চিটাৰা ডেস্ক, 17 ফেব্ৰুৱাৰী : শনিবাৰে জ্ঞানপীঠ বাচনি সমিতিয়ে 58 সংখ্যক জ্ঞানপীঠ বঁটা ঘোষণা কৰে ৷ উৰ্দু কবি, গীতিকাৰ, লেখক, চিত্ৰনাট্যকাৰ আৰু চলচ্চিত্ৰ পৰিচালক গুলজাৰ-সংস্কৃত পণ্ডিত জগদগুৰু ৰামভদ্ৰাচাৰ্যক ২০২৩ চনৰ জ্ঞানপীঠ বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে ৷
- " class="align-text-top noRightClick twitterSection" data="">
হিন্দী চলচ্চিত্ৰলৈ তেওঁৰ অৱদানৰ বাবে জনাজাত গুলজাৰক বৰ্তমান সময়ৰ এজন বিশিষ্ট উৰ্দু কবি হিচাপে স্বীকৃতি দিয়া হয় । 2002 চনত গুলজাৰ চাহাবে উৰ্দুৰ বাবে সাহিত্য অকাদেমী বঁটা, 2013 চনত দাদা চাহেব ফাল্কে বঁটা, 2004 চনত পদ্ম ভূষণ আৰু কমেও পাঁচটা ৰাষ্ট্ৰীয় বঁটা তেওঁৰ কামৰ বাবে লাভ কৰিছে ৷ ১৯৬৩ চনত বান্দিনী চলচ্চিত্ৰত সংগীত পৰিচালক এছ ডি বৰ্মনৰ সৈতে গীতিকাৰ হিচাপে কৰ্মজীৱন আৰম্ভ কৰা গুলজাৰে সংগীত পৰিচালক যেনে আৰ ডি বৰ্মন, সলিল চৌধুৰী, বিশাল ভৰদ্বাজ আৰু এ আৰ ৰহমানৰ সৈতেও সহযোগিতা কৰিছে । তেওঁৰ কাব্যিক দক্ষতাৰ উপৰিও গুলজাৰ সংলাপ আৰু চলচ্চিত্ৰ পৰিচালনাতৰ বাবেও জনাজাত ৷ আন্ধি, মৌচম আৰু টিভি চিৰিজ মিৰ্জা গালিবৰ দৰে উল্লেখযোগ্য চলচ্চিত্ৰ পৰিচালনা কৰিছিল তেওঁ ।
দিব্যাংগ হোৱা স্বত্বেও সোতৰ বছৰ বয়সলৈকে কোনো আনুষ্ঠানিক শিক্ষা নোহোৱাকৈ ৰামভদ্ৰাচাৰ্য 22 টা ভাষাত দক্ষ, ব্ৰেইলৰ সহায় বা কোনো বাহ্যিক সহায় অবিহনেই সংস্কৃত, হিন্দী, অৱধি, মৈথিলী আৰু আন কেইবাটাও ভাষাত কবি আৰু লেখক হিচাপে তেওঁ প্ৰতিভা প্ৰদৰ্শন কৰিছে । জ্ঞানপীঠ বাছনি সমিতিয়ে এক বিবৃতিত উল্লেখ কৰিছে যে ২০২৩ বঁটা প্ৰাপ্তকৰ্তাসকল হৈছে দুটা পৃথক ভাষাৰ বিশিষ্ট লেখক - সংস্কৃত পণ্ডিত জগদগুৰু ৰামভদ্ৰাচাৰ্য আৰু প্ৰখ্যাত উৰ্দু সাহিত্যিক শ্ৰী গুলজাৰ ।
২০২২ চনৰ জ্ঞানপীঠ বঁটা গোৱান লেখক দামোদৰ মৌজোক প্ৰদান কৰা হৈছিল ।
লগতে পঢ়ক : আমিৰ খানৰ অনস্ক্ৰীণৰ সৰু কন্যা সুহানী ভাটনাগৰ আৰু নাই