ETV Bharat / entertainment

পুলকিত-কৃতিৰ বিয়াৰ মেনুত থাকিব দিল্লীৰ চাটৰ পৰা আৰম্ভ কৰি মহাৰাষ্ট্ৰ-ৰাজস্থানৰ ব্যঞ্জনলৈকে

author img

By ETV Bharat Assamese Team

Published : Mar 15, 2024, 1:30 PM IST

Pulkit- Kriti Wedding: পঞ্জাৱী ৰীতি-নীতিৰে আজি বিবাহপাশত আৱদ্ধ হ’ব পুলকিত সম্ৰাট আৰু কৃতি খৰবন্দা । এই বিয়াত কেৱল পৰিয়াল আৰু বন্ধু-বান্ধৱীহে উপস্থিত থাকিব ।

Kriti Kharbanda and  Pulkit Samrat's Wedding menu revealed
পুলকিত সম্ৰাট আৰু কৃতি খৰবন্দাৰ বিয়া

চিটাৰা ডেস্ক, ১৫ মাৰ্চ: পুলকিত সম্ৰাট আৰু কৃতি খৰবন্দা বলীউডৰ জনপ্ৰিয় প্ৰেমিক যুগল । দীৰ্ঘদিন ধৰি প্ৰেমৰ সম্পৰ্কত আছে পুলকিত আৰু কৃতি । কিন্তু এই সম্পৰ্কক এতিয়া বিবাহৰ নাম দিবলৈ সাজু হৈছে এই প্ৰেমিক যুগল ৷ আজি পুলকিত আৰু কৃতিয়ে যুগ্ম জীৱনৰ পাতনি মেলিব । আচলতে আজি দিল্লীৰ আইটিচি গ্ৰেণ্ডত এই প্ৰেমিক যুগলে বিবাহপাশত আৱদ্ধ হ’ব । অৱশ্যে এই বিয়াখন অতি গোপন ভাৱে অনুষ্ঠিত হ’ব, যাৰ বাবে বিয়াৰ সৈতে জড়িত সবিশেষ তথ্যও গোপন কৰি ৰাখিছে । অৱশ্যে পুলকিত-কৃতিৰ বিয়াৰ মেনু সম্পৰ্কীয় নতুন তথ্য পোহৰলৈ আহিছে । বিশেষ কথাটো হ’ল এই মেনু খোদ প্ৰস্তুত কৰিছে হ’বলগীয়া দৰা পুলকিতে ।

ই টাইমছৰ প্ৰতিবেদন অনুসৰি পুলকিতে ভাল খাদ্যৰ প্ৰতি আকৰ্ষিত, সেয়েহে তেওঁৰ বিয়াৰ বাবে এক আচৰিত আৰু সুস্বাদু মেনু প্ৰস্তুত কৰাৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিছে । সমগ্ৰ দিল্লীৰ ছটা ভিন্ন আইকনিক স্পটৰ চাটকো মেনুত অন্তৰ্ভুক্ত কৰা হৈছে । ইয়াৰ উপৰিও পুলকিত-কৃতিৰ বিয়াৰ মেনুত আৰু বহু বিশেষ খাদ্য আছে । ভাৰতৰ বিভিন্ন অঞ্চলক প্ৰতিনিধিত্ব কৰা বিশেষ খাদ্যও অন্তৰ্ভুক্ত কৰা হৈছে, যিয়ে উদযাপনত সাংস্কৃতিক সমৃদ্ধি যোগ কৰে । পুলকিত আৰু কৃতিৰ বিয়াত অতিথিসকলে কলকাতা, বাৰাণসী, ৰাজস্থান, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ আৰু দিল্লীৰ সুস্বাদু খাদ্যৰ সোৱাদ ল’ব পাৰিব ।

পাঞ্জাবী ৰীতি-নীতি অনুসৰি হ’ব বিয়া

পুলকিত আৰু কৃতিয়ে জীৱনৰ এক নতুন অধ্যায় আৰম্ভ কৰিবলৈ লৈছে । খবৰ অনুসৰি এই যুটিটোৱে প্ৰি-ৱেডিং অনুষ্ঠানত হালধি অনুষ্ঠানত নূৰ জোৰাৰ গিদ্ধা দলটোৱে বিশেষ অনুষ্ঠান পৰিৱেশন কৰিছিল । ইফালে পাঞ্জাৱী ৰীতি-নীতি অনুসৰি আজি বিবাহপাশত আবদ্ধ হ’ব পুলকিত-কৃতি ।

পুলকিত-কৃতিৰ বিয়াৰ থিম কি হ’ব ?

উল্লেখ্য যে, এই দম্পতীয়ে নিজৰ বিশেষ দিনটো যথেষ্ট অন্তৰংগ কৰি ৰাখিছে । কেৱল কৃতি আৰু পুলকিতৰ পৰিয়াল আৰু ঘনিষ্ঠ বন্ধুসকলেহে বিয়াত উপস্থিত থাকিব । সংবাদ মাধ্যমৰ খবৰ অনুসৰি এই বিয়াৰ থিম পেষ্টেল হ’ব । বলীউডৰ বহু তাৰকাও এই বিয়াত উপস্থিত হোৱাৰ সম্ভাৱনা আছে ।

এয়া পুলকিতৰ দ্বিতীয় বিবাহ কৃতিৰ সৈতে

উল্লেখ্য যে, পুলকিত সম্ৰাটৰ কৃতি খৰবন্দাৰ সৈতে এয়া দ্বিতীয় বিবাহ । ইয়াৰ পূৰ্বে ফুকৰে অভিনেতাগৰাকীয়ে ছলমান খানৰ পাতিলোৱা ভনীয়েক শ্বেতা ৰোহিৰাক বিয়া কৰাইছিল । কিন্তু পুলকিতৰ প্ৰথম বিবাহ ১১ মাহো চলিব নোৱাৰাত শ্বেতা ৰোহিৰাৰ লগত বিবাহ বিচ্ছেদ হয় ।

লগতে পঢ়ক: ছমীৰ সৈতে দ্বিতীয় বিবাহৰ পিচত ৰাখীৰ বিষয়ে কি ক’লে আদিল খান দুৰানীয়ে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.