ETV Bharat / entertainment

মুক্তিৰ ১৬ দিনত অভিলেখ ভংগ কল্কি ‘2898 AD’ৰ...অমিতাভ বচ্চনে ক’লে বাঃ বাঃ ! - Kalki 2898 AD marks 1000 cr

Kalki 2898 AD marks 1000 cr: কল্কি ‘2898 AD’এ বিশ্বব্যাপী বক্স অফিচত ১০০০ কোটিৰ দেওনা পাৰ কৰিছে । ইয়াৰ লগে লগে শ্বাহৰুখ খানৰ ছবি পাঠানৰ অভিলেখ ভংগ কৰিলে কল্কি ‘2898 AD’এ ৷

Kalki 2898 AD marks 1000 cr at world wide box office beats SRK Pathaan Amitabh Bachchan reacts amazing
মুক্তিৰ ১৬ দিনত অভিলেখ ভংগ কল্কি ‘2898 AD’ৰ...অমিতাভ বচ্চনে ক’লে বাঃ বাঃ (INSTAGRAM)
author img

By ETV Bharat Assamese Team

Published : Jul 13, 2024, 3:09 PM IST

চিটাৰা ডেস্ক, 13 জুলাই: দক্ষিণৰ ছুপাৰষ্টাৰ প্ৰভাসৰ মাইথ’লজি এণ্ড চাইন্স ফিকচনৰ আধাৰত নিৰ্মিত ছবি কল্কি 2898 AD এ বিশ্বজুৰি বক্স অফিচত ১০০০ কোটি টকা উপাৰ্জন কৰিছে । কল্কি 2898 AD প্ৰভাসৰ কেৰিয়াৰৰ দ্বিতীয়খন ১০০০ কোটি টকাৰ ছবি হিচাপে পৰিগণিত হৈছে । প্ৰভাসে প্ৰথমে বাহুবলী ২ ছবিৰে বিশ্বব্যাপী বক্স অফিচত ১০০০ কোটি টকাৰ পৰিসংখ্যা অতিক্ৰম কৰিছিল ।

বিগত ২৭ জুনত মুক্তি লাভ কৰা কল্কি ‘2898 AD’ আজি ১৩ জুলাইত মুক্তিৰ ১৭দিনলৈ ছবিগৃহত সগৌৰৱে চলি আছে । ১৬ দিনত বিশ্বব্যাপী বক্স অফিচত ১০০০ কোটি টকাৰ সীমা অতিক্ৰম কৰিলে ‘কল্কি 2898 AD’ এ । ইয়াৰ সমান্তৰালকৈ প্ৰভাসে ১৬ দিনীয়া ঘৰুৱা বক্স অফিচ সংগ্ৰহেৰে শ্বাহৰুখ খানৰ ছবি পাঠানৰ অভিলেখ ভংগ কৰিছে ‘কল্কি 2898 AD’ৰ জৰিয়তে । ‘কল্কি 2898 AD’ এ এই ১৬ দিনত ৫৫০ কোটি টকাৰ ঘৰুৱা সংগ্ৰহ কৰিছে ।

১৬ দিনৰ উপাৰ্জন

Sacknilkৰ মতে, ‘কল্কি ‘2898 AD’ এ ১৬ তাৰিখে ভাৰতীয় বক্স অফিচত ৫.২ কোটি টকাৰ ব্যৱসায় কৰিছে ৷ ইয়াৰ লগে লগে ‘কল্কি 2898 AD’ ছবিখনৰ ঘৰুৱা সংগ্ৰহ ৫৪৮ কোটি টকা হৈছেগৈ ৷ একে সময়তে শনিবাৰে ছবিখনে সহজেই ৫৫০ কোটি টকাৰ সীমা অতিক্ৰম কৰিব আৰু ইয়াৰ লগে লগে ‘কল্কি ‘2898 AD’’ এ দেওবাৰে এনিমেলৰ ঘৰুৱা সংগ্ৰহৰ ৫৫৩ কোটি টকাৰ অভিলেখ ভংগ কৰিব বুলি অনুমান কৰা হৈছে ৷

একে সময়তে শ্বাহৰুখ খানৰ ছবি পাঠান (২০২৩)ৰ ৫৪৩.৪৫ কোটি টকাৰ ঘৰুৱা উপাৰ্জনৰ অভিলেখ ভংগ কৰিছে ‘কল্কি ‘2898 AD’এ ৷ কেইদিনমানৰ পাচত ‘কল্কি ‘2898 AD’ ছবিখনে পাঠানৰ বিশ্বব্যাপী ১০৪৮ কোটি টকাৰ সংগ্ৰহক অতিক্ৰম কৰিব ।

কল্কিয়ে কৰিলে অভিলেখ ভংগ: বিগ বিৰ প্ৰতিক্ৰিয়া প্ৰকাশ

পাঠানৰ অভিলেখ ভংগ কৰাৰ সন্দৰ্ভত অমিতাভ বচ্চনে এটা পোষ্ট শ্বেয়াৰ কৰিছে ৷ এই পোষ্টটোত দাবী কৰা হৈছে যে কল্কিয়ে ১৫ দিনত পাঠানৰ নেট বক্স অফিচ সংগ্ৰহৰ অভিলেখ ভংগ কৰিছে আৰু ‘কল্কি 2898 AD’ এ ১০০০ কোটি টকা উপাৰ্জন কৰা আটাইতকৈ দ্ৰুততম ছবি হিচাপে পৰিগণিত হৈছে ৷ এই পোষ্টটোৰ কেপচনত অমিতাভ বচ্চনে সুখ প্ৰকাশ কৰি লিখিছে ‘an amazing effort by the conceptualisation by director Nag Ashvin’

উত্তৰ আমেৰিকাৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবি হিচাপে পৰিগণিত হৈছে কল্কি 2898 AD

একে সময়তে উত্তৰ আমেৰিকাৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবি হিচাপে পৰিগণিত হৈছে ‘কল্কি 2898 AD’। উত্তৰ আমেৰিকাত সৰ্বাধিক ১ কোটি ৭০ লাখ ডলাৰ উপাৰ্জন কৰিছে ‘কল্কি ‘2898 AD’এ । এই পোষ্টটো শ্বেয়াৰ কৰাৰ পিচত বিগ বিয়ে লিখিছে 'বাঃ বাঃ' ।

ইণ্ডিয়ান ২ মুক্তিৰ মাজত ডাঙৰ উপাৰ্জন

এই ১৬ দিনত ‘কল্কি 2898 AD’এ তেলুগু বেল্টত ২৫৫ কোটি আৰু হিন্দী বেল্টত ২৩৬ কোটি টকা সংগ্ৰহ কৰিছে । একে সময়তে কমল হাছানৰ ইণ্ডিয়ান ২ ও বিগত শুকুৰবাৰে তেলুগু ভাষাত মুক্তি লাভ কৰিছিল, যিয়ে মুক্তিৰ দিনটোত ২৬ কোটি টকাৰে শুভাৰম্ভণি কৰিছিল । ইয়াত ছবিখনে তেলুগু দৰ্শকৰ পৰা ৭.৯ কোটি টকা সংগ্ৰহ কৰিছে ।

‘কল্কি 2898 AD’ৰ পৰৱৰ্তী অংশৰ বাবে প্ৰস্তুতি

একে সময়তে ছ’চিয়েল মিডিয়াত আহি ছবিখনে ১০০০ কোটি টকাৰ সীমা অতিক্ৰম কৰাৰ সুখবৰ দিছে ‘কল্কি 2898 AD’ৰ নিৰ্মাতাসকলে । উল্লেখ্য যে, নাগ অশ্বিনৰ পৰিচালনাত নিৰ্মিত ‘কল্কি 2898 AD’ ছবিখনৰ বাজেট ৬০০ কোটি টকা আৰু ‘কল্কি 2898 AD’ৰ দ্বিতীয় খণ্ড প্ৰায় সাজু হৈছে আৰু ‘কল্কি 2898 AD’ৰ তৃতীয় খণ্ডও নিৰ্মাণ কৰা হ’ব ।

লগতে পঢ়ক: ৫ দিনতে ভংগ কৰিলে ৰেকৰ্ড; বাহুবলীকো চেৰ পেলাব নেকি কল্কি 2898 AD য়ে - Kalki 2898 AD Box Office Collection

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.