ETV Bharat / entertainment

আৰম্ভ হ’ল কাউণ্টডাউন, আজি মুক্তি পাব কল্কি 2898 এ ডিৰ ট্ৰেইলাৰ - Kalki 2898 AD Trailer

Kalki 2898 AD Trailer to Be out : মুক্তিৰ পূৰ্বেই আমেৰিকা যুক্তৰাষ্ট্ৰত কল্কি 2898 এডি ছবিখনৰ আগতীয়া বুকিং প্ৰক্ৰিয়া আৰম্ভ হৈছে ৷ ইফালে আজি অৰ্থাৎ 10 জুনত ছবিখনৰ ট্ৰেইলাৰ মুক্তি দিয়া হ’ব ৷ এতিয়া ছবিখনে মুক্তি নৌহওঁতেই দৰ্শকৰ বিপুল সঁহাৰি লাভ কৰিছে ৷

author img

By ETV Bharat Assamese Team

Published : Jun 10, 2024, 3:16 PM IST

Kalki 2898 AD
আৰম্ভ হ’ল কাউণ্টডাউন, অচিৰে মুক্তি পাব কল্কি 2898 এ ডিৰ ট্ৰেইলাৰ (ETV BHARAT ENGLISH)

চিটাৰা ডেস্ক, 10 জুন : আৰু মাত্ৰ কেইটামান ক্ষণ ৷ আজি মুক্তি লাভ কৰিব বহু প্ৰতীক্ষিত কল্কি 2898 এডি ছবিখনৰ ট্ৰেইলাৰ ৷ ছবিখনৰ ট্ৰেইলাৰ মুক্তিৰ পূৰ্বে আমেৰিকা যুক্তৰাষ্ট্ৰত ছবিখনক লৈ ব্যাপক কৌতুহল বৃদ্ধি পাইছে ৷

অহা 27 জুনত মুক্তি পাব ছবিখনে ৷ ইতিমধ্যে অনুৰাগীসকলে চাই-ফাই চলচ্চিত্ৰখনৰ ট্ৰেইলাৰৰ মুক্তিৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে । কল্কি 2898 এডিৰ এনিমেটেড প্ৰীলোড মুকলি হোৱাৰ পিচতেই অনুৰাগীসকলৰ প্ৰত্যাশা বৃদ্ধি হৈছিল ৷

বিদেশী বিতৰণ কোম্পানী প্ৰথাংগিৰা চিনেমাছে ছ'চিয়েল মিডিয়াৰ জৰিয়তে ঘোষণা কৰে যে ছবিখনৰ বাবে আগতীয়া বুকিং এতিয়া মুকলি হৈছে । নিৰ্মাতাসকলে আজি সন্ধিয়া 7 বজাত কল্কি 2898 এডিৰ ট্ৰেইলাৰ মুক্তি দিব ৷ বৈজয়ন্তী মুভিজে চাই-ফাই ছবি কল্কি 2898 এডি ট্ৰেইলাৰ মুক্তিৰ আপডেট শ্বেয়াৰ কৰি লিখিছে, " আজি সন্ধিয়া 7 বজাত ট্ৰেইলাৰ আউট হ’ব #Kalki2898AD অপৰাজিত 💥💥💥 ।"

নাগ অশ্বিনৰ পৰিচালিত ছাই-ফাই ছবি প্ৰভাস, দীপিকা পাডুকন, অমিতাভ বচ্চন আৰু কমল হাছান অভিনীত এই বহু প্ৰত্যাশিত ছবি কল্কি 2898 এডিয়ে মুক্তিৰ পূৰ্বেই দৰ্শকৰ পৰা বিপুল সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে ৷ ট্ৰেইলাৰ মুকলি হোৱাৰ পূৰ্বে ছবিখনৰ আগতীয়া বুকিং অব্যাহত আছে ৷

অগ্ৰিম বুকিং খোলাৰ মাত্ৰ তিনি দিনৰ ভিতৰত, স্ক্ৰীণ আৰু ছবিখন মুক্তিৰ স্থানৰ সংখ্যা যথেষ্ট বৃদ্ধি হৈছে । চলচ্চিত্ৰখনৰ প্ৰথম লুকছটো বিগত বছৰৰ ছান ডিয়েগো কমিক-কনত উন্মোচন কৰা হৈছিল ৷ সেই সময়ত সেই অনুষ্ঠানত প্ৰভাস, কমল হাছান আৰু ৰাণা দাগুব্বাটি উপস্থিত আছিল । অহা 26 জুনত আমেৰিকা যুক্তৰাষ্ট্ৰত ছবিখন প্ৰিমিয়াৰ শ্ব’ অনুষ্ঠিত কৰা হ’ব ৷

লগতে পঢ়ক: মাজত মাথোঁ এদিন, কল্কি 2898 ৰ ট্ৰেইলাৰৰ গ্ৰেণ্ড মুক্তি - Kalki 2898

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.