ETV Bharat / entertainment

কান্তাৰাক শ্ৰেষ্ঠ ছবিৰ বঁটা : শ্ৰেষ্ঠ অভিনেতাৰ সন্মান ঋষভ শ্বেট্টীৰ শিৰত

70th National Film Awards : ‘কান্তাৰা’ ই শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে, শ্ৰেষ্ঠ অভিনেতাৰ সন্মান তুলি দিয়া হয় ঋষভ শ্বেট্টীৰ হাতত ৷

author img

By ETV Bharat Entertainment Team

Published : 2 hours ago

Updated : 13 minutes ago

kantara gets national award for best film rishab shetty received as best actor
কান্তাৰা ছবিখনৰ পোষ্টাৰ (Movie Poster)

চিটাৰা ডেস্ক, 8 অক্টোবৰ : 70 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠান আজি অনুষ্ঠিত হয় । ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে দিল্লীৰ বিজ্ঞান ভৱনত শ্ৰেষ্ঠ চলচ্চিত্ৰ নিৰ্মাতা, অভিনেতা-অভিনেত্ৰীসকলক সন্মানিত কৰে । এই ৰাষ্ট্ৰীয় বঁটাসমূহ এই বছৰৰ 16 আগষ্টত ঘোষণা কৰা হৈছিল । কানাড়া অভিনেতা ঋষভ শ্বেট্টী অভিনীত কান্তাৰাই শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা লাভ কৰিছে ৷ মুখ্য অভিনেতা ঋষভ শ্বেট্টীক শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হৈছে । 2022 চনত কম বাজেটত নিৰ্মিত কান্তাৰা চলচ্চিত্ৰখনৰ উপাৰ্জন আছিল 400 কোটি টকা । কান্তাৰাৰ কাহিনীয়ে সমগ্ৰ ভাৰতীয় চলচ্চিত্ৰ জগতত খলকনি তুলিছিল । ৰজনীকান্তকে ধৰি বহু তাৰকাই ঋষভ শ্বেট্টীৰ অভিনয় আৰু তেওঁৰ চলচ্চিত্ৰখনৰ প্ৰশংসা কৰিছিল ।

ঋষভ শ্বেট্টীয়ে কি ক’লে ?

উল্লেখ্য যে, কান্তাৰা নিজেই পৰিচালনা কৰিছে ঋষভ শ্বেট্টীয়ে আৰু তেওঁ ছবিখনত মুখ্য চৰিত্ৰতো অভিনয় কৰিছে । ৰাষ্ট্ৰীয় বঁটা লাভ কৰা সন্দৰ্ভত অভিনেতাগৰাকীয়ে কয়, “প্ৰতিখন ছবিয়েই ফলপ্ৰসূ, আমাৰ লক্ষ্য এনেকুৱা ছবি নিৰ্মাণ কৰা, যিয়ে সমাজখনক ইতিবাচকভাৱে প্ৰভাৱিত কৰি এক নতুন ৰূপ দিয়ে, ৰাষ্ট্ৰীয় বঁটাটোৱে এজন শিল্পীৰ প্ৰতি যথেষ্ট সন্মান ৰাখে ।”

ৰাষ্ট্ৰীয় বঁটা বিজয়ীৰ তালিকা

1.শ্ৰেষ্ঠ ফিছাৰ ফিল্ম: আত্তম

2.শ্ৰেষ্ঠ অভিনেতা: ঋষভ শ্বেট্টী (কান্তাৰা)

3.শ্ৰেষ্ঠ অভিনেত্ৰী: নিথ্যা মেনন আৰু মানসী পাৰেখ

4. শ্ৰেষ্ঠ পৰিচালক: সূৰজ বৰজাত্য

5. শ্ৰেষ্ঠ সহ-অভিনেত্ৰী: নীনা গুপ্তা

6. শ্ৰেষ্ঠ সহ-অভিনেতা: পৱন মালহোত্ৰা

7. শ্ৰেষ্ঠ মনোৰঞ্জনমূলক ফিছাৰ ফিল্ম: কান্তাৰা

8. শ্ৰেষ্ঠ তেলুগু চলচ্চিত্ৰ: কাৰ্তিকেয়া 2

9. শ্ৰেষ্ঠ তামিল চলচ্চিত্ৰ: পন্নিয়িন চেলভান পাৰ্ট 1

10. শ্ৰেষ্ঠ কানাড়া চলচ্চিত্ৰ: কেজিএফ চেপ্টাৰ 2

11. শ্ৰেষ্ঠ হিন্দী চলচ্চিত্ৰ: গুলমোহৰ

লগতে পঢ়ক : শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিব বুলি ভবাই নাছিল ঋষভ শ্বেট্টীয়ে - Rishab Shetty best actor Kantara

Last Updated : 13 minutes ago
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.