ETV Bharat / entertainment

বিজয় সেতুপতিৰ প্ৰশংসাত পঞ্চমুখ কেটৰিণা - Katrina Kaif Praises Maharaja

author img

By ETV Bharat Assamese Team

Published : Jul 26, 2024, 11:17 AM IST

Katrina Kaif Praises Vijay Sethupath: কেটৰিণা কাইফে মেৰী খ্ৰীষ্টমাছৰ সহ-তাৰকা বিজয় সেতুপতিৰ প্ৰশংসা কৰিছে ৷ মহাৰাজা ছবিখনৰ জৰিয়তে অবিশ্বাস্য কাহিনী কোৱাৰ বাবে অভিভূত হৈ পৰে তেওঁ ৷

Katrina Kaif All Praises for Merry Christmas Co-Star Vijay Sethupathi; Raves about His Film Maharaja for 'Incredible Storytelling'
বিজয় সেতুপতীৰ প্ৰশংসা কৰিছে কেটৰিণাই (ANI/Film Poster)

চিটাৰা ডেস্ক, 26 জুলাই : বলীউড অভিনেত্ৰী কেটৰিণা কাইফ বৰ্তমান ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা আঁতৰি আছে ৷ নিজৰে সৈতে সময় উপভোগ কৰিছে অভিনেত্ৰীগৰাকীয়ে ৷ শেহতীয়াকৈ বিজয় সেতুপতি অভিনীত মহাৰাজা ছবিখন চাইছিল তেওঁ । মহাৰাজাত অনুৰাগ কাশ্যপ আৰু বিজয় সেতুপতিয়ে মুখ্য চৰিত্ৰত অভিনয় কৰিছে আৰু শেহতীয়াকৈ অ'টিটিত মুক্তি পাইছে ছবিখনে ।

Katrina Kaif All Praises for Merry Christmas Co-Star Vijay Sethupathi; Raves about His Film Maharaja for 'Incredible Storytelling'
কেটৰিণাৰ ইনষ্টা ষ্ট’ৰী (Katrina Kaif Instagram Story)

মহাৰাজা ছবিখন চাই অভিভূত হৈ পৰে কেটৰিণা কাইফ ৷ কেটৰিণাই এই ছবিখন চোৱাৰ পিচত এক নিজৰ মনৰ ভাৱ শ্বেয়াৰ কৰে । বিজয় আৰু কেটৰিণাই শ্ৰীৰাম ৰাঘৱনৰ সমালোচকৰ দ্বাৰা প্ৰশংসিত মেৰী খ্ৰীষ্টমাছত একেলগে কাম কৰিছিল । অভিনেত্ৰীগৰাকীয়ে ছ’চিয়েল মিডিয়া হেণ্ডেলত মহাৰাজা সন্দৰ্ভত মনোভাৱ ব্যক্ত কৰে ।

ইনষ্টাগ্ৰাম ষ্ট'ৰীজত কেটৰিণাই লিখিছে, "কি চিনেমা... অবিশ্বাস্য কাহিনীৰ বৰ্ণনা ।" উৎসাহজনক শব্দৰ প্ৰয়োগেৰে তেওঁ অভিনেতা বিজয় সেতুপতি আৰু অনুৰাগ কাশ্যপক টেগ কৰে আৰু পৰিচালক নিথিলান স্বামীনাথনৰো প্ৰশংসা কৰে ।

লগতে পঢ়ক : অনস্ক্ৰীণত আন এগৰাকীৰ সৈতে স্বামীৰ ঘনিষ্ঠ মুহূৰ্ত: বেড নিউজ সঁচাকৈয়ে বেড হ’ল নেকি বিকীৰ বাবে ? - Katrina Kaif Reviews Bad Newz

কেটৰিণাই মেৰী খ্ৰীষ্টমাছ চলচ্চিত্ৰত দক্ষিণৰ ছুপাৰষ্টাৰ বিজয় সেতুপতিৰ সৈতে অভিনয় কৰিছিল । ছবিখনত তেওঁলোকৰ কেমেষ্ট্ৰীয়ে বহুত প্ৰশংসা লাভ কৰিছিল । শ্ৰীৰাম ৰাঘৱনৰ পৰিচালনাৰে এই ছবিখনেই একেলগে তেওঁলোকৰ শেষ মুক্তি আছিল।

মেৰী খ্ৰীষ্টমাছ ছবিৰ পৰিচালক শ্ৰীৰাম ৰাঘৱনে ইয়াৰ পূৰ্বে প্ৰকাশ কৰিছিল যে বিজয়ে ছবিখনৰ চেটলৈ নতুন উপাদান অনাৰ বাবে কাইফ প্ৰথমতে সহজ হ’ব পৰা নাছিল । ৰাঘৱনে দাবী কৰে যে কেটৰিণা প্ৰস্তুত হৈ ছবিৰ চেটত উপস্থিত হৈছিল, কিন্তু বিজয়ে ধাৰণাবোৰ তৈয়াৰ কৰি লৈছিল ।

"কেটৰিণাই অবিশ্বাস্যভাৱে কঠোৰ পৰিশ্ৰম কৰে । তেওঁ প্ৰতিটো সবিশেষৰ মাজেৰে গৈ আপোনাক দৃশ্যটোৰ কেনেকৈ আৰু কিয়বোৰৰ বিষয়ে সবিশেষ সুধিব । অৱশ্যে বিজয় ইয়াৰ সম্পূৰ্ণ বিপৰীত । তেওঁ নিজৰ চৰিত্ৰটোৰ বাবে সংলাপ বা প্ৰতিক্ৰিয়াৰ বাবে পৰামৰ্শ দিব আৰু মই সদায় এনে ধাৰণা গ্ৰহণ কৰিবলৈ প্ৰস্তুত", পৰিচালকে মন্তব্য কৰে । অৱশ্যে কেটৰিণা আৰু বিজয়ে সমন্বয়ৰ ভিত্তিত শেষত বুজাবুজিত উপনীত হয় ।

মহাৰাজা থ্ৰিলাৰখনত নটৰাজন সুব্ৰমণিয়াম, অভিৰামী গোপীকুমাৰ, চিংগাম্পুলি, অৰুলডোছ আৰু মমতা মোহনদাস আদিয়েও অভিনয় কৰিছে । 14 জুনত চিনেমাগৃহত মুক্তি লাভ কৰা ছবিখন 12 জুলাইত অনলাইনত উপলব্ধ হয় । এই ছবিখন বিজয়ৰ 50 সংখ্যক ছবি ।

লগতে পঢ়ক : তেওঁ চলচ্চিত্ৰ নিৰ্মাতাসকলৰ কল্পনাশক্তিক অনুপ্ৰাণিত কৰিছিল-বিজয় সেতুপতী - Vijay Sethupathi on Ramoji Rao Demise

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.