চিটাৰা ডেস্ক, 17 জুলাই: বক্স অফিচত আধিপত্য বিস্তাৰ কৰিছে প্ৰভাস, দীপিকা, অমিতাভ বচ্চনৰ কল্পবিজ্ঞান-কল্পকাহিনী ছবি ‘কল্কি 2898 AD’। এই ছবিখন ২০২৪ চনৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবিৰ ভিতৰত অন্যতম । ২৭ জুনত মুক্তিলাভ কৰা নাগ অশ্বিনৰ দ্বাৰা পৰিচালিত ‘কল্কি 2898 AD’ হৈছে পৌৰাণিক আৰু কল্পবিজ্ঞানৰ ওপৰত আধাৰিত এখন ছবি ৷ মাত্ৰ ১৬ দিনৰ ভিতৰতে এই ছবিখনে বিশ্বজুৰি ১০০০ কোটি টকাৰ সীমা অতিক্ৰম কৰিছে ।
পৌৰাণিক কাহিনী আৰু বিজ্ঞানৰ চমৎকাৰী সংমিশ্ৰণ ‘কল্কি 2898 AD’ চাবলৈ ছবিগৃহত অনুৰাগী আৰু দৰ্শকৰ হেতাওপৰা লাগিছে । তাৰ মাজতে যিসকলে ছবিগৃহত কল্কি উপভোগ কৰিব পৰা নাই তেওঁলোকৰ বাবে আছে এটি সুখবৰ কিয়নো অতি শীঘ্ৰেই OTT প্লেটফৰ্মত আহিবলৈ সাজু হৈছে ‘কল্কি 2898 AD’ ৷
সংবাদ মাধ্যমৰ খবৰ অনুসৰি ‘কল্কি 2898 AD’ ছবিখন ছবিগৃহত মুক্তি পোৱাৰ ১০ সপ্তাহৰ পিচত এতিয়া OTT প্লেটফৰ্মত ষ্ট্ৰীমিং কৰাৰ পৰিকল্পনা কৰিছে ‘কল্কি 2898 AD’ৰ নিৰ্মাতাসকলে । অৰ্থাৎ ছেপ্টেম্বৰৰ আৰম্ভণিতে ছবিখন অ’টিটিত প্ৰচাৰিত হ’ব পাৰে ।
খবৰ অনুসৰি, এমাজন প্ৰাইম ভিডিঅ’ ইণ্ডিয়াই ইয়াক তেলুগু, তামিল, কানাড়া আৰু মালয়ালমকে ধৰি অন্যান্য আঞ্চলিক ভাষাত ষ্ট্ৰীম কৰিব, আনহাতে নেটফ্লিক্স ইণ্ডিয়াই এই ছবিৰ হিন্দী সংস্কৰণ দৰ্শকলৈ আগবঢ়াব । অৱশ্যে অ’টিটি প্লেটফৰ্মত মুক্তিৰ তাৰিখ এতিয়াও আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই নিৰ্মাতাসকলে । কিন্তু অতিশীঘ্ৰে তেওঁলোকে ইয়াৰ বিষয়ে আপডেট দিব ।
‘কল্কি 2898 AD’ৰ ষ্টাৰকাষ্টত প্ৰভাস, দীপিকা পাডুকন, অমিতাভ বচ্চন আৰু কমল হাছানৰ দৰে ডাঙৰ তাৰকা আছে । ইফালে ছবিখনৰ অপৰিসীম সফলতা উপভোগ কৰি আছে ছবি নিৰ্মাতা তথা তাৰকাসকলে । শেহতীয়াকৈ কমল হাছানে এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে, য’ত তেওঁ ছবিখনে বিশ্বজুৰি ১০০০ কোটি টকাৰ সীমা অতিক্ৰম কৰাৰ কৃতিত্বৰ কথা কোৱা দেখা গৈছে ।
৩ দিন পূৰ্বে বিশ্বব্যাপী বক্স অফিচত ১০০০ কোটি টকাৰ সীমা অতিক্ৰম কৰিছিল ছবিখনে । এতিয়া এই বছৰৰ সৰ্বাধিক উপাৰ্জন কৰা ছবি হিচাপে পৰিগণিত হৈছে ‘কল্কি 2898 AD’। উপাৰ্জনৰ ক্ষেত্ৰত চলিত বৰ্ষৰ দুখন ডাঙৰ ছবি ফাইটাৰ আৰু হনুমানক পৰাস্ত কৰিছে ‘কল্কি 2898 AD’ ছবিখনে ।