ETV Bharat / entertainment

চিনেমাখনৰ ছেট নিৰ্মাণতেই ব্যয় হৈছে 11 কোটি টকা ! - Ramayana movie

Ramayana movie : নিতেশ তিৱাৰীৰ ছবি ৰামায়ণৰ ছেটৰ পৰা ভগৱান ৰামৰ পিতৃৰ চৰিত্ৰত অৰুণ গোভিল আৰু মাতৃ কৈকেয়ীৰ চৰিত্ৰত লাৰা দত্তৰ ছবি ভাইৰেল হৈ পৰিছে ।

author img

By ETV Bharat Assamese Team

Published : Apr 5, 2024, 4:14 PM IST

Lara Dutta as Kaikayi and Arun Govil as Raja Dashrath seen on Ramayana set See Viral Pics
‘ৰামায়ণ’ৰ শ্বুটিং আৰম্ভ

চিটাৰা ডেস্ক, 5 এপ্ৰিল : নিতেশ তিৱাৰীয়ে নিজৰ সপোনৰ প্ৰজেক্ট ‘ৰামায়ণ’ৰ শ্বুটিং ইতিমধ্যে আৰম্ভ কৰিছে । শেহতীয়াকৈ ছবিখনৰ বাবে নিৰ্মাণ কৰা ১১ কোটি টকাৰ অযোধ্যা ছেটৰ ফটো ভাইৰেল হৈ পৰিছে । এতিয়া ছবিখনৰ ছেটৰ পৰা কৈকেয়ীৰ চৰিত্ৰত লাৰা দত্ত আৰু ভগৱান ৰামৰ পিতৃ দশৰথৰ চৰিত্ৰত অৰুণ গোভিলক দেখা গৈছে । ছেটৰ পৰা লাৰা দত্ত আৰু অৰুণ গোভিলৰ ফটো ছ’চিয়েল মিডিয়াত প্ৰকাশ পাইছে ।

‘ৰামায়ণ’ত ভগৱান ৰামৰ চৰিত্ৰত অভিনয় কৰিব ৰণবীৰ কাপুৰে আৰু সীতাৰ চৰিত্ৰত দেখিবলৈ পোৱা যাব দক্ষিণৰ অভিনেত্ৰী সাই পল্লৱীক ৷ আনহাতে, অভিনেতা যশক ছবিখনত ৰাৱণৰ চৰিত্ৰত দেখিবলৈ পোৱা যাব ।

ৰামায়ণৰ ছেটৰ পৰা ভাইৰেল হৈ পৰা ফটোবোৰত লাৰা দত্তক দেখা গৈছে তেওঁৰ কৈকেয়ী গেটআপত । ভাইৰেল ছবিবোৰত হাঁহি থকা দেখা গৈছে অভিনেত্ৰীগৰাকীক । সমান্তৰালকৈ ভগৱান ৰামৰ পিতৃ দশৰথৰ চৰিত্ৰত অৰুণ গোভিলকো খুব আকৰ্ষণীয় ৰূপত দেখা গৈছে । দশৰথৰ গধুৰ সাজ-পোছাকতো দেখা গৈছে অভিনেতাগৰাকীক ।

এই ফটোবোৰ ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱাৰ লগে লগে অনুৰাগীৰ মাজত ছবিখনক লৈ যথেষ্ট উৎসাহ দেখিবলৈ পোৱা গৈছে ৷ বছৰ বছৰ ধৰি নিতেশ তিৱাৰীয়ে তেওঁৰ এই সপোনৰ প্ৰকল্পটোৰ বাবে প্ৰস্তুতি চলাই আহিছিল ।

সংবাদ মাধ্যমৰ খবৰ অনুসৰি ছবিখনৰ প্ৰথম দিনাই ৰণবীৰ কাপুৰ আৰু সাই পল্লৱীৰ বডি ডাবল ব্যৱহাৰ কৰি শ্বুটিং কৰা হৈছে । মুম্বাইৰ ফিল্ম চিটীত ১১ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা অযোধ্যাৰ ছেটটোৰ ফটোও ভাইৰেল হৈ পৰিছে ৷

লগতে পঢ়ক : জন্মদিনত পুষ্পা ২ ৰ শ্ৰীভাল্লীৰ ৰূপত ৰশ্মিকা মন্দন্নাৰ ফাৰ্ষ্ট লুক মুকলি - Rashmika Look From Pushpa 2

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.