ETV Bharat / entertainment

জৱান-পাঠানৰ ৰেকৰ্ড ভংগ কল্কি 2898 ADৰ : প্ৰথম দিনৰ সংগ্ৰহে চেৰ পেলালে বহু ছবিক - Kalki 2898 AD Box Office

author img

By ETV Bharat Assamese Team

Published : Jun 28, 2024, 4:34 PM IST

Kalki 2898 AD Box Office Opening Collection Day 1: প্ৰভাসৰ ছবি কল্কি 2898 ADএ নিজৰ ভাল সংগ্ৰহেৰে বক্স অফিচত শ্বাহৰুখ খানৰ ছবি জৱান-পাঠানকে ধৰি এই হিন্দী ছবিসমূহৰ অভিলেখ ভংগ কৰিবলৈ সক্ষম হৈছে ৷ চাওক তালিকা-

Kalki 2898 AD Box Office Prabhas beats SRK Jawan with these Hindi Films on Opening Day Worldwide
জৱান, পাঠানৰ ৰেকৰ্ড ভংগ কল্কি 2898 ADৰ; প্ৰথম দিনৰ সংগ্ৰহেৰে চেৰ পেলালে এইসমূহ ছবিক (INSTAGRAM)

চিটাৰা ডেস্ক, 28 জুন: প্ৰথম দিনাই বিশ্বজুৰি বক্স অফিচত আধিপত্য বিস্তাৰ কৰিছে কল্কি 2898 ADএ । প্ৰভাস, দীপিকা পাডুকন, অমিতাভ বচ্চন, কমল হাছান অভিনীত কল্পবিজ্ঞান-কল্পকাহিনী ছবি কল্কি 2898 AD হয়তো ভাৰতীয় চলচ্চিত্ৰ জগতৰ আটাইতকৈ ডাঙৰ অপেনাৰ হোৱা নাছিল যদিও প্ৰথম দিনৰ উপাৰ্জনৰ লগে লগে কল্কি 2898 ADএ হিন্দী চিনেমা জগতৰ এখন উল্লেখযোগ্য চিনেমা হিচাপে পৰিগণিত হৈছে ৷ ইয়াৰ ভিতৰত ২০২৩ চনত শ্বাহৰুখ খানৰ মেগা ব্লকবাষ্টাৰ ছবি জৱান আৰু পাঠানৰ বাহিৰেও বহু হিন্দী ছবিও আছে । যিয়ে বক্স অফিচত প্ৰথম দিনাই ভাল সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ৷

কল্কি 2898 AD প্ৰথম দিনৰ সংগ্ৰহ

বক্স অফিচৰ প্ৰাৰম্ভিক বাতৰি অনুসৰি বিশ্বজুৰি ১৮০ কোটি টকাৰে ভাল আৰম্ভণি কৰিছে কল্কি 2898 ADএ । একে সময়তে ভাৰতত ছবিখনে ১০০ কোটি টকাৰ অপেনিং লাভ কৰি শ্বাহৰুখ খানৰ ছবি জৱান আৰু পাঠানকে ধৰি বহু হিন্দী ছবিৰ অভিলেখ ভংগ কৰিছে । কল্কিয়ে হিন্দী ভাষাত ২৪ কোটি টকা আৰু সকলো ভাষাতে ১০০ কোটি টকা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ।

ভাৰতত মুক্তিৰ প্ৰথম দিনা ভাল সংগ্ৰহ কৰা শীৰ্ষ ছবিসমূহ

  • জৱান (৬৫.৫ কোটি) অপেনিং, (৫৮২.২১ কোটি-ঘৰুৱা মুঠ সংগ্ৰহ)
  • পাঠান (৫৫ কোটি) অপেনিং, ৫২৪.৫৩ কোটি-ঘৰুৱা মুঠ সংগ্ৰহ)
  • এনিমেল (৫৪.৭৫ কোটি) অপেনিং, (৫০২.৯৮ কোটি-ঘৰুৱা মুঠ সংগ্ৰহ)
  • ৱাৰ- (৫১.৬ কোটি) অপেনিং, (৩০৩.৩৪ কোটি - ঘৰুৱা মুঠ সংগ্ৰহ)
  • ঠাগছ অফ হিন্দ’স্তান - (৫০.৭৫ কোটি) অপেনিং, (১৪৫.৫৫ কোটি - ঘৰুৱা মুঠ সংগ্ৰহ)
  • টাইগাৰ ৩- (৪৩ কোটি) অপেনিং, (২৭৬.৬২ কোটি-ঘৰুৱা মুঠ সংগ্ৰহ)
  • হেপী নিউ ইয়েৰ- (৪২.৬২ কোটি) অপেনিং, (১৯৯.৯৫ কোটি-ঘৰুৱা মুঠ সংগ্ৰহ)
  • ভাৰত- (৪২.৩ কোটি) অপেনিং, (২১২.০৩ কোটি - ঘৰুৱা মুঠ সংগ্ৰহ)
  • গদৰ ২- (৪০.১০ কোটি) অপেনিং, (৫২৫ কোটি-ঘৰুৱা মুঠ সংগ্ৰহ)

মুক্তিৰ প্ৰথম দিনা ভাল সংগ্ৰহ কৰা শীৰ্ষ ছবি

  1. আৰ আৰ আৰ- (২২৩.৫ কোটি)
  2. বাহুবলী ২- (২১৪.৫ কোটি)
  3. কল্কি 2898 AD (১৮০ কোটি)--উপাৰ্জন অব্যাহত আছে
  4. ছালাৰ- (১৬৫.৩ কোটি)
  5. কেজিএফ ২- (১৬২.৯ কোটি)
  6. লিঅ’- (১৪২ কোটি)
  7. আদিপুৰুষ – (১৩৬.৮ কোটি)
  8. জৱান- (১২৯.৬ কোটি)
  9. সাহো- (১২৫.৬ কোটি)
  10. এনিমেল- (১১৫.৯ কোটি)
  11. পাঠান- (১০৬ কোটি)

একে সময়তে বিশ্বব্যাপী মুকলিৰ প্ৰথম দিনাৰ সংগ্ৰহৰ ক্ষেত্ৰত বক্স অফিচত এই সকলোবোৰ হিন্দী ছবিক পৰাস্ত কৰিছে কল্কি 2898 AD ছবিখনে ।

লগতে পঢ়ক: ভাৰতীয় চিনেমা ইতিহাসৰ তৃতীয় বৃহত্তম অ’পেনাৰ হিচাপে আত্মপ্ৰকাশ Kalki 2898 AD ৰ - Kalki 2898 AD Day 1collection

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.