ETV Bharat / entertainment

প্ৰথম দিনা ১ কোটি টকাও উপাৰ্জন কৰিব নোৱাৰিলে আমিৰ-কিৰণৰ লাপাতা লেডিজে

author img

By ETV Bharat Assamese Team

Published : Mar 2, 2024, 2:16 PM IST

Laapataa Ladies Box Office : ১ মাৰ্চত ছবিগৃহত মুক্তি পালে ‘লাপাতা লেডিজ’ ৷ এই ছবিখনে প্ৰথম দিনা কিমান উপাৰ্জন কৰিছে জানো আহক ৷

Laapataa Ladies Box Office Collection Day 1
লাপাতা লেডিজ বক্স অফিচ সংগ্ৰহ

চিটাৰা ডেস্ক, ২ মাৰ্চ: কিৰণ ৰাওৰ পৰিচালিত ছবি ‘লাপাতা লেডিজ’ ১ মাৰ্চত ছবিগৃহত মুক্তি লাভ কৰিছে । ছবিখনে দৰ্শকৰ লগতে সমালোচকৰ পৰাও যথেষ্ট সঁহাৰি লাভ কৰিছিল যদিও ছবিখনৰ প্ৰথম দিনাৰ বক্স অফিচৰ সংগ্ৰহ হতাশাজনক । এই ছবিখন পৰিচালনা কৰিছে কিৰণ ৰাৱে ৷ ১৪ বছৰৰ পাচত লাপাতা লেডিজৰ সৈতে পুনৰ পৰিচালকৰ ৰূপে উভতি আহিছে কিৰণ ৰাও । যদিও ছবিখনত তেওঁৰ পৰিচালনাই প্ৰশংসা লাভ কৰিছে, তথাপিও ছবিখনে বক্স অফিচত দেখুৱাব নোৱাৰিলে যাদু ৷

প্ৰথম দিনা কিমান উপাৰ্জন কৰিলে ছবিখনে ?

Sacknilk ৰ প্ৰতিবেদন অনুসৰি, ‘লাপাতা লেডিজ’ মুক্তিৰ প্ৰথম দিনা মাত্ৰ ৬৫ লাখ টকাৰ ব্যৱসায় কৰিছে । ছবিখন বক্স অফিচত মুখামুখি হৈছিল ছবি ‘অপাৰেশ্যন ভেলেণ্টাইন’ৰ সৈতে , যিয়ে প্ৰথম দিনা ১.২৫ কোটি টকা উপাৰ্জন কৰিছে । স্পষ্টভাৱে ‘লাপাতা লেডিজ’ৰ উপাৰ্জনত এই ছবিখনৰ দ্বাৰা প্ৰভাৱিত হৈছে । অৱশ্যে সপ্তাহৰ শেষৰ ফালে ছবিখনৰ উপাৰ্জন বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ।

'লাপাতা লেডিজ' ছবিখনৰ বিষয়ে-

‘লাপাতা লেডিজ’ ছবিখন প্ৰযোজনা কৰিছে আমিৰ খানে আৰু ইয়াৰ পৰিচালনা কৰিছে কিৰণে । এই ছবিখনৰ বিশেষত্ব হ’ল এই ছবিখনত হাঁহি হাঁহি প্ৰকৃত সত্য কোৱা হয় ৷ এই ছবিখনত আৰক্ষী বিষয়াৰ চৰিত্ৰত ৰবি কিষানে অভিনয় কৰাৰ বিপৰীতে নৱাগতসকলেও ভাল অভিনয় কৰে । দুগৰাকী কইনাৰ অজানিতে আদান-প্ৰদানৰ কাহিনী দেখুওৱা হয় ছবিখনত ।

এখন ছবি হিট হোৱাটো এটা ডাঙৰ প্ৰত্যাহ্বান !

দৰ্শকৰ পৰা পোৱা প্ৰশংসাৰ বাবে মানুহে ছবিখন চাবলৈ চিনেমাহললৈ যাব পাৰে, কিন্তু ছবিখনৰ প্ৰথম দিনাৰ উপাৰ্জন বৰ ভাল নহয় ৷ আচলতে ছবিখনৰ বাজেট ২০ কোটি টকা বুলি কোৱা হয় । এই দৃষ্টিকোণৰ পৰা ছবিখন হিট হ’বলৈ কমেও ৩০ কোটি টকা সংগ্ৰহ কৰিব লাগিব, যদিও প্ৰথম দিনাৰ উপাৰ্জনৰ প্ৰতি লক্ষ্য ৰাখি এই ছবিখন হিট হ’ব নে নহ’ব সেয়া কোৱাটো টান ।

লগতে পঢ়ক: ৰাধিকা-অনন্তৰ প্ৰি-ৱেডিঙত অনুষ্ঠান পৰিৱেশন কৰি ভাৰতৰ পৰা উভতিল ৰিহানা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.