ETV Bharat / entertainment

আৱেগিক কৰণ জোহৰ, কিং খান-আদিত্য চোপ্ৰাৰ প্ৰতি কৃতজ্ঞ - Karan Johar instagram

author img

By ETV Bharat Entertainment Team

Published : May 10, 2024, 2:23 PM IST

Karan Johar Instagram : শ্বাহৰুখ খান আৰু ৰাণী মুখাৰ্জীৰ সৈতে কভি আলভিদা না কেহনাৰ ছেটত থকা সময়খিনিৰ কথা মনত পেলাইছে কৰণ জোহৰে । ষ্ট’ৰী টেলিঙৰ দিশত অনুপ্ৰাণিত কৰাৰ বাবে আদিত্য চোপ্ৰা আৰু এছ আৰ কেৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে তেওঁ ।

Karan Johar Expresses Gratitude to SRK, Aditya Chopra in Heartfelt Post with Photo from KANK
কৰণ জোহৰ, কিং খান, ৰাণী মুখাৰ্জী (ETV BHARAT)

চিটাৰা ডেস্ক, 10মে’ : কৰণ জোহৰে ছ’চিয়েল মিডিয়াত শ্বাহৰুখ খান আৰু ৰাণী মুখাৰ্জীৰ সৈতে কভি আলবিদা না কেহনাৰ ছেটৰ পৰা এখন পুৰণি ফটো শ্বেয়াৰ কৰিছে । ইনষ্টাগ্ৰামত এটা দীঘলীয়া আন্তৰিক পোষ্টত তেওঁ আদিত্য চোপ্ৰাক ধন্যবাদ জনাইছে । কৰণ বলীউডৰ অন্যতম গুৰুত্বপূৰ্ণ চলচ্চিত্ৰ নিৰ্মাতা । বছৰ বছৰ ধৰি তেওঁ প্ৰেম, সম্পৰ্ক আৰু বন্ধুত্বৰ বিষয়ে আন্তৰিক কাহিনীৰে সজ্জিত অগণন আইকনিক চলচ্চিত্ৰ চিনেপ্ৰেমীসকললৈ আগবঢ়াইছে ৷

শেহতীয়াকৈ ছবি নিৰ্মাতাগৰাকীয়ে ছ’চিয়েল মিডিয়াত শ্বাহৰুখ খান আৰু আদিত্য চোপ্ৰাক ধন্যবাদ জনাই এখন থ্ৰ’বেক ফটো শ্বেয়াৰ কৰে । ৯ মে’ত কৰণে কভি আলভিদা না কেহনা ছেটৰ পৰা ৰেট্ৰ’ একৰঙী ফটো শ্বেয়াৰ কৰিছে । শ্বটবোৰৰ মাজত লোৱা স্নেপশ্বটটোত দেখা গৈছে যে কৰণ জোহৰে বেঞ্চত বহি শ্বাহৰুখ খান আৰু ৰাণী মুখাৰ্জীৰ সৈতে গভীৰ আলোচনা কৰি আছে ৷

ছবিখনত শীতকালীন সাজ-পোছাকত দেখা গৈছে দুয়োকে ৷ বিপৰীতে ৰাণীয়ে লেহেংগা পৰিধান কৰি চাদৰ মেৰিয়াই বেঞ্চত মূৰটো থৈ আৰাম কৰি থকা দেখা গৈছে । ফটোখন শ্বেয়াৰ কৰি এছ চলচ্চিত্ৰ নিৰ্মাতাগৰাকীয়ে আদিত্য চোপ্ৰা আৰু শ্বাহৰুখ খানক গল্পকাৰ হ’বলৈ প্ৰেৰণা দিয়াৰ বাবে ধন্যবাদ জনাই আন্তৰিক টোকা লিখিছে । টোকাত তেওঁ নিজৰ যাত্ৰাৰ কথা বৰ্ণনা কৰে ৷

ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানীৰ গীত ভে কামলেয়া বেকগ্ৰাউণ্ডত প্লে’ কৰি কৰণে এই পোষ্টতো শ্বেয়াৰ কৰে ৷ পোষ্টতো চাবলৈ তেওঁৰ শেহতীয়া ইনষ্টাগ্ৰাম পোষ্টটো চাওক-

এই পোষ্টটোৱে অনুৰাগীসকলকো আৱেগিক কৰি তোলে ৷ সকলোৱে ফটোখনত বিভিন্ন ধৰণৰ কমেণ্ট কৰে ৷ বহুতে কৰণক KANK 2 নিৰ্মাণ কৰিবলৈয়ো আহ্বান জনায় । শ্বাহৰুখ খান, কৰণ জোহৰ, আৰু ৰাণী মুখাৰ্জীয়ে একেলগে কুচ কুচ হোতা হায় আৰু কভি খুছি কভি গমৰ দৰে ছবিত কাম কৰিছে । KJo ৰ শেহতীয়া পৰিচালনা আছিল ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানী, য’ত আলিয়া ভাট আৰু ৰণবীৰ সিঙে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল ।

লগতে পঢ়ক : বলীউডত বচ্চন চাহাবৰ পিচত মানুহে তেওঁকে ভাল পায় ! - Kangana Ranaut On Amitabh Bachchan

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.