ETV Bharat / entertainment

অল আইজ অন ৰাফাহ গেঙলৈ কংগনা ৰনৌতৰ আহ্বান - who is Kulwinder Kaur

author img

By ETV Bharat Assamese Team

Published : Jun 7, 2024, 3:13 PM IST

Kangana Ranaut slapped by CISF : চণ্ডীগড় বিমানবন্দৰত তেওঁৰ ওপৰত হোৱা আক্ৰমণ সন্দৰ্ভত চলচ্চিত্ৰ উদ্যোগ মনে মনে থকাক লৈ সমালোচনা কৰে কংগনা ৰনৌতে । ইনষ্টাগ্ৰাম পোষ্টত তেওঁ তাৰকাসকলৰ বিৰুদ্ধে এই আক্ৰমণ সন্দৰ্ভত হয় উদযাপন কৰা নতুবা মৌনতা অৱলম্বন কৰাৰ অভিযোগ উত্থাপন কৰে আৰু ভৱিষ্যতে হ’ব পৰা সম্ভাৱ্য পৰিণতিৰ বিষয়ে সতৰ্ক কৰি দিয়ে ।

KANGANA RANAUT SLAPPED BY CISF
কংগনা ৰনৌত (etv bharat)

চিটাৰা ডেস্ক, 7 জুন : চণ্ডীগড় বিমানবন্দৰত তেওঁৰ ওপৰত হোৱা আক্ৰমণৰ আনন্দ উদযাপন কৰি এই সন্দৰ্ভত মৌনতা অৱলম্বন কৰাৰ অভিযোগ উত্থাপন কৰিছে অভিনেত্ৰীৰ পৰা-ৰাজনীতিত খোজ দিয়া কংগনা ৰনৌতে । বৃহস্পতিবাৰে বিয়লি চণ্ডীগড় বিমানবন্দৰত কুলবিন্দৰ নামৰ চিআইএছএফৰ এগৰাকী কনিষ্টবলে কংগনাক চৰ মাৰে । হিমাচল প্ৰদেশৰ মণ্ডী সমষ্টিৰ পৰা লোকসভা নিৰ্বাচনত জয়লাভ কৰি নতুন দিল্লীলৈ গৈ আছিল কংগনা ।

KANGANA RANAUT SLAPPED BY CISF
কংগনা ৰনৌতৰ ইনষ্টাগ্ৰাম ষ্ট’ৰী (insta story)

ইনষ্টাগ্ৰাম ষ্ট'ৰীত কংগনাই লিখিছে, "অল আইজ অন ৰাফাহ গেং, আপোনাৰ বা আপোনাৰ সন্তানৰ ক্ষেত্ৰতো এনেকুৱা হ'ব পাৰে । যেতিয়া আপুনি কাৰোবাৰ ওপৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ উদযাপন কৰে তেতিয়া এনেকুৱা দিন আপোনাৰ ওচৰলৈ ঘূৰি অহাৰ বাবেও সাজু থাকিব ।"

পোষ্ট কৰি ডিলিট কৰা এটা পোষ্টত তেওঁ ছবি জগতলৈ আঙুলি টোৱাইছিল ৷ তেওঁৰ ওপৰত হোৱা আক্ৰমণ সন্দৰ্ভত মৌনতা অৱলম্বন কৰিছে বুলি তাৰকাসকলকো সমালোচনা কৰে তেওঁ ৷

উল্লেখ্য যে আলিয়া ভাট, প্ৰিয়ংকা চোপ্ৰা, কৰীণা কাপুৰ, বৰুণ ধৱন, ৰশ্মিকা মন্দান্না, সোনাক্ষী সিন্হা, সামান্থা ৰুথ প্ৰভু, তৃপ্তি ডিমৰী, দিয়া মিৰ্জা, ৰিচা চাড্ডাকে ধৰি বলীউডৰ চেলেব্ৰিটীসকলে নিজৰ নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত "All Eyes On Rafah"শ্বেয়াৰ কৰি পেলেষ্টাইনীসকলৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰিছিল । দক্ষিণ গাজাৰ ৰাফা চহৰৰ এটা অঞ্চলত ইজৰাইলী বিমান আক্ৰমণত ৪০ জন পেলেষ্টাইনী নিহত হোৱাৰ লগতে কেইবাডজন লোক আহত হোৱাৰ পিচতে ছ’চিয়েল মিডিয়াত “অল আইজ অন ৰাফাহ” ভাইৰেল হয় ।

নিৰাপত্তা পৰীক্ষাৰ অন্তত বৰ্ডিং গেটলৈ গৈ থকা অৱস্থাত চি আই এছ এফৰ কনিষ্টবল এল চি টি কুলবিন্দৰ কৌৰে চৰ মাৰিছিল ৰনৌতক । এই আক্ৰমণৰ আঁৰৰ উদ্দেশ্য ভাৰতত কৃষকৰ প্ৰতিবাদ সন্দৰ্ভত কংগনাই পূৰ্বে কৰা মন্তব্যৰ সৈতে জড়িত বুলি অনুমান কৰা হৈছে । কুলবিন্দৰ কৌৰে উল্লেখ কৰে যে কৃষকসকলে তিনিখন ফাৰ্ম আইনৰ বিৰুদ্ধে আন্দোলন কৰাৰ সময়ত পঞ্জাৱৰ মহিলাসকলক সামৰি কংগনাই অপমানজনক মন্তব্য কৰিছিল ।

কৌৰক নিলম্বন কৰা হৈছে আৰু চিআইএছএফ বিষয়াসকলৰ লিখিত অভিযোগৰ ভিত্তিত চণ্ডীগড় বিমানবন্দৰত চিআইএছএফ কনিষ্টবলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে । চিআইএছএফৰ দ্বাৰা স্থানীয় আৰক্ষীৰ ওচৰতো এটা অভিযোগ দাখিল কৰা হৈছে ।

লগতে পঢ়ক : কংগনাক প্ৰহাৰ কৰি নিশাৰ ভিতৰতে চৰ্চালৈ অহা কোন এই কুলবিন্দৰ কৌৰ ? - who is Kulwinder Kaur

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.