ETV Bharat / entertainment

মুখত হাঁহি, হাতত হাত : কংগনা-চিৰাগক একেলগে দেখা গ’ল নতুন সংসদ ভৱনত - kangana chirag friendly meet

author img

By ETV Bharat Assamese Team

Published : Jun 26, 2024, 6:09 PM IST

Kangana-Chirag in Parliament: সংসদ ভৱনত অষ্টাদশ লোকসভাৰ অধিবেশনৰ তৃতীয় দিনা বিজেপিৰ সাংসদ কংগনা ৰনৌতৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰী চিৰাগ পাছোৱানক দেখা গ’ল । তেওঁলোকৰ কথা-বতৰাৰ ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত ।

Kangana Ranaut Chirag Paswan seen together in Parliament House WATCH
কংগনা-চিৰাগ ((IANS))

চিটাৰা ডেস্ক, 26 জুন : কংগনা ৰনৌত আৰু চিৰাগ পাছোৱান আকৌ এবাৰ বাতৰিৰ শিৰোনামলৈ আহিছে । অষ্টাদশ লোকসভাৰ অধিবেশনৰ আজি তৃতীয় দিনা সংসদ ভৱনত প্ৰৱেশ কৰাৰ পূৰ্বে কংগনা ৰনৌত আৰু চিৰাগ পাছোৱানক একেলগে দেখা যায় । দুয়োৱে একেলগে বন্ধুত্বসুলভ মুহূৰ্ত উপভোগ কৰা দেখা যায় । অতি কম সময়ৰ ভিতৰতে তেওঁলোকৰ এই বিশেষ মিলনৰ ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত ।

বুধবাৰে সংসদত প্ৰৱেশ কৰাৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰী চিৰাগ পাছোৱান আৰু বিজেপিৰ সাংসদ কংগনা ৰনৌতে ইজনে সিজনৰ লগত মুকলিকৈ কথা পাতে । এটা ভাইৰেল ভিডিঅ’ত কংগনা আৰু চিৰাগে সংসদৰ বাহিৰত কিবা কথা এটাত জোৰেৰে হাঁহি থকা দেখা গৈছে । দুয়োজনে আনকি হাঁহি হাঁহি হাই-ফাই দিয়াও দেখা যায় ।

জৰুৰীকালীন অৱস্থাৰ ৫০ সংখ্যক বাৰ্ষিকীত এন ডি এৰ প্ৰতিবাদ সন্দৰ্ভত অভিনেত্ৰীৰ পৰা ৰাজনীতিবিদ হোৱা কংগনা ৰনৌতে কয়, "যিসকলে সংবিধানৰ বিষয়ে আটাইতকৈ বেছি কথা কয়, তেওঁলোকেও দায়িত্ব লোৱা উচিত । তেওঁলোকে তেওঁলোকৰ দেউতাক আৰু আইতাকৰ নামত ভোট সংগ্ৰহ কৰিছে, গতিকে তেওঁলোকে তেওঁলোকৰ কামৰ দায়িত্ব ল'ব নেকি ? গণতন্ত্ৰক কেনেদৰে দমন কৰা হৈছিল সেই বিষয়ে তেওঁলোকে তেওঁলোকৰ ট্ৰেক ৰেকৰ্ড চোৱা উচিত ।"

আজি এন ডি এৰ প্ৰাৰ্থী ওম বিৰলা লোকসভাৰ অধ্যক্ষ নিৰ্বাচিত হয় । প্ৰটেম অধ্যক্ষ বি মাহতাবে বিৰোধীয়ে এই প্ৰস্তাৱটোৰ ওপৰত ভোটদানৰ বাবে জোৰ নিদিয়াৰ পিচত এই ঘোষণা কৰে ৷ বিৰোধীয়ে কংগ্ৰেছৰ সাংসদ কোডিকুন্নিল সুৰেশক প্ৰাৰ্থী হিচাপে লোৱাৰ প্ৰস্তাৱ দিছিল ।

লগতে পঢ়ক : 13 বছৰৰ পাচত সংসদত পুনৰ মুখামুখি : ক’ত হৈছিল চিৰাগ-কংগনাৰ সাক্ষাৎ ? - Kangana Chirag Paswan movie together

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.