ETV Bharat / entertainment

চিগাৰেট অবিহনে পাৰ হোৱা নাছিল এটাও দিন কিন্তু এতিয়া... - BOLLYWOOD ACTORS WHO QUIT SMOKING

কোনোবাই সন্তানৰ স্বাৰ্থত নহ’লে আন কোনোবাই স্বাস্থ্যজনিত কাৰণত ত্যাগ কৰিছে ধূমপান ৷ জানো আহক সেইসকল বলীউড তাৰকাৰ বিষয়ে, যিয়ে সম্পূৰ্ণকৈ ত্যাগ কৰিছে ধূমপান-

Shah Rukh Khan To Salman Khan these bollywood actors who quit smoking for this reason
বলীউড তাৰকা (Photo : ANI)
author img

By ETV Bharat Entertainment Team

Published : Nov 4, 2024, 3:58 PM IST

মুম্বাই : ২ নৱেম্বৰত ৫৯ সংখ্যক জন্মদিন উদযাপন কৰে শ্বাহৰুখ খানে । এইবাৰ প্ৰথমবাৰৰ বাবে শ্বাহৰুখ খানৰ অনুৰাগীসকলে মন্নতৰ বাহিৰত তেওঁৰ আভাস দেখিবলৈ নাপালে । প্ৰতিবছৰৰ দৰে এইবাৰ জন্মদিনত অনুৰাগীক নিজৰ বাংলোৰ পৰা সাক্ষাৎ কৰি ধন্যবাদ জনাবলৈ নাহিল শ্বাহৰুখ খান ৷ তাৰ সলনি শ্বাহৰুখ খানে অনুৰাগীসকলক মুখামুখিকৈ ​​লগ কৰিবলৈ অনুৰাগীৰ সৈতে এখন বৈঠকৰ আয়োজন কৰে । বৈঠকত শ্বাহৰুখ খানে নিজৰ ব্যক্তিগত আৰু পেছাদাৰী জীৱনৰ বিষয়ে মুকলিকৈ কয় । লগতে তেওঁৰ অনুৰাগীসকলক এটা ভাল খবৰ দিলে যে তেওঁ নিজৰ সন্তানৰ স্বাৰ্থত ৩০ বছৰৰ পিছত ধূমপান এৰিছে । শ্বাহৰুখ খানৰ পূৰ্বে বহু তাৰকাই ধূমপান ত্যাগ কৰিছে । তেওঁলোকৰ বিষয়ে জানো আহক-

শ্বাহৰুখ খান

বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানে কৈছে যে তেওঁ ধূমপান ত্যাগ কৰিছে । উল্লেখ্য যে, শ্বাহৰুখে কৈছিল যে তেওঁৰ চিগাৰেটৰ আসক্তি ইমানেই বেয়া আছিল যে তেওঁ দিনে ১০০ তকৈ অধিক চিগাৰেট সেৱন কৰিছিল । জন্মদিনৰ মীট এণ্ড গ্ৰীট অনুষ্ঠানত শ্বাহৰুখ খানে কয়, “এটা ভাল খবৰ আছে যে মই আৰু ধূমপান নকৰোঁ ।” তেওঁ লগতে মন্তব্য কৰে যে ধূমপান ত্যাগ কৰাৰ পিছত উশাহ লওতে হোৱা সমস্যা হ্ৰাস পাব । জানি আচৰিত হ’ব যে শ্বাহৰুখ খানেও ৰাজহুৱা স্থানত চিগাৰেট সেৱন কৰাৰ বাবে জৰিমনা ভৰিবলগীয়া হৈছে ।

ছলমান খান

জানি আচৰিত হ’ব যে ছলমান খান আগতে চেইন স্ম’কাৰ আছিল, কিন্তু ২০১২ চনত ছলমানে চিগাৰেট এৰি দিয়াৰ সিদ্ধান্ত লয় । দৰাচলতে ছলমানে ট্ৰাইজেমিনেল নিউৰেলজিয়া (Suicide Disease) চিকিৎসা চলি থকাৰ বাবে ধূমপান এৰি দিয়ে ।

আমিৰ খান

ধূমপান কৰা তাৰকাসকলৰ মাজত বলীউডৰ মিষ্টাৰ পাৰ্ফেকশ্যনিষ্ট আমিৰ খানৰ নামো আছে । আমিৰ খানক বহুবাৰ ধূমপান কৰা দেখা গৈছে যদিও সুস্থ জীৱনশৈলী আৰু সন্তানৰ স্বাৰ্থত আমিৰ খানে ধূমপান ইতিমধ্যে ত্যাগ কৰিছে । ২০১১ চনত আজাদে জন্ম লাভ কৰাৰ পিছত আমিৰ খানে এটাও চিগাৰেট স্পৰ্শ কৰা নাই ।

ৰণবীৰ কাপুৰ

বলীউডৰ ‘এনিমেল’ ৰণবীৰ কাপুৰৰো চিগাৰেট খোৱাৰ বেয়া অভ্যাস আছিল । বৰফী ছবিখনৰ ছেটত অনুৰাগ বসুৱে ৰণবীৰক চিগাৰেট নাখাবলৈ কৈছিল । ২০১১ চনৰ কথা, মাতৃ নীতু কাপুৰৰ অনুৰোধ মৰ্মে ৰণবীৰে এই অভ্যাসটো এৰি দিয়াৰ সিদ্ধান্ত লয় । কন্যা ৰাহাৰ জন্ম হোৱাৰ পিছত ৰণবীৰ কাপুৰে চিগাৰেট খোৱাটো সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়ে ।

হৃত্বিক ৰোশন

হৃত্বিক ৰোশনকো চিগাৰেট সেৱন কৰা তাৰকাসকলৰ তালিকাত অন্তৰ্ভুক্ত কৰা হয় । ২০১৯ চনত, হৃত্বিক ৰোশনে চিগাৰেট সেৱন এৰিবলৈ চেষ্টা কৰিছিল । হৃত্বিকে চিগাৰেটক ভাইৰাছ বুলি কৈছিল । সেই সময়ত এলান কেৰীৰ ইজি ৱেজ টু ষ্টপ স্ম’কিং নামৰ কিতাপখনো প্ৰকাশ পাইছিল । মন কৰিবলগীয়া যে, হৃত্বিকে এই কিতাপখন সম্পূৰ্ণৰূপে পঢ়াৰ আগতেই চিগাৰেট সেৱন এৰি দিছিল ।

অজয় দেৱগণ

বলীউডৰ ‘সিংঘম’ এ শেহতীয়াকৈ মুক্তি পোৱা ছবি সিংঘম এগেইনৰ জৰিয়তে বক্স অফিচত খলকনি তুলিছে । অজয় দেৱগণে ৰীল আৰু ৰীয়েল লাইফত যথেষ্ট চিগাৰেট সেৱন কৰিছিল । ২০১৮ চনত ৰেইড চলচ্চিত্ৰৰ সময়ত অজয় দেৱগণে ধূমপান ত্যাগ কৰে । শ্বাহৰুখ খানৰ দৰে অজয়েও দিনে ১০০ তকৈয়ো অধিক চিগাৰেট সেৱন কৰিছিল । পত্নী কাজল আৰু জীয়েক নাইছাৰ হকা-বাধা আৰু ৰাজহুৱাভাৱে ধূমপান কৰিলে ভৰিবলগীয়া জৰিমনাৰ বাবে তেওঁ ধূমপান ত্যাগ কৰে ।

ছৈফ আলী খান

বলীউডৰ সুন্দৰ-সুঠাম অভিনেতা ছৈফ আলী খানে এক স্বাস্থ্যকৰ জীৱন যাপন কৰে । ৫০ বছৰ বয়স অতিক্ৰম কৰা ছৈফ আলী খানে এতিয়াও সুন্দৰ ব্যক্তিত্বৰে ২৫ বছৰীয়া অভিনেতাসকলক চেৰ পেলায় । ছৈফ এসময়ত চিগাৰেটৰ আসক্তিৰ বাবে অসুবিধাত পৰিছিল ৷ ২০০৭ চনত ছৈফ আলী খানৰ বুকুৰ বিষ হৈছিল আৰু যদি বাতৰিবোৰ বিশ্বাস কৰা হয়, তেন্তে তেওঁৰ হাৰ্ট এটেকো আহিছিল, যাৰ বাবে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰিব লগা হৈছিল । এই দুৰ্ঘটনাৰ পিছৰে পৰা ছৈফে আৰু কেতিয়াও চিগাৰেট স্পৰ্শ কৰা নাই ।

লগতে পঢ়ক : কুৎসিত অভিনেতাজন হৈ পৰিল বলীউডৰ কিং অফ ৰোমাঞ্চ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.