ETV Bharat / entertainment

মা ষ্টুডিঅ'ত মুক্তি পালে 'লেডী ম্যাকবেথ'ৰ প্রম' ভিডিঅ - Abahan Theatre

Abahan Theatre 2024-25: আগন্তুক নাট্যবৰ্ষৰ বাবে সাজু আৱাহন গোষ্ঠী । বুধবাৰে মুক্তিলাভ কৰিলে আৱাহনৰ এই বর্ষৰ অন্যতম এখনি নাট 'লেডী ম্যাকবেথ'ৰ প্রম' ভিডিঅ' । ব্যতিক্ৰমী নাটখনি নাট্যপ্ৰেমী দৰ্শকে আদৰি ল'ব বুলি আশাবাদী প্ৰযোজিকা তথা বলিষ্ঠ অভিনেত্ৰী প্ৰস্তুতি পৰাশৰৰ লগতে কলা-কুশলী ।

author img

By ETV Bharat Assamese Team

Published : Jul 10, 2024, 10:40 PM IST

Updated : Jul 13, 2024, 4:38 PM IST

'Lady Macbeth' drama promo video of Abahan Theatre released today
মুক্তি পালে 'লেডী ম্যাকবেথ'ৰ প্রম' ভিডিঅ (ETV Bharat Assam)

গুৱাহাটী,১০ জুলাই: 2024-25 নাট্যবৰ্ষৰ বাবে কঁকালত টঙালি বান্ধিছে প্ৰতিটো ভ্ৰাম্যমাণ নাট্যদলে । দুখ-বেদনা, হাঁহি-কান্দোনৰ বিভিন্ন সংলাপেৰে মুখৰিত হৈ পৰিছে প্ৰতিটো ভ্ৰাম্যমাণ শিবিৰ । অসমৰ অন্যতম আগশাৰীৰ নাট্যদল আৱাহন থিয়েটাৰেও পূৰ্ণোদ্যমে চলাই গৈছে প্ৰস্তুতি । চলিত নাট্যবৰ্ষত অসমৰ নাট্যপ্ৰেমী দৰ্শকক মনোৰঞ্জন দিবলৈ চলোৱা প্ৰস্তুতিত কোনো ত্ৰুটি ৰখা নাই প্ৰযোজিকা তথা বলিষ্ঠ অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে ।

বিগত বৰ্ষৰ দৰেই এইবাৰো তিনিখন ভিন ভিন সোৱাদৰ নাটকৰে নাট্যবৰ্ষৰ বাবে সাজু হৈছে নাট্যদলটি । প্ৰতিটো বৰ্ষতে তৃতীয় নিশা ব্যতিক্ৰমী নাট প্ৰদৰ্শন কৰা নাট্যদলটিত এইবাৰ সংযোজিত হৈছে শ্বেক্সপিয়েৰৰ কালজয়ী নাটক ম্যেকবেথৰ আধাৰত অভিজিত ভট্টাচাৰ্যৰ অভিযোজনা লেডী ম্যেকবেথ । বুধবাৰে নাট্যদলটিয়ে ইউটিউবৰ জৰিয়তে দৰ্শকৰ মাজলৈ আগবঢ়াই দিয়ে লেডী ম্যেকবেথৰ প্ৰম' ভিডিঅ' ।

বুধবাৰে মহানগৰীৰ মা ষ্টুডিঅ'ত মুকলি কৰে প্ৰম' ভিডিঅ'টি । আনুষ্ঠানিকভাৱে প্ৰম' ভিডিঅ' মুকলি অনুষ্ঠানটিত উপস্থিত থাকে প্ৰযোজিকা প্ৰস্তুতি পৰাশৰৰ লগতে সংগীত পৰিচালক অজয় ফুকন । প্ৰম' ভিডিঅ'টি মুকলি কৰি নাটকখনৰ সন্দৰ্ভত অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে কয়,"শ্বেক্সপিয়েৰৰ কাহিনীৰ আধাৰত অভিযোজনা কৰা নাট "লেডী ম্যাকবেথ" । নাটকখন ম্যাকবেথৰ পত্নীৰ কাহিনীৰে নিৰ্মাণ কৰা হৈছে । লেডী ম্যাকবেথ চৰিত্ৰতো এটা নিগেটিভ চৰিত্ৰ । এনেকুৱা চৰিত্ৰ মই পূৰ্বে কৰা নাছিলো সেয়ে মই খুব আশাবাদী । আশাকৰো দৰ্শকে নাটকখন উপভোগ কৰি ভাল পাব ।"

উল্লেখ্য যে, এইবেলি আৱাহন থিয়েটাৰে 'মইনা কুশলে আছনে','মেডাম মেনকা' আৰু 'লেডী ম্যাকবেথ' এই তিনিখন নাটক লৈ ওলাই যাব দৰ্শকৰ মাজলৈ । নাট্যদলটিয়ে ১২ জুলাইৰ পৰা আৰম্ভ কৰিব আখৰা । তিনিওখন নাটককে দৰ্শকে আদৰি ল'ব বুলি আশাবাদী আৱাহন পৰিয়াল ।

লগতে পঢ়ক: দৰ্শকৰ মন হৰিবলৈ প্ৰস্তুতি চলোৱাত ব্যস্ত প্ৰস্তুতি পৰাশৰ - Abahan Theatre

২০২৪-২৫ নাটবর্ষৰ বাবে কেনেদৰে সাজু প্ৰস্তুতি পৰাশৰ ? ই টিভি ভাৰতৰে আছুতীয়া সাক্ষাৎকাৰ - Interview With Prastuti Porasor

ভ্ৰাম্যমাণ নাট্যবর্ষ ২০২৪-২৫ : কোনটো নাট্যদলত থাকিব আপোনাৰ প্ৰিয় অভিনেতা-অভিনেত্ৰী ? - Assam Mobile Theatre

Last Updated : Jul 13, 2024, 4:38 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.