ETV Bharat / entertainment

প্ৰথমে সমালোচনা তাৰ পাচত প্ৰশংসা, শেষ হোৱাৰ পথত কিৰণ-সন্দীপৰ মাজৰ বিবাদ ! - Kiran Rao on Sandeep Reddy Vanga

Kiran Rao : বিগত কিছুদিন ধৰি চৰ্চাত আছে কিৰণ ৰাও আৰু সন্দীপ ৰেড্ডী ভাংগাৰ মাজত চলি থকা বিবাদ । বিবাদ চলি থকাৰ মাজতে এতিয়া কিৰণ ৰাৱে সন্দীপ ভাংগা ৰেড্ডীক প্ৰশংসা কৰিছে ৷ এই বিষয়ে সবিশেষ জানো আহক এই প্ৰতিবেদনত ৷

Kiran Rao expresses desire to watch Sandeep Reddy's Animal after debacle over misogynistic films
শেষ হোৱাৰ পথত কিৰণ-সন্দীপৰ মাজৰ বিবাদ !
author img

By ETV Bharat Assamese Team

Published : Mar 13, 2024, 5:04 PM IST

চিটাৰা ডেস্ক, ১৩ মাৰ্চ: ‘এনিমেল’ৰ পৰিচালক সন্দীপ ৰেড্ডী ভাংগা আৰু আমিৰ খানৰ প্ৰাক্তন পত্নী কিৰণ ৰাওৰ মাজত হোৱা বিবাদ এতিয়া শেষ হোৱাৰ দিশত । কিৰণ ৰাৱে সলনি কৰিলে পূৰ্বে দিয়া নিজৰ মন্তব্য ৷ শেহতীয়াকৈ কিৰণে সন্দীপ ৰেড্ডী ভাংগাৰ প্ৰশংসা কৰাৰ লগতে, তেওঁৰ ছবিখন চোৱাৰ কথাও উল্লেখ কৰে । এটা সময়ত কিৰণ ৰাৱে কৈছিল যে তেওঁ নাৰী বিৰোধী ছবিৰ বিৰোধিতা কৰে, কিন্তু লাহে লাহে যেন সলনি হৈছে তেওঁৰ মতামত ৷ এইখিনিতে উল্লেখ কৰিব লাগিব যে, ‘এনিমেল’ৰ বিৰুদ্ধে নাৰী বিৰোধী ছবি বুলি অভিযোগ উত্থাপন হৈছিল ।

কিৰণ ৰাৱে চাব ‘এনিমেল’

এক সাক্ষাৎকাৰত পৰিচালক-প্ৰযোজক কিৰণ ৰাৱে প্ৰকাশ কৰে যে যদিও তেওঁ এতিয়াও ছবিখন চোৱা নাই, তথাপিও তেওঁ ছবিখনক এটা সুযোগ দিব বিচাৰিব, কাৰণ দৰ্শকে ছবিখন ভাল পাইছে । কিন্তু কিৰণে পূৰ্বে স্পষ্টকৈ কৈছিল যে তেওঁ এনে ছবি চাব নিবিচাৰে কাৰণ সেইবোৰ তেওঁৰ চিন্তাৰ লগত মিল নাই । ইয়াৰ উপৰিও তেওঁ নাৰীৰ চিত্ৰণক লৈও প্ৰশ্ন উত্থাপন কৰিছিল ।

সন্দীপৰ প্ৰশংসা কৰিলে কিৰণে

‘লাপতা লেডিজ’এ লাভ কৰা ভাল সঁহাৰিৰ কথা কৈ কিৰণে কয় যে সমালোচক আৰু দৰ্শক উভয়ৰে বাবে এখন ছবি ভাল পোৱাটো বিৰল । তেওঁ লগতে কয় যে দৰ্শকে একশ্যন ভৰ্তি ছবিৰ প্ৰতি অধিক আকৰ্ষিত, আনহাতে সমালোচকে সদায় তেনে নকৰে ।

তেওঁ কয়, ‘‘লাপাতা লেডিজে ইমান মৰম পাইছে, মই কৃতজ্ঞ । সমালোচকসকলেও ভাল পাইছে । যেতিয়া দৰ্শকে ছবি এখন ভাল পায়, তেতিয়া সমালোচকেও ছবিখন ভাল পোৱাটো প্ৰায়ে প্ৰয়োজনীয় নহয় । আজিকালি দৰ্শকে একশ্যন-পেকড, ভিএফএক্স ছবি ভাল পায় । 'এনিমেল'ৰ দৰে চিনেমা চাই ভাল পায় । চিনেমাখন চাব মন যায়, ই গুৰুত্বপূৰ্ণ । এই ছবিখনে বক্স অফিচত সফলতা লাভ কৰিছে, কাৰণ ছবিখনক দৰ্শকে ভাল পাইছে ৷ শুনিছোঁ সন্দীপ ৰেড্ডী ভাংগাৰ কলা সঁচাকৈয়ে ভাল । তেওঁ নিজৰ কামত খুব ভাল । ৰণবীৰ কাপুৰো এজন ভাল অভিনেতা । এইখন মোৰ বাবে আকৰ্ষণীয় ছবি হ’ব ।’’

কি আছিল বিবাদ ?

ইয়াৰ আৰম্ভণি কিৰণ ৰাওৰ এটা বক্তব্যৰ পৰা হৈছিল, য’ত তেওঁ ‘কবীৰ সিং’ বা ‘বাহুবলী’ৰ দৰে ছবিৰ নাম স্পষ্টকৈ নোলোৱাকৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছিল যে আজিকালি এনে ছবি নিৰ্মাণ কৰা হৈছে যিবোৰ নাৰী বিৰোধী । এনে ছবিবোৰত দেখা গৈছে নাৰীৰ প্ৰতি ঘৃণা ।

কিৰণ ৰাওৰ এই বক্তব্যক লৈ সন্দীপ ৰেড্ডী ভাংগাই তেওঁৰ এটা সাক্ষাৎকাৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল । সন্দীপ ভাংগাই কিৰণ ৰাওক সমালোচনা কৰিছিল । আমিৰ খানৰ ছবিত দোষ বিচাৰি উলিয়াবলৈ কৈছিল আৰু কিৰণ ৰাওক প্ৰাক্তন স্বামীক বুজাবলৈ কৈছিল । আমিৰ খানৰ ৰোমান্টিক ছবি ‘দিল’ৰ উদ্ধৃতি দি সন্দীপে কয় যে কিৰণ ৰাওৰ যদি কিবা চিন্তা আছে তেন্তে সেইবোৰ আমিৰ খানলৈ পঠিয়াব লাগে, য’ত মুখ্য অভিনেত্ৰীগৰাকীৰ নাম ‘খাম্বা’। কিন্তু বিতৰ্কটো আৰু অধিক বাঢ়ি যায় যেতিয়া কিৰণ ৰাওক ‘সেই মহিলাগৰাকী’ আৰু ‘ছুপাৰষ্টাৰৰ প্ৰাক্তন পত্নী’ বুলি ভাংগাই সম্বোধন কৰে ৷ এই বিষয়টো ইয়াতেই শেষ হোৱা নাছিল । এই কথাত কিৰণেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল ।

কিৰণে স্পষ্টীকৰণ দিছিল

এই বক্তব্য ভাইৰেল হোৱাৰ পাচত কিৰণ ৰাওৱেও এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল । তেওঁ কয় যে তেওঁ নিৰ্দিষ্ট ছবিৰ কথা উল্লেখ কৰা নাই । ইয়াৰ লগতে কিৰণ ৰাৱে কয় যে সন্দীপ ৰেড্ডী ভাংগাই মনতে ভাবিছিল যে তেওঁক টাৰ্গেট কৰিছে । কিৰণ ৰাৱে আমিৰ খানক প্ৰশংসা কৰি কয়, ‘‘আচলতে মই চিনাকি কেইজনমান মানুহৰ ভিতৰত আমিৰ এজন যিয়ে মিষ্টাৰ ভাংগাই কোৱা গীতটোৰ বাবে বিশেষভাৱে ক্ষমা খুজিছিল, ‘খাম্বে জয়ছি খাড়ি হে’ আৰু এনেধৰণৰ আন আন ছবিৰ বাবে । নিজৰ কামবোৰলৈ উভতি চাই নিজৰ ভুল উপলব্ধি কৰি এনে কামৰ বাবে ক্ষমা বিচৰা মানুহ খুব কমেইহে পোৱা যায় ।

লগতে পঢ়ক: আমিৰ খান-ৰীনা দত্তৰ বিবাহ বিচ্ছেদৰ কাৰণ কিৰণ ৰাও নাছিল, খোদ প্ৰকাশ কৰিলে আমিৰৰ প্ৰাক্তন পত্নীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.