ETV Bharat / entertainment

ব্যক্তিগত সুখৰ বাবে আমিৰৰ পৰা আঁতৰি অহাটো জৰুৰী আছিল - KIRAN RAO AAMIR KHAN DIVORCE

author img

By ETV Bharat Assamese Team

Published : Jul 22, 2024, 1:52 PM IST

Kiran Rao Aamir Khan realationship: আমিৰ খানৰ পৰা বিচ্ছেদক ​​‘সুখী বিবাহ বিচ্ছেদ’ বুলি অভিহিত কৰিছে কিৰণ ৰাৱে ৷ সুখৰ বাবে এই সিদ্ধান্ত গুৰুত্বপূৰ্ণ আছিল বুলি উল্লেখ কৰে তেওঁ ৷

Krian Rao Calls Split from Aamir Khan a 'Happy Divorce', Says Decision Was Important for Her Happiness
আমিৰ-কিৰণ (ANI)

চিটাৰা ডেস্ক, 22 জুলাই : বলীউডৰ চুপাৰষ্টাৰ আমিৰ খান আৰু তেওঁৰ চলচ্চিত্ৰ নিৰ্মাতা পত্নী কিৰণ ৰাৱে বিবাহৰ 15 বছৰৰ পিচত 2021 চনত পৃথকে থাকিবলৈ লয় । তেওঁলোকৰ বিচ্ছেদ সম্পৰ্কত কিৰণে কয় যে এই সিদ্ধান্তই তেওঁক অপৰিসীম আনন্দ প্ৰদান কৰিছিল ৷ এই বিচ্ছেদক 'সুখী বিবাহ বিচ্ছেদ' বুলি অভিহিত কৰে কিৰণে । বিভাজনৰ পিচতো, বিচ্ছিন্ন দম্পতী ঘনিষ্ঠ বন্ধু হৈ আছে ৷ তেওঁলোকৰ পুত্ৰ আজাদৰ সহ-প্ৰতিপালন কৰে দুয়োৱে ।

চলচ্চিত্ৰ নিৰ্মাতা কিৰণ ৰাৱে প্ৰাক্তন স্বামী আমিৰ খানৰ সৈতে তেওঁৰ সম্পৰ্কৰ বিষয়ে প্ৰতিফলিত কৰিছে । তিনি বছৰ আগতে তেওঁলোক আঁতৰি আহিছিল ইজনে সিজনৰ পৰা, কিন্তু এতিয়াও তেওঁলোক ঘনিষ্ঠ বন্ধু হৈ আছে আৰু তেওঁলোকৰ পুত্ৰক দুয়োৱে সহ-প্ৰতিপালন কৰি আছে । তেওঁলোকৰ শেহতীয়া যুটীয়া প্ৰকল্প লাপাটা লেডিজৰ পৰিচালনা আৰু প্ৰযোজনাই ইতিবাচক প্ৰতিক্ৰিয়া লাভ কৰে ।

শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত কিৰণে আমিৰৰ সৈতে হোৱা বিবাহ বিচ্ছেদৰ বিষয়টোৰ ওপৰত গভীৰভাৱে গুৰুত্ব আৰোপ কৰে ৷ সম্পৰ্কবোৰ কেনেকৈ বিকশিত হয় আৰু সময়ৰ লগে লগে প্ৰায়ে সম্পৰ্ক এটাক পুনৰ সংজ্ঞা দিয়াৰ প্ৰয়োজনীয়তা সন্দৰ্ভত কিৰণে মত প্ৰকাশ কৰে । কিৰণৰ মতে, পৃথক হোৱাৰ সিদ্ধান্ত তেওঁৰ সুখৰ বাবে গুৰুত্বপূৰ্ণ আছিল আৰু তেওঁ প্ৰকাশ কৰে যে এই সিদ্ধান্তই তেওঁৰ বাবে অপৰিসীম আনন্দ কঢ়িয়াই আনিছে ৷ এই সিদ্ধান্তক "সুখী বিবাহ বিচ্ছেদ" বুলি অভিহিত কৰে তেওঁ ।

আমিৰৰ সৈতে সম্পৰ্কৰ পূৰ্বে কিৰণে নিজৰ স্বাধীনতা উপভোগ কৰিছিল আৰু কেতিয়াবা নিসংগতা অনুভৱ কৰিছিল । কিন্তু এতিয়া আৰু তেওঁ নিসংগতা অনুভৱ নকৰে ৷ পুত্ৰ আজাদ আৰু দুয়োৰে পৰিয়ালৰ অটল সমৰ্থন তেওঁৰ বাবে বহুত । কিৰণে তেওঁৰ বিবাহ বিচ্ছেদক ​​ইতিবাচক ধৰণে গ্ৰহণ কৰে ।

লগতে পঢ়ক : প্ৰাক্তন পত্নী কিৰণ ৰাওৰ সৈতে ৫৯ সংখ্যক জন্মদিন উদযাপন আমিৰ খানৰ, অনুৰাগীৰ পৰা বিচাৰিলে এই উপহাৰ

1986 চনত আমিৰ খানৰ ৰীনা দত্তৰ সৈতে বিবাহ হৈছিল, যাৰ সৈতে তেওঁৰ এগৰাকী কন্যা ইৰা আৰু পুত্ৰ জুনেইদ খান আছে । 16 বছৰ একেলগে থকাৰ পিচত 2002 চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ ঘটে । 2005 চনৰ 28 ডিচেম্বৰত আমিৰ আৰু কিৰণ বিবাহপাশত আবদ্ধ হয় আৰু 2011 চনত ছেৰ’গেচিৰ জৰিয়তে পুত্ৰ আজাদক তেওঁলোকৰ জীৱনলৈ আদৰণি জনায় । বিবাহৰ 15 বছৰৰ পিচত 2021 চনত বিচ্ছেদৰ কথা ঘোষণা কৰে তেওঁলোকে ।

লাপাটা লেডিজৰ প্ৰচাৰৰ সময়ত, কিৰণে এবাৰ কৈছিল যে তেওঁৰ আৰু আমিৰৰ মাজত কোনো তিক্ততা নাই । তেওঁলোকৰ স্থায়ী প্ৰেম, সন্মান আৰু একেলগে শ্বেয়াৰ কৰা ইতিহাসৰ বিষয়ে কিৰণে কয় যে তাত উমৈহতীয়া মূল্যবোধো অন্তৰ্ভুক্ত আছে । ৰাওৱে জোৰ দি কৈছিল যে বিবাহ বিচ্ছেদৰ পিচতো তেওঁলোকৰ বন্ধন শক্তিশালী আৰু অৰ্থপূৰ্ণ হৈয়ে আছে আৰু ভৱিষ্যতেও তেনেদৰেই থাকিব । আমিৰ আৰু ৰীনাৰ জীয়ৰী ইৰাৰ বিয়াতো উপস্থিত আছিল কিৰণ আৰু তেওঁ এতিয়াও তেওঁলোকৰ সম্প্ৰসাৰিত পৰিয়ালৰ এক অবিচ্ছেদ্য অংশ হৈ আছে ।

কিৰণ আৰু ৰীনাক বহুবাৰ একেলগে দেখা গৈছে আৰু দুয়োৰে মাজত আছে এক ভাল বন্ধুত্বপূৰ্ণ সম্পৰ্ক । তেওঁলোকৰ অগতানুগতিক পাৰিবাৰিক সম্পৰ্ক সন্দৰ্ভত কৌতূহল দেখি কিৰণে এক সাক্ষাৎকাৰত মন্তব্য কৰে, "যেতিয়া এইটো আৰম্ভ হৈছিল তেতিয়া মই যথেষ্ট আচৰিত হৈছিলো । যেতিয়াই ৰীনা আৰু মই একেলগে কৰবালৈ গৈছিলো, কেমেৰাবোৰে আমাক খেদি ফুৰিছিল । তেওঁলোক আনকি আমিৰৰ প্ৰতিও আগ্ৰহী নহয় সেই সময়ত । ৰীনা আৰু মই এনেকুৱা, "ঠিক আছে, আমি একেলগে হাঁহিম কাৰণ আমি বন্ধু । এইটো ইমান ডাঙৰ কথা কেনেকৈ হ’ব পাৰে ?"

নিজৰ প্ৰাক্তন প্ৰেয়সী, প্ৰাক্তন পত্নী আৰু প্ৰাক্তনৰ কোনোবা প্ৰাক্তনৰ সৈতে বন্ধুত্ব কৰিব বিচৰাসকলক টিপছ দিবলৈ পাই সুখী বুলি উল্লেখ কৰে কিৰণে । তেওঁৰ ভাষ্য, "আমাক এনে অধিক মানুহৰ প্ৰয়োজন যিয়ে দেখুৱাই যে বিবাহ এটা সুন্দৰ সম্পৰ্ক, আৰু মানুহে ইয়াৰ পৰা ওলাই আগবাঢ়ি যাব পাৰে আৰু বন্ধু বা পৰিয়াল হিচাপে নিজৰ সম্পৰ্ক অব্যাহত ৰাখিব পাৰে ।"

লগতে পঢ়ক : আমিৰ খান-ৰীনা দত্তৰ বিবাহ বিচ্ছেদৰ কাৰণ কিৰণ ৰাও নাছিল, খোদ প্ৰকাশ কৰিলে আমিৰৰ প্ৰাক্তন পত্নীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.