১৯৬৯ চনৰ ২৩ ফেব্ৰুৱাৰীত । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৩৬ বছৰ ৷ মধুবালাৰ ভগ্নী মধুৰ ব্রিজ ভূষণ আৰু মধুবালা ভেঞ্চাৰছৰ স্বত্বাধিকাৰী অৰবিন্দ কুমাৰ মালৱিয়া এই ছবিখনৰ সহ-প্ৰযোজক ৷

কোনগৰাকী অভিনেত্ৰীয়ে মধুবালাৰ চৰিত্ৰত অভিনয় কৰিব ?

এই ভাল খবৰটো ছ’চিয়েল মিডিয়াত অহাৰ লগে লগে চিনেমা প্ৰেমীসকলে মধুবালা হিচাপে কোন অভিনেত্ৰীক চাব বিচাৰে সেই কথা প্ৰকাশ কৰিছে । ইয়াত আলিয়া ভাট, জাহ্নৱী কাপুৰ, অনন্যা পাণ্ডে, সুহানা খানৰ নাম প্ৰকাশ পাইছে । অৱশ্যে কোনে মধুবালাৰ চৰিত্ৰত অভিনয় কৰিব সেই বিষয়ে এতিয়াও কোনো তথ্য পোহৰলৈ অহা নাই ৷

মধুবালাৰ বিষয়ে

মধুবালাৰ সম্পূৰ্ণ নাম আছিল মুমতাজ জাহান বেগম দেহলৱী । দিল্লীত ১৯৩৩ চনত জন্মগ্ৰহণ কৰিছিল মধুবালাই । ১৯৬০ চনত মধুবালাই গায়ক কিশোৰ কুমাৰৰ সৈতে বিবাহপাশত আবদ্ধ হয় । ভেণ্টিকুলাৰ চেপটাল ডিফেক্ট তেওঁৰ মৃত্যুৰ কাৰণ বুলি কোৱা হয় । মধুবালাই ১৯৪২ চনৰ পৰা ১৯৬৪ চনলৈ হিন্দী চিনেমাত কাম কৰিছিল । মধুবালাই ১৯৪২ চনত ‘বসন্ত’ ছবিৰ জৰিয়তে শিশু শিল্পী হিচাপে আত্মপ্ৰকাশ কৰিছিল । ১৯৪২ চনৰ পৰা ১৯৪৬ চনলৈ মধুবালাই ৬ খন ছবিত শিশু শিল্পী হিচাপে কাম কৰিছিল ।

ইয়াৰ পিচত ১৯৪৭ চনত মধুবালাক ৰাজ কাপুৰৰ সৈতে নীল কমল ছবিত মুখ্য অভিনেত্ৰী হিচাপে দেখা গৈছিল । মধুবালাৰ মৃত্যুৰ পিচত (১৯৬৯) তেওঁৰ শেষৰখন ছবি জালৱা (১৯৭১) মুক্তি পায় । এই ছবিখনত শেষবাৰৰ তেওঁক সুনীল দত্তৰ বিপৰীতে দেখা গৈছিল ।

মধুবালাৰ হিট চিনেমা

শ্বিৰিন ফাৰহাদ (১৯৫৬)

চলতি কা নাম গাড়ী (১৯৫৮)

মোগল-ই-আজম (১৯৬০)

বৰচাত কি ৰাত (১৯৬০)

শাৰাবী (১৯৬৪)

লগতে পঢ়ক: Illaiyaraaja Biopic: কিংবদন্তি সংগীতজ্ঞ ইল্লিয়াৰাজাৰ বায়’পিকত দেখা যাব এইগৰাকী ছুপাৰষ্টাৰক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.