ETV Bharat / entertainment

উইকেণ্ডত আনুমানিক 500 কোটি টকাৰ সীমা চুবগৈনে কল্কি 2898 এডিয়ে ? - Kalki 2898 AD day 2 collection

author img

By ETV Bharat Assamese Team

Published : Jun 29, 2024, 12:50 PM IST

Updated : Jun 29, 2024, 1:40 PM IST

Kalki 2898 AD day 2 collection: দ্বিতীয় দিনত কল্কি 2898 এডিৰ বক্স অফিচ সংগ্ৰহ 43 শতাংশ হ্ৰাস, হিন্দী সংস্কৰণে প্ৰথম সপ্তাহান্তত 100 কোটি টকা অতিক্ৰম কৰাৰ সম্ভাৱনা আছে ৷

Kalki 2898 AD box office collection Day 2: Prabhas-starrer records dip of 43 percent, Hindi version likely to cross Rs 100 cr mark in first weekend
কল্কি 2898 এডি (ETV Bharat)

চিটাৰা ডেস্ক, 29 জুন : বিভিন্ন ভাষাত মুক্তি পোৱা কল্কি 2898 এডিয়ে দ্বিতীয় দিনা আশানুৰূপ ফল নেদেখুৱালে ৷ মুক্তিৰ পিছৰ দিনটোত উপাৰ্জন হ্ৰাস পাই ছবিখনৰ । মুকলি দিনৰ তুলনাত ভাৰতত ছবিখনৰ সংগ্ৰহ ৪৩ শতাংশ হ্ৰাস পোৱাৰ লগতে তেলুগু সংস্কৰণত লক্ষণীয় হ্ৰাস দেখা গৈছে ।

কল্কি 2898 এডিৰ বক্স অফিচ যাত্ৰা আৰম্ভ হৈছিল ধুমুহাৰ গতিৰে ৷ মুকলি দিনটোত বিশ্বজুৰি ১৯১.৫ কোটি টকা উপাৰ্জন কৰে ছবিখনে । কিন্তু ইণ্ডাষ্ট্ৰী ট্ৰেকাৰ ছাকনিলকৰ মতে, দ্বিতীয় দিনা ছবিখনৰ উপাৰ্জন যথেষ্ট হ্ৰাস পায় । ভাৰতত প্ৰথম দিনাই ৯৫.৩ কোটি টকা নেট সংগ্ৰহ কৰে যদিও এই সংখ্যা ৪৩ শতাংশতকৈ অধিক হ্ৰাস পাই দ্বিতীয় দিনটোত ৫৪ কোটি টকা হয় ।

লগতে পঢ়ক : উত্তৰ আমেৰিকাত $5.5 নিযুত উপাৰ্জনৰ সৈতে আই এম ডি বিৰ হাই ৰেটিং লাভ কল্কি ২৮৯৮ এডিৰ - Kalki North America collection

ছবিখনৰ তেলুগু সংস্কৰণত আটাইতকৈ লক্ষণীয় হ্ৰাস দেখা গৈছে, য’ত প্ৰথম দিনা ৬৫.৮ কোটি টকা উপাৰ্জনৰ বিপৰীতে পিছদিনা মাত্ৰ ২৫.৬৫ কোটি টকাহে উপাৰ্জন হয় । শুকুৰবাৰে তেলুগু প্ৰদৰ্শনীত ৬৫.০২ শতাংশ লোক দেখিবলৈ পোৱা যায় ৷ আনহাতে দুয়োটা দিনতে ছবিখনৰ হিন্দী সংগ্ৰহ ২২.৫ কোটি টকাতে স্থিৰ হৈ আছে ।

তেলুগু, তামিল, হিন্দী, কানাড়া আৰু মালায়ালমত মুক্তি পোৱা এই ছবিখনে গোটেইকেইটা ভাষাতে পৃথক প্ৰদৰ্শন আগবঢ়ায়-

  • তামিল সংস্কৰণত ৪.৫ কোটি টকাৰে মুকলি হোৱা ছবিখনৰ উপাৰ্জন দ্বিতীয় দিনটোত সামান্য হ্ৰাস পাই ৩.৫ কোটি টকা হয়গৈ ।
  • কানাড়া ভাষাত প্ৰথম দিনটোত ৩০ লাখ আৰু দ্বিতীয় দিনা ৩৫ লাখ টকা উপাৰ্জন কৰে ।
  • মালয়ালমত ছবিখনে মুঠ ৪.৪ কোটি টকা উপাৰ্জন কৰে, প্ৰথম দিনটোত ২.২ কোটি আৰু দ্বিতীয় দিনত ২ কোটি টকা উপাৰ্জন কৰে ।
  • মুঠতে ভাৰতত কল্কি 2898 এডিৰ দুদিনীয়া সংগ্ৰহ হৈছে ১৪৯.৩ কোটি টকা ।

আৰম্ভণিৰ দিনটোত কল্কি 2898 এডিয়ে কেজিএফ 2-ৰ বিশ্বব্যাপী সংগ্ৰহৰ পৰিসংখ্যা অতিক্ৰম কৰে ৷ লগতে আৰ আৰ আৰ আৰু বাহুবলী 2 ৰ পিচত তৃতীয় সৰ্বাধিক অপেনাৰ হিচাপে পৰিগণিত হয় ।

বাহুবলী 2 য়ে ইয়াৰ দ্বিতীয় দিনলৈ বিশ্বজুৰি 382 কোটি টকা উপাৰ্জন কৰিছিল, আনহাতে আৰ আৰ আৰ 350 কোটি টকাত উপনীত হৈছিল । আনহাতে, যশৰ কেজিএফ চেপ্তাৰ 2 য়ে বিশ্বব্যাপী 286 কোটি টকা উপাৰ্জন কৰিছিল । উত্তৰ আমেৰিকাত এই ছবিখনে ৭০ লাখ ডলাৰ উপাৰ্জন কৰে । কল্কি ২৮৯৮ এডি হিন্দী সংস্কৰণে প্ৰথম সপ্তাহান্তত ১০০ কোটি টকাৰ সীমা অতিক্ৰম কৰিব বুলি আশা কৰা হৈছে ৷

সাধাৰণতে বৃহস্পতিবাৰে মুক্তি পোৱা ছবিসমূহৰ সংখ্যা ২ দিনত হ্ৰাস পোৱাৰ সম্ভাৱনা থাকে । অৱশ্যে প্ৰভাসৰ বিপুল অনুৰাগীৰ সংখ্যাই কল্কিৰ হিন্দী ভাষাৰ সংস্কৰণত উপাৰ্জনৰ ক্ষেত্ৰত সহায় কৰিছে ৷ হিন্দী সংস্কৰণে প্ৰথম সপ্তাহৰ শেষৰ ফালে ১০০ কোটি টকাৰ নেট লাভ কৰিব পাৰে । সংগ্ৰহৰ হাৰ যথেষ্ট হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত ছবিখনে আনুমানিক ৫০০ কোটি টকাৰ উইকেণ্ড মাৰ্ক লাভ কৰিব নেকি সেয়া অনিশ্চিত হৈ আছে ।

কল্কি 2898 এডিত অমিতাভ বচ্চন, দীপিকা পাডুকন, কমল হাছান, আৰু দিশা পাটানিকে ধৰি বিশিষ্ট তাৰকাসকল আছে, য'ত এছ এছ ৰাজামৌলী, দুলকৰ ছলমান, মৃণাল ঠাকুৰ আৰু বিজয় দেৱেৰাকোণ্ডাৰ কেমিঅ' আছে ।

লগতে পঢ়ক : বিশ্বব্যাপী কল্কিৰ বৃহৎ উপাৰ্জনৰ অন্তত নিৰ্মাতাৰ মুখৰ পৰা ওলাল এই বাক্য - Kalki 2898 AD Day 1 Collection

Last Updated : Jun 29, 2024, 1:40 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.