ETV Bharat / entertainment

‘তৌবা তৌবা’ ত নাচিবলৈ পত্নীৰ অনুমোদন লৈছিল বিকীয়ে ! - Katrina Kaif on vicky dance

author img

By ETV Bharat Assamese Team

Published : Jul 10, 2024, 11:11 AM IST

Katrina Kaif reacts to Vicky Kaushal Dance: পত্নীৰ অনুমোদন সাপেক্ষেহে বিকীৰ ‘তৌবা তৌবা’: অনুৰাগীয়ে কেটৰিণাক আচলতে ধন্যবাদ দিয়া উচিত ৷ অনুমোদনৰ পাচত এতিয়া স্ক্ৰীণত স্বামীৰ নৃত্য দেখি কেটৰিণাৰ মুখৰ পৰা কি ওলাল জানো আহক-

Katrina Kaif reacts to Vicky Kaushal dance performance on the song 'Tauba Tauba' from 'Bad Newz'
বিকী-কেটৰিণা (IMAGE- ANI)

চিটাৰা ডেস্ক, 10 জুলাই : এইকেইদিন মাথো সকলোৰে মুখত ‘তৌবা তৌবা’ ৷ কি গান তৌবা তৌবা, কি নৃত্যৰ ভংগী তৌবা তৌবা, কি নাচিছে বিকীয়ে তৌবা তৌবা ! গানটো শুনিলেতো নাচো নাচো লাগেই, তাতে স্ক্ৰীণত বিকী কৌশলৰ নৃত্য ভংগীমা দেখিলে নিজক ৰখাবলৈ আৰু দিগদাৰ ৷

আহি আছে এখন নতুন চিনেমা ‘বেড নিউজ’ ৷ আমি উল্লেখ কৰা তৌবা তৌবা শব্দ দুটা সেই ছবিখনৰ এটা গানৰ শিৰোনাম ৷ মুক্তিৰ পিচতেই খলকনি লগাইছে গানটোৱে ৷ ইনষ্টাগ্ৰাম খুলিলেই কাণত বাজি উঠে তৌবা তৌবা ৷ নেটিজেনে ৰীলছ বনাই বনাই টেগ কৰি আছে বিকীক ৷ অভিনেতাজনেও শ্বেয়াৰ কৰিছে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত ৷ এই গানটোত বিকীৰ নৃত্য দেখি অবাক হৈ পৰে অনুৰাগী ৷ সকলোৰে মনত প্ৰশ্ন কেটৰিণাই কেনে অনুভৱ কৰিছে বাৰু ?

শেহতীয়াকৈ বিকীয়ে খোদ ক’লে পত্নী কেটৰিণা কাইফে ‘তৌবা তৌবা’ ক লৈ কেনে প্ৰতিক্ৰিয়া দিছে । কেৱল এয়াই নহয় নৃত্য দেখি পত্নীয়ে তেওঁক টিপছ এটাও দিলে বুলি জানিবলৈ দিয়ে অভিনেতাজনে ।

আনন্দ তিৱাৰীৰ পৰিচালনাত ছবি ‘বেড নিউজ’ত দেখিবলৈ পোৱা যাব বিকী কৌশলক । এতিয়া ছবিখনৰ প্ৰচাৰৰ সমান্তৰালকৈ তেওঁ নৃত্য ভংগীমাৰ বাবে শিৰোনাম দখল কৰি আছে । তেওঁৰ ধেমেলীয়া সংলাপেই হওক বা ‘তৌবা তৌবা’ত তেওঁৰ নৃত্যৰ ভংগীমাই হওক, কৰণ জোহৰৰ প্ৰডাকচনত তেওঁক চাবলৈ আগ্ৰহী হৈ আছে অনুৰাগীসকল ।

লগতে পঢ়ক : কেটৰিণাৰ গৰ্ভধাৰণৰ খবৰ সন্দৰ্ভত বিকি কৌশলৰ প্ৰতিক্ৰিয়া: ক’লে উপভোগ কৰক 'Bad Newz' - Vicky reacts on Katrina Pregnancy

এক সাক্ষাৎকাৰত বিকী কৌশলে প্ৰকাশ কৰে যে কেটৰিণা কাইফে ‘তৌবা তৌবা’ গীতটোত তেওঁ অভিনয় কৰিবলৈ অনুমোদন জনাইছিল । কেটৰিণাই গানটো পৰীক্ষাও কৰিছিল । বিকীয়ে লগতে আৰু কয় যে তেওঁ অতি মুক্তভাৱে নৃত্য কৰা কথাটোৰ প্ৰশংসা কৰে কেটৰিণাই ।

অভিনয় সন্দৰ্ভত এটা টিপছ দি পত্নী কেটৰিণাই স্বামীক কয় যে তেওঁ শৰীৰটো লৰচৰ কৰাৰ সময়ত কিছু নিয়ন্ত্ৰণ কৰাৰ অভ্যাস কৰিব লাগিব । বিকীয়ে কয় যে কেটৰিণাই যেতিয়া ‘তৌবা তৌবা’ গীতটো দেখিছিল তেতিয়া তেওঁক ‘পাৰফেক্ট’ বুলি অভিহিত কৰিছিল । ‘বেড নিউজ’ৰ অভিনেতাগৰাকীয়ে এই গীতটোৰ সকলো অংশই ভাল পোৱা বুলি জানিবলৈ দিয়ে ।

'তৌবা তৌবা' গানটো মুকলি হোৱাৰ আগতে, বিকী কৌশলে ইনষ্টাগ্ৰামত নিজৰ এটা ভিডিঅ' শ্বেয়াৰ কৰিছিল য'ত তেওঁ গায়ক কৰণ ঔজলাৰ সৈতে প্ৰদৰ্শন কৰিছিল । ক্লিপটোত, অভিনেতা আৰু গায়কজনক ট্ৰেকটোত একেলগে নৃত্য কৰা দেখা যায় ।

বিকী কৌশলৰ লগতে বেড নিউজত মুখ্য চৰিত্ৰত অভিনয় কৰিছে এনিমেল খ্যাত অভিনেত্ৰী তৃপ্তী ডিমৰী আৰু ৮৩ ৰ অভিনেতা এমি বিৰ্ক । নেহা ধুপিয়াইয়ো ছবিখনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে । ছবিখনত কেটৰিণাৰ উপৰিও টাইগাৰ শ্ৰফকো দেখা যাব । ২০২৪ চনৰ ১৯ ​​জুলাইত মুক্তি পাব বেড নিউজ ।

লগতে পঢ়ক : বিকীৰ নৃত্য-ছলমানৰ মুখত তৌবা তৌবা - Vicky Kaushal tauba tauba

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.