ETV Bharat / entertainment

‘দ্য গ্ৰেট ইণ্ডিয়ান কপিল শ্ব’ত কাৰ্তিক আৰিয়ানৰ স্বয়ম্বৰ : বিচাৰি পালেনে নিজৰ জীৱনসংগী ? - Kartik Aaryan

author img

By ETV Bharat Assamese Team

Published : Jun 19, 2024, 8:35 PM IST

Kartik Aaryan Gets Trolled by Mom: কপিল শৰ্মাৰ নতুন কমেডী শ্ব’ ‘দ্য গ্ৰেট ইণ্ডিয়ান কপিল শ্ব’’ৰ ছিজন ১ ৰ ফাইনেল এপিচ’ড শীঘ্ৰেই আহি আছে আৰু তাত পৰিয়ালৰ সৈতে উপস্থিত হৈছে কাৰ্তিক আৰিয়ান । চাওক অনুষ্ঠানটোত কাৰ্তিকৰ সৈতে কি কি হ’ল-

Kartik Aaryan Almost Finds Bride on Kapil Sharma Show, Gets Trolled by Mom: 'Thok Peet Ke Engineer Banaya' - Watch
‘দ্য গ্ৰেট ইণ্ডিয়ান কপিল শ্ব’ত কাৰ্তিক আৰিয়ান (ETV Bharat)

চিটাৰা ডেস্ক, 19 জুন: শীঘ্ৰে আহি আছে কমেডী জগতৰ ৰজা কপিল শৰ্মাৰ নতুন কমেডী শ্ব’ ‘দ্য গ্ৰেট ইণ্ডিয়ান কপিল শ্ব’ৰ চূড়ান্ত খণ্ড । ‘চান্দু চেম্পিয়ন’ কাৰ্তিক আৰিয়ানক পৰিয়ালৰ সৈতে দেখা যাব ‘দ্য গ্ৰেট ইণ্ডিয়ান কপিল শ্ব’ৰ চূড়ান্ত খণ্ডত ।

নেটফ্লিক্সত ষ্ট্ৰীমিং কৰা ‘দ্য গ্ৰেট ইণ্ডিয়ান কপিল শ্ব’ৰ এক আচৰিত আৰু হাস্যকৰ প্ৰ’ম’ আজি ১৯ জুনত মুকলি কৰা হৈছে । এই প্ৰ’ম’ত কাৰ্তিক আৰিয়ানে মাতৃ মালা তিৱাৰীৰ সৈতে কপিলৰ প্ৰশ্নৰ উত্তৰ দি থকা দেখিবলৈ পোৱা গৈছে আৰু কাৰ্তিক আৰিয়ানৰ পিতৃও দৰ্শকৰ মাজত বহি থকা দেখা গৈছে ।

শ্ব’টোৰ ফাইনেল খণ্ডৰ প্ৰ’ম’ত কপিল শৰ্মাই অভিনেতা কাৰ্তিক আৰিয়ান আৰু তেওঁৰ মাতৃক উষ্ম আদৰণি জনাইছে । ইয়াৰ পিচত কাৰ্তিকে কোৱা দেখা যায়, আজিৰ দৰে পূৰ্বে মই কেতিয়াও নাৰ্ভাছ হোৱা নাছিলো । ইয়াৰ উত্তৰত কপিল শৰ্মাই কয়, ‘কিয় মাম্মীয়ে যাতে কিবা কৈ নিদিয়ে !’ ইয়াৰ পিচত কাৰ্তিক আৰিয়ানৰ মাতৃয়ে হস্তক্ষেপ কৰি কয়, ‘মই যি কম সত্য কম, সত্যৰ বাহিৰে আন একো নকওঁ ।’

ইয়াৰ পিচত কপিলে কয় যে, কাৰ্তিকৰ মাতৃৰ এই কথা শুনাৰ পিচত কাৰ্তিকৰ পাপাৰ ডিঙি শুকাই গৈছে, যাতে তেওঁৰ বিষয়ে কিবা কৈ নিদিয়ে ।

লগতে পঢ়ক: কাৰ্তিক আৰিয়ানে বিচাৰি পালে নেকি আদৰ্শ জীৱনসংগী ? - kartik aaryan relationships

কাৰ্তিক আৰিয়ান জেদী নেকি ?

ইয়াৰ পিচত কপিল শৰ্মাই কাৰ্তিকৰ মাতৃক সোধে যে, কাৰ্তিক বহুত জেদী নেকি ? উত্তৰত অভিনেতাজনৰ মাতৃয়ে কয় হয়, তেওঁ বৰ জেদী । কপিলৰ পৰৱৰ্তী প্ৰশ্ন- কাৰ্তিকে কম খৰচ কৰে নে বেছি ? অভিনেতাৰ মাতৃৰ উত্তৰ - বহুত খৰচ কৰে ।

ইয়াৰ পিচত কপিল শৰ্মাই কয় যে, কাৰ্তিক এজন অভিযন্তা । এই অভিনেতাগৰাকীৰ মাতৃয়ে কয় যে, তাক মাৰি মাৰি ইঞ্জিনিয়াৰ বনাইছো । ইয়াৰ পিচত কাৰ্তিকে মাতৃক কয়, কিবা এটাটো পজিটিভ কওক মা।

কাৰ্তিক আৰিয়ানৰ স্বয়ম্বৰ

ইয়াৰ পিচত কাৰ্তিক আৰিয়ানৰ মাতৃক কেনেকুৱা বোৱাৰী বিচৰাৰ সন্দৰ্ভত প্ৰশ্ন সোধাত তেওঁ কয় যে, তেওঁক ডাক্তৰ বোৱাৰী লাগে । ইয়াৰ পিচত হাই প্ৰফাইল ছোৱালীবোৰ শ্ব’টোলৈ আহে, য’ত এগৰাকী ছোৱালীয়ে নিজকে ডাক্তৰ বুলি কয় ।

এই ছোৱালীজনীয়ে নিজকে ফিজিঅ’থেৰাপিষ্ট বুলি পৰিচয় দিয়াত কাৰ্তিকৰ মাতৃয়ে উত্তৰত কয় যে কাৰ্তিকক ফিজিঅ’থেৰাপিষ্টৰ প্ৰয়োজন হৈয়ে থাকে ৷

কোনজনী ছোৱালীৰ প্ৰেমৰ প্ৰস্তাৱত কাৰ্তিকে দিলে সন্মতি ?

একে সময়তে কাৰ্তিক আৰিয়ানৰ ওচৰলৈ অহা আন এগৰাকী ছোৱালীয়ে কয় যে মই কেতিয়াও তোমাৰ ফোনটো চেক নকৰো । এই কথাত কাৰ্তিক আৰিয়ানে এই ছোৱালীজনীক Yes বুলি কয় । ইয়াৰ পিচত কৃষ্ণ অভিষেক, সুনীল গ্ৰ’ভাৰ শ্বাহৰুখ খান-ছলমান খানৰ চৰিত্ৰত অভিনয় কৰি এক হাস্যকৰ পৰিৱেশৰ সৃষ্টি কৰে ।

জনাই দিও যে, অহা শনিবাৰে নিশা ৮ বজাত নেটফ্লিক্সত প্ৰচাৰিত হ’ব দ্য গ্ৰেট ইণ্ডিয়ান কপিল শ্ব’ৰ শেষৰটি খণ্ড ।

লগতে পঢ়ক: দৰ্শকৰ দৃষ্টিত চন্দুৱে সঁচাকৈয়ে ধৰা দিলে চেম্পিয়ন হিচাপে - Chandu Champion Review

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.