ETV Bharat / entertainment

কল্কি 2898 ADৰ দৰ্শকৰ বাবে ডাঙৰ চাৰপ্ৰাইজ! দৰ্শকে পৰিচালকক দিলে ধন্যবাদ - Kalki 2898 AD

author img

By ETV Bharat Assamese Team

Published : Jun 27, 2024, 1:34 PM IST

Kalki 2898 AD Cameos: প্ৰভাস অভিনীত ছবি কল্কি 2898 ADত দৰ্শকক এক ডাঙৰ চমক দিবলৈ সক্ষম হৈছে দক্ষিণ ভাৰতৰ ছবিজগতৰ দুগৰাকীকৈ ছুপাৰষ্টাৰ ক্ৰমে বিজয় দেৱেৰাকোণ্ডা আৰু দুল্কুৰ ছলমানে । জানি লওক ছবিখনত বিজয় দেৱেৰাকোণ্ডা আৰু দুলকুৰ ছলমানে কেনে ভূমিকা পালন কৰিছে ।

Kalki 2898 AD Audience thank Nag Ashwin for Vijay Deverakonda and Dulquer Salmaan Cameos Here What They Play
কল্কি 2898 ADৰ দৰ্শকৰ বাবে ডাঙৰ চাৰপ্ৰাইজ! দৰ্শকে পৰিচালকক দিলে ধন্যবাদ (ETV Bharat)

চিটাৰা ডেস্ক, 27 জুন: অৱশেষত অপেক্ষাৰ অৱসান ঘটিল ৷ মুক্তি পালে বহু প্ৰতিক্ষীত ছবি দক্ষিণ ছুপাৰষ্টাৰ প্ৰভাস অভিনীত ছবি কল্কি 2898 AD ৷ আজি ২৭ জুন অৰ্থাৎ আজি বিশ্বৰ চিনেমাগৃহত মুক্তি লাভ কৰিছে কল্কি 2898 AD ৷ কল্কি 2898 ADএ কেৱল দেশেই নহয় বিদেশতো যথেষ্ট চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে ৷ কল্কি 2898 AD ছবিখনৰ আটাইতকৈ ডাঙৰ উন্মাদনা উত্তৰ আমেৰিকাত দেখা গৈছে আৰু সমান্তৰালকৈ হায়দৰাবাদতো ছবিখনে দৰ্শকৰ যথেষ্ট সঁহাৰি পাবলৈ সক্ষম হৈছে ৷

আজি পুৱাৰে পৰা কল্কি 2898 ADএ মুক্তি পোৱাৰ লগে লগে ছবিগৃহত এক হুলস্থুলীয়া পৰিবেশে বিৰাজ কৰিছে ৷ এক কথাত ক’বলৈ গ’লে দৰ্শকৰ বিপুল সঁহাৰি পাবলৈ সক্ষম হৈছে কল্কি 2898 ADএ ৷

কল্কিত দুই জনপ্ৰিয় অভিনেতাৰ আগমন

একে সময়তে ছবিখনত বিজয় দেৱেৰাকোণ্ডা আৰু দুল্কুৰ ছলমানৰ কেমিঅ’ই এক হুলস্থুলৰ সৃষ্টি কৰিছে চিনেমাগৃহত । ছবিখনৰ ক্লিপ ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে শ্বেয়াৰ কৰা হৈছে আৰু দুলকুৰ ছলমান আৰু বিজয় দেৱেৰাকোণ্ডাৰ কেমিঅ’ দেখিবলৈ পোৱা গৈছে । বিজয় আৰু দুলকুৰ ছালমানে ছবিখনত কি ভূমিকা পালন কৰিছে জানো আহক ।

মহাভাৰতৰ সৈতে আছে সংযোগ

উল্লেখ্য যে, ছবিখনত বিজয় দেৱেৰাকোণ্ডা আৰু দুলকুৰ ছলমানৰ চৰিত্ৰৰ মহাভাৰতৰ সৈতে চিধা সংযোগ দেখুওৱা হৈছে । তেওঁলোকৰ যুদ্ধৰ ছবি আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত ব্যাপকৰূপে ভাইৰেল হৈ পৰিছে, য’ত প্ৰকাশ পাইছে যে অভিনেতা প্ৰভাসৰ ভৈৰৱ চৰিত্ৰত অভিভাৱকৰ চৰিত্ৰত অভিনয় কৰিছে দুল্কুৰ ছলমানে । ছবিখনত দুল্কুৰ ছলমানৰ কেমিঅ’ ৰোলক দৰ্শকে ভাল পাইছে । আনহাতে বিজয়ৰ কথা ক’বলৈ গ’লে তেওঁ ছবিখনত অৰ্জুনৰ চৰিত্ৰত অভিনয় কৰা দেখিবলৈ পোৱা যাব ।

লগতে পঢ়ক: কল্কি 2898 AD ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব এই ১০টা চৰিত্ৰই; চাওক তালিকা - Kalki 2898 AD Characters

কল্কি 2898 ADত বিজয় আৰু ছলমানৰ কেমিঅ’ৰ বাবে নাগ অশ্বিনক প্ৰশংসা কৰিছে দৰ্শকে । উল্লেখ্য যে, নাগ অশ্বিনে পৰিচালনা কৰিছে কল্কি 2898 AD । একে সময়তে লাইভ ইনষ্টাগ্ৰাম চেচনত নাগ অশ্বিনে ছলমান আৰু বিজয় ছবিখনৰ কেমিঅ’ৰ কথা স্পষ্টভাৱে উল্লেখ কৰে ।

জনাই দিও যে, কল্কি 2898 AD ছবিখনৰ ভাৰতত সকলো ভাষাতে ১১ লাখৰো অধিক টিকট বিক্ৰী হৈছে । বক্স অফিচৰ এক্সপাৰ্টসকলৰ মতে, ঘৰুৱা বক্স অফিচত ১০০ কোটি টকাৰে আৰম্ভণি কৰা ছবিখনে বিশ্বজুৰি ২০০ কোটিতকৈ অধিক ধন সংগ্ৰহ কৰিব বুলি জানিব পৰা গৈছে । কেৱল সেয়াই নহয় দৰ্শকৰ উন্মাদনা দেখি বহুলোকে এয়াও অনুমান কৰিছে যে বাহুবলী আৰু আৰ আৰ আৰৰ দৰে কল্কি 2898 ADয়েও বক্স অফিচত এক অধ্যায় লিখিবলৈ সক্ষম হ’ব ৷

Sacknilkৰ প্ৰতিবেদন অনুসৰি ছবিখনৰ তেলুগু ভাষাত ১৫ লাখ টিকট বিক্ৰী হৈছে । ছবিখনে এডভান্স বুকিঙত ৫৫.১১ কোটি টকাৰ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে লগতে মুক্তিৰ প্ৰথমটো দিনত এতিয়ালৈকে ৩২.৯৭ কোটি টকাৰ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে কল্কি 2898 ADএ ৷

উল্লেখ্য যে, তেলুগু, হিন্দী, তামিল, মালয়ালম, আৰু কানাড়া ভাষাত মুক্তি লাভ কৰিছে ছবিখনে । এতিয়া প্ৰশ্ন হয় যে 600 কোটিৰ দৰে এটা ডাঙৰ সংখ্যা ঘৰ চুবলৈ সক্ষম হ’বনে কল্কিয়ে ৷ সেয়া সময়তহে জানিব পৰা যাব ৷

লগতে পঢ়ক: কল্কি 2898 এডিয়ে উত্তৰ আমেৰিকাত আৰ আৰ আৰৰ অভিলেখ ভংগ কৰে - Kalki AD 2898 Box Office

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.