ETV Bharat / entertainment

ইমাৰ্জেন্সিৰ ট্ৰেইলাৰ আঁতৰাবলৈ কংগনা ৰনৌতলৈ আইনী জাননী - Kangana Ranaut controversy

author img

By ETV Bharat Assamese Team

Published : Aug 28, 2024, 2:10 PM IST

SGPC demands ban on film Emergency: কংগনা ৰনৌতে ইমাৰ্জেন্সি ছবিখনৰ ট্ৰেইলাৰ আঁতৰাবলৈ আইনী জাননী লাভ কৰিছে ৷ এছজিপিচিয়ে চলচ্চিত্ৰখনৰ ওপৰত নিষেধাজ্ঞাৰ দাবী জনাইছে ৷

Kangana Ranaut gets legal notice to remove Emergency Trailer SGPC demands ban on film
কংগনা ৰনৌতৰ ছবিক লৈ বিতৰ্ক (Movie Poster)

চিটাৰা ডেস্ক, 28 আগষ্ট : কংগনা ৰনৌতৰ আগন্তুক ছবি ইমাৰ্জেন্সিয়ে মুক্তিৰ আগতে বহু বাধা বিঘিনিৰ সন্মুখীন হৈছে । কংগনা ৰনৌতলৈ আইনী জাননী প্ৰেৰণ কৰাৰ লগতে ছবিখন নিষিদ্ধ কৰাৰ দাবী উত্থাপন কৰা হৈছে ।

কংগনা ৰনৌতৰ যেনিবা বিপদৰ অন্ত নপৰে, সেয়া লাগিলে তেওঁৰ ব্যক্তিগত জীৱনক লৈয়ে হওক বা পেছাদাৰী জীৱনতে হওক । কংগনা ৰনৌতৰ আগন্তুক ৰাজনৈতিক ছবি ‘ইমাৰ্জেন্সি’ সন্দৰ্ভত এক জাননী জাৰি কৰা হৈছে । শিৰোমণি গুৰদ্বাৰা পৰিচালনা সমিতিয়ে ছবিখনৰ প্ৰযোজকলৈ আইনী জাননী প্ৰেৰণ কৰিছে । ইমাৰ্জেন্সি ছবিখনৰ ট্ৰেইলাৰ আঁতৰাবলৈ দাবী জনাইছে এছ জি পি চিয়ে । 14 আগষ্টত মুক্তি পাইছিল ইমাৰ্জেন্সি ছবিখনৰ ট্ৰেইলাৰ ।

ইমাৰ্জেন্সিৰ ওপৰত নিষেধাজ্ঞাৰ দাবী

এছ জি পি চিৰ সম্পাদক প্ৰতাপ সিঙে ছবিখন সন্দৰ্ভত আপত্তি দৰ্শাইছে আৰু ছবিখন নিষিদ্ধ কৰিবলৈ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰীৰ লগতে চেন্সৰ ব’ৰ্ডলৈ কেইবাখনো অভিযোগ পত্ৰ প্ৰেৰণ কৰিছে । সচিবজনে কংগনাৰ ওপৰত শিখসকলৰ অনুভূতিক আঘাত কৰাৰ অভিযোগ উত্থাপন কৰিছে । তেওঁ দাবী কৰিছে যে ইমাৰ্জেন্সি চলচ্চিত্ৰখনৰ ট্ৰেইলাৰ বহুতো শিখ বিৰোধী দৃশ্যৰে পৰিপূৰ্ণ, যিয়ে তেওঁৰ ভাবমূৰ্তি নষ্ট কৰি আছে ।

লগতে পঢ়ক : মৃত্যুৰ ভাবুকি পোৱাৰ পিছত প্ৰথমবাৰৰ বাবে দেখা গ’ল কংগনা ৰনৌতক - Kangana Ranaut death threat

যোৱা সপ্তাহত এছ জি পি চি আৰু অকল তখত চাহিবে ইমাৰ্জেন্সি ছবিখনৰ ওপৰত তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিষেধাজ্ঞা আৰোপ কৰাৰ দাবী জনাইছিল । শিখসকলক হত্যাকাৰী হিচাপে দেখুওৱা ট্ৰেইলাৰত এছ জি পি চি আৰু অকল তখতেও আপত্তি প্ৰকাশ কৰিছিল । এছ জি পি চিৰ সভাপতি হৰজিন্দৰ সিং ধামীয়ে সংবাদমেল অনুষ্ঠিত কৰি কংগনা ৰনৌতৰ বিৰুদ্ধে এফ আই আৰ দাবী কৰিছিল । এই সময়ত তেওঁ কয় যে বহু ছবিয়ে শিখ সম্প্ৰদায়ৰ আৱেগক আঘাত কৰিছে ৷ তেওঁ ইমাৰ্জেন্সি নিষিদ্ধ কৰাৰ দাবী জনায় । তেওঁ চেন্সৰ ব’ৰ্ডক আক্ৰমণ কৰি পক্ষপাত্বিত কৰা বুলি অভিহিত কৰাৰ লগতে শিখ সম্প্ৰদায়ৰ লোকক ব’ৰ্ডত অন্তৰ্ভুক্ত কৰাৰ কথাও কয় ।

ইমাৰ্জেন্সিক লৈ বিতৰ্ক কিহৰ ?

আনহাতে, অকাল তখতৰ সভাপতি গিয়ানি ৰাঘবীৰ সিঙে দাবী কৰে যে ইমাৰ্জেন্সি ছবিখনে ইচ্ছাকৃতভাৱে শিখ সম্প্ৰদায়ক ভুলকৈ উপস্থাপন কৰিছে, যিটো এটা ষড়যন্ত্ৰ যেন লাগিছে, ছবিখনে সমগ্ৰ সম্প্ৰদায়ক অৱজ্ঞা কৰিছে, কংগনাই এই সকলোবোৰ ইচ্ছাকৃতভাৱে কৰি আছে । তেওঁ লগতে কয়, "আমি 1984 চনত শিখ সম্প্ৰদায়ৰ সৈতে হোৱা অত্যাচাৰ কেতিয়াও পাহৰিব নোৱাৰো, আৰু এতিয়া কংগনাৰ ছবিখনে জাৰ্ণাল সিং খালচা ভিন্দ্ৰনৱালেৰ চৰিত্ৰক কলংকিত কৰিছে । উল্লেখ্য যে, জাৰ্ণাল সিং খালচা ভিন্দ্ৰনৱালেক শিখ সম্প্ৰদায়ে শ্বহীদ বুলি সোঁৱৰে ।

2021 চনত কংগনা ৰনৌতে ইমাৰ্জেন্সি ছবিখন ঘোষণা কৰিছিল । অভিনেত্ৰীগৰাকীয়ে কৈছিল যে এইখন কেৱল ৰাজনৈতিক নাটকীয় ছবি আৰু ইন্দিৰা গান্ধীৰ বায়’পিক নহয় । কংগনা ৰনৌতে ইমাৰ্জেন্সি অৱস্থাত দেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ চৰিত্ৰত অভিনয় কৰিবলৈ ওলাইছে । কংগন ৰনৌতৰ উপৰিও জয়প্ৰকাশ নাৰায়ণৰ চৰিত্ৰত অনুপম খেৰ, অটল বিহাৰী বাজপেয়ীৰ চৰিত্ৰত শ্ৰেয়স তালপড়ে আৰু প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী বাবু জগজীৱন ৰামৰ চৰিত্ৰত প্ৰয়াত অভিনেতা সতীশ কৌশিকক দেখিবলৈ পোৱা যাব । অহা 6 ছেপ্টেম্বৰত মুক্তি পাবলৈ গৈ আছে ইমাৰ্জেন্সি ছবিখন ।

লগতে পঢ়ক : অষ্ট্ৰেলিয়া শিখ কাউন্সিলে দেশত কংগনা ৰনৌতৰ চলচ্চিত্ৰ নিষিদ্ধ কৰাৰ দাবী জনাইছে - Film emergency controversy

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.