চিটাৰা ডেস্ক, 17 জুুন : অৱশেষত মুক্তি পালে কল্কি ২৮৯৮ এডিৰ প্ৰথমটো একক গীত ৷ দুবাৰকৈ মুক্তিৰ বাবে সাজু হৈ পলম হোৱাৰ পিচতহে মুক্তি পায় গীতটোৱে ৷ গীতটোৰ মুক্তিৰ পূৰ্বে পৰ্দাৰ আঁৰৰ (BTS) এটা ভিডিঅ’ই ইণ্টাৰনেটত খলকনি তোলে । নিৰ্মাতাসকলে শ্বেয়াৰ কৰা বিটিএছৰ এটা ক্লিপত প্ৰভাস আৰু দিলজিৎ দোছাঞ্জে মৰমলগা মুহূৰ্ত শ্বেয়াৰ কৰা দেখা যায়, যিয়ে তেওঁলোকৰ অনুৰাগীৰ মুখত হাঁহি বিৰিঙিয়াই ৷
ভৈৰৱ গীতটো বহু প্ৰতীক্ষিত এই ছাই-ফাই ছবিখনৰ প্ৰথমটো গীত ৷ তেলুগু আৰু পাঞ্জাবী গীতৰ কথা মিহলাই এক যুগান্তকাৰী সংগীত সৃষ্টি কৰা হৈছে । বিশেষকৈ কুমাৰ নামেৰে পৰিচিত ৰাকেশ কুমাৰ পালে লিখা আৰু সন্তোষ নাৰায়ণনৰ ৰচনা ভৈৰৱ এন্থেম সৃষ্টি কৰিছে দিলজিৎ দোছাঞ্জ আৰু দীপক ব্লুয়ে । এই সাহসী সংগীত সংযোজন পৰীক্ষাই পাঞ্জাবী পদ্যসমূহ ধৰি ৰাখিছে আৰু লগতে বিভিন্ন সংস্কৰণত তেলুগু শাৰীসমূহ তামিল আৰু হিন্দীলৈ খাপ খুৱাই লৈছে ।
লগতে পঢ়ক : এদিন নৌহওঁতেই 1 কোটি 30 লাখৰো অধিক দৰ্শকক মুহিলে এটা মাত্ৰ ট্ৰেইলাৰে - Kalki 2898 AD Trailer
ভৈৰৱ এন্থেমৰ টিজাৰ যোৱা শনিবাৰে মুক্তি দিয়া হয়, য’ত দিলজিতক তেওঁৰ আকৰ্ষণীয় পাঞ্জাৱী ব্যক্তিত্বত দেখাৰ বিপৰীতে, প্ৰভাসে পাগুৰি পিন্ধা দেখা যায় ৷ দুয়োৰে লুকে অনুৰাগীৰ মাজত যথেষ্ট চৰ্চা লাভ কৰে ৷ ভৈৰৱ সংগীতৰ ভিডিঅ’টোৱে দুয়ো তাৰকাৰে অনুৰাগীসকলৰ বাবে এক দৃশ্যমান ভোজ সদৃশ বুলি ক’ব পাৰি ৷
মূলতঃ ১৬ জুনত নিৰ্ধাৰিত ভৈৰৱ সংগীতৰ সম্পূৰ্ণ ভিডিঅ' মুকলি অজ্ঞাত কাৰণত ১৭ জুনত মুক্তি দিয়া হয় ৷ নিৰ্মাতাসকলে অৱশ্যে একাধিক ষ্ট্ৰীমিং প্লেটফৰ্মত ইয়াৰ অডিঅ' সংস্কৰণ মুকলি কৰি অনুৰাগীসকলক আংশিকভাৱে সন্তুষ্ট কৰিছিল ।
গীতটোৰ মুক্তিৰ পূৰ্বে নিৰ্মাতাসকলে অনুৰাগীসকলক দিলজিৎ আৰু প্ৰভাসে শ্বেয়াৰ কৰা এক মৰমলগা অফ-কেমেৰা মুহূৰ্তৰ সৈতে আদৰণি জনায় । এই মিউজিক ভিডিঅ’টোৰ বাবে সহযোগিতা কৰা দুয়োগৰাকী তাৰকাই কেমেৰাৰ বাহিৰত উষ্ম আলিংগন বিনিময় কৰা দেখা গৈছিল, যিটো মুহূৰ্তৰ ভিডিঅ’ এতিয়া অনলাইনত ব্যাপকভাৱে প্ৰচাৰিত হৈছে । ভিডিঅ'টোত প্ৰভাস আৰু দিলজিতৰ নম্ৰতাক প্ৰশংসা কৰিছে অনুৰাগীয়ে । BTS ক্লিপটোৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এজন অনুৰাগীয়ে লিখিছে, "ডাৰ্লিং ফৰ এ ৰিজন ৷"
২৭ জুনত বিশ্বব্যাপী মুক্তিৰ বাবে সাজু হৈছে Kalki 2898 AD ৷ বক্স অফিচৰ আৰম্ভণিৰ সূচকে আগতীয়া বুকিঙৰ ১০ লাখ ডলাৰৰ সীমা অতিক্ৰম কৰি এক শক্তিশালী মুকলিৰ ইংগিত দিছে । প্ৰতিবেদন অনুসৰি কল্কি ২৮৯৮ এডিয়ে আৰ আৰ আৰৰ অভিলেখক অতিক্ৰম কৰি আমেৰিকাত প্ৰিমিয়াৰ প্ৰি-চেলছত মাইলৰ খুঁটি অৰ্জন কৰা আটাইতকৈ দ্ৰুততম ভাৰতীয় ছবি হিচাপে নতুন ৰেকৰ্ড গঢ়ি তুলিছে ।
লগতে পঢ়ক : আগেয়ে নেদেখা ৰূপত বিগ বি-দীপিকা: ‘ভৈৰৱা’ চৰিত্ৰত প্ৰভাস নে অইন কোনোবা ? - Kalki 2898 AD Trailer