ETV Bharat / entertainment

এজন ব্যক্তিৰ বাবেই দূৰ হ’ল কপিল শৰ্মা-সুনীল গ্ৰ’ভাৰৰ মাজৰ মত বিৰোধ

author img

By ETV Bharat Assamese Team

Published : Mar 5, 2024, 5:14 PM IST

Kapil Sharma: কমেডিয়ান কপিল শৰ্মা আৰু সুনীল গ্ৰ’ভাৰ মনোমালিন্যৰ অন্ত পেলোৱাৰ আঁৰত কোন আছে ? সবিশেষ জানক এই প্ৰতিবেদন ৷

Kapil Sharma-Sunil Grover's feud was resolved by whom?
কপিল শৰ্মা-সুনীল গ্ৰ’ভাৰৰ মাজৰ মত বিৰোধ কেনেকৈ অন্ত পৰিল ?

চিটাৰা ডেস্ক, ৫ মাৰ্চ: টিভি জগতৰ দুগৰাকী জনপ্ৰিয় কমেডিয়ান কপিল শৰ্মা আৰু সুনীল গ্ৰ’ভাৰ ৷ বহুদিনৰ মূৰত পুনৰ একেলগে দেখা যাব এই দুই কমেডিয়ানক ৷ নেটফ্লিক্স প্ৰজেক্ট ‘দ্য গ্ৰেট ইণ্ডিয়ান কপিল শ্ব’ত দেখা যাব কপিল শৰ্মা আৰু সুনীল গ্ৰ’ভাৰক । ইয়াৰ পূৰ্বেও সুনীলক কপিলৰ শ্ব’ত কমেডী কৰা দেখা গৈছিল ৷ কিন্তু হঠাৎ দুয়োৰে মাজত মত বিৰোধৰ সৃষ্টি হয় আৰু পিচত কেতিয়াও দুয়োকে একেলগে দেখা নাযায় ৷ অৱশ্যে দুয়োৰে মাজত চলি থকা এই দীৰ্ঘদিনীয়া যুঁজখনৰ এতিয়া অন্ত পৰিল, যদিও প্ৰশ্ন উত্থাপন হয় যে দুয়োৰে মাজত মনোমালিন্য কেনেকৈ দূৰ হ’ল ? দুয়োৰে মতবিৰোধ আঁতৰোৱাৰ আঁৰত থকা ব্যক্তিজন কোন ? এই বিষয়ে জানো আহক ।

বাবা ছিদ্দিকীৰ ইফতাৰ পাৰ্টিত কপিল-সুনীলৰ মতবিৰোধ দূৰ হৈছিল

বলীউড হাংগামাৰ প্ৰতিবেদন অনুসৰি, শ্বাহৰুখ খান আৰু ছলমান খানৰ যুঁজৰ অন্ত পেলোৱা ৰাজনীতিবিদ বাবা ছিদ্দিকীয়ে কপিল আৰু সুনীলৰ মাজৰ যুঁজৰো অন্ত পেলায় । ২০২৩ চনত ছিদ্দিকীয়ে আয়োজন কৰা ইফতাৰ পাৰ্টিত কপিল আৰু সুনীলৰ মুখামুখি হৈছিল । দুয়ো লগ পোৱাৰ লগে লগে তেওঁলোকৰ সকলো অভিযোগ নাইকিয়া হৈ যায় । এতিয়া প্ৰায় ৬ মাহৰ পিচত তেওঁলোকে একেলগে কমেডী শ্ব’ৰ কথা ঘোষণা কৰিছে ।

৫ বছৰ চলিছিল শ্বাহৰুখ-ছলমানৰ মনোমানিল্য

২০১৩ চনত ছিদ্দিকীৰ ইফতাৰ পাৰ্টিত ইতিহাসৰ সৃষ্টি হৈছিল । প্ৰায় ৫ বছৰ ধৰি শ্বাহৰুখ আৰু ছলমানৰ মাজত কোনো কথা-বতৰা হোৱা নাছিল, যদিও সেইদিনা দুয়ো ইগৰাকীয়ে সিগৰাকীক সাৱটি ধৰিছিল, যাৰ ফলত তেওঁলোকৰ দীঘলীয়া যুঁজখনৰ অন্ত পৰে ।

বাবা ছিদ্দিকী কোন ?

ছিদ্দিকীৰ সম্পূৰ্ণ নাম বাবা জিয়াউদ্দিন ছিদ্দিকী । তেওঁ মুম্বাইৰ এজন সুপৰিচিত কংগ্ৰেছ নেতা । একেৰাহে ৩ বাৰ মুম্বাইৰ বান্দ্ৰা পশ্চিম আসনৰ পৰা বিধায়ক হৈ আহিছে । পিতৃৰ সৈতে ঘড়ী ঠিক কৰাৰ কাম কৰা বাবা ছিদ্দিকীয়ে কঠোৰ পৰিশ্ৰমৰ ভিত্তিত মুম্বাই যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক হৈছিল । ইয়াৰ পিচত তেওঁ চলচ্চিত্ৰ অভিনেতা তথা কংগ্ৰেছ নেতা সুনীল দত্তৰ সংস্পৰ্শলৈ আহে । তাৰ পৰাই আৰম্ভ হৈছিল তেওঁৰ ইফতাৰ আয়োজন ৷ তেওঁ প্ৰত্যেক বছৰে ইফতাৰৰ আয়োজন কৰে, য’ত সমগ্ৰ বলীউডে অংশগ্ৰহণ কৰে ।

কপিলৰ সৈতে কিয় মনোমালিন্য হৈছিল সুনীলৰ ?

২০১৭ চনত অষ্ট্ৰেলিয়াৰ মেলবৰ্ণৰ পৰা একেলগে ভাৰতলৈ উভতি আহিছিল কপিল আৰু সুনীল ৷ বিমানৰে আহি থকা সময়চোৱাত কপিলে সুনীলৰ সৈতে অসৎ আচৰণ কৰাৰ অভিযোগ কৰিছিল সুনীলে । আনকি কপিলে সুনীলৰ ওপৰত হাত উঠাবলৈও চেষ্টা কৰিছিল বুলি একাংশ বাতৰিত দাবী কৰা হৈছিল । এই ঘটনাৰ পিচতে সুনীলে ‘দ্য কপিল শৰ্মা শ্ব’’ এৰি যোৱাৰ সিদ্ধান্ত লৈছিল ।

কপিলে ৰাজহুৱাভাৱে ক্ষমা বিচাৰিছিল

সুনীলে শ্ব’টো এৰি যোৱাৰ পিচত কপিলে টুইটাৰত অজানিতে তেওঁক আঘাত দিয়াৰ বাবে ৰাজহুৱাভাৱে ক্ষমা খুজিছিল । কেৱল এয়াই নহয়, তেওঁক বহুত সন্মান কৰা বুলিও তেওঁ কৈছিল । ক্ষমা প্ৰাৰ্থনাৰ প্ৰতি সঁহাৰি জনাই সুনীলে কপিলক জীৱ-জন্তুৰ বাহিৰে মানুহক সন্মান কৰিবলৈ আৰম্ভ কৰিবলৈ পৰামৰ্শ দিছিল ।

ইয়াৰ পিচত ২০১৮ চনত সুনীলে স্পষ্ট কৰি দিছিল যে কপিলৰ শ্ব’ত যোগদান কৰিবলৈ তেওঁলৈ কোনো ফোন অহা নাই ।অৱশ্যে ২০২০ চনত দুয়োজনক মিকা সিঙৰ সৈতে এখন বিয়াত দেখা গৈছিল ৷ ইয়াৰ পিচত সুনীলে কপিলক জন্মদিনৰ শুভেচ্ছাও জনাইছিল । ২০২২ চনত সুনীলৰ হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰক লৈ কপিলে উদ্বেগ প্ৰকাশ কৰিছিল আৰু অৱশেষত ২০২৩ চনত দুয়োজনে পুনৰ একেলগে কাম কৰাৰ সিদ্ধান্ত লয় ।

শেহতীয়াকৈ কপিলে তেওঁৰ নতুন শ্ব’ ‘দ্য গ্ৰেট ইণ্ডিয়ান কপিল শ্ব’’ৰ কথা ঘোষণা কৰিছে । এই শ্ব’টোৰ বাবে তেওঁ নেটফ্লিক্সৰ সৈতে হাত মিলাইছে । অৰ্চনা পুৰণ সিং, কিকু শৰ্দা, কৃষ্ণ অভিষেককো এই অনুষ্ঠানটোত দেখা যাব৷ এই শ্ব’টো ৩০ মাৰ্চৰ পৰা আৰম্ভ হ’ব ।

লগতে পঢ়ক: ইণ্ডিয়ান আইডল ১৪ বিজয়ীৰ খিতাপ দখল কানপুৰৰ বৈভৱ গুপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.