ETV Bharat / entertainment

Kalki 2898 AD ৰ মুক্তিৰ আগতে বিগ বিয়ে প্ৰভাসৰ অনুৰাগীসকলৰ পৰা ক্ষমা বিচাৰিছে ! - Kalki 2898AD release date

author img

By ETV Bharat Entertainment Team

Published : Jun 24, 2024, 1:35 PM IST

Kalki 2898AD release : 27 জুনত চিনেমাগৃহত মুক্তি পাব কল্কি 2898 এডি । মুক্তিৰ মাত্ৰ কেইদিনমান পূৰ্বে প্ৰভাস, অমিতাভ বচ্চন আৰু দীপিকা পাডুকন অভিনীত ছবিখনৰ নিৰ্মাতাসকলে তাৰকাকেইজনৰ এটা সাক্ষাৎকাৰ শ্বেয়াৰ কৰিছে । অমিতাভ বচ্চনে কিয় প্ৰভাসৰ অনুৰাগীৰ পৰা ক্ষমা বিচাৰিছে জানিবলৈ প্ৰতিবেদনটো আগলৈ পঢ়ক -

Kalki 2898AD release
কল্কি ২৮৯৮এডি পোষ্টাৰ ((Vyjayanthi Movies X handle))

চিটাৰা ডেস্ক, 24 জুন : নাগ অশ্বিন পৰিচালিত কল্কি 2898 এডিৰ বাবে আগতীয়া বুকিং বিশ্বজুৰি চলচ্চিত্ৰপ্ৰেমীৰ অনুকূল সঁহাৰিৰ সৈতে আকাশচুম্বী হৈছে । কেইবাটাও শ্ব’ৰ টিকট দ্ৰুতগতিত বিক্ৰী হৈছে, যিটো প্ৰভাসৰ জনপ্ৰিয়তাৰ প্ৰতি লক্ষ্য ৰাখি কোনো আচৰিত হ’বলগীয়া কথা নহয় । এতিয়া, বৈজয়ন্তী মুভিজৰ নিৰ্মাতাসকলে তেওঁলোকৰ এক্স হেণ্ডেলত ছবিখনৰ তাৰকা কলা-কুশলীসকলক লৈ এটা আকৰ্ষণীয় সাক্ষাৎকাৰ আপলোড কৰিছে । দেখা গৈছে সাক্ষাৎকাৰৰ সময়ত অমিতাভ বচ্চনে প্ৰভাসৰ অনুগামীসকলৰ ওচৰত ক্ষমা বিচাৰিছিল ।

প্ৰভাস, দীপিকা পাডুকন, কমল হাছান, অমিতাভ বচ্চন আৰু প্ৰযোজক স্বপ্না আৰু প্ৰিয়ংকা দত্তৰ সৈতে বিশেষ সাক্ষাৎকাৰটো প্ৰতিশ্ৰুতি অনুসৰি মুকলি কৰা হৈছে । ভিডিঅ'টোত বচ্চনে কয়, "যেতিয়া নাগে বিষয়টো আলোচনা কৰিবলৈ মোৰ ওচৰলৈ গৈছিল, তেতিয়া তেওঁ মোক মোৰ চৰিত্ৰ আৰু প্ৰভাস কেনেকুৱা হ'ব তাৰ এখন ছবি দেখুৱাইছিল । আৰু মই এই বিশাল মানুহজন আছিলোঁ যিয়ে 'দ্য প্ৰভাস'ক আঁতৰাই পঠাইছিলোঁ ।"

অভিনেতাজনে ধেমালিৰ সুৰত কয়, "প্ৰভাসৰ অনুৰাগীসকলে মোক ক্ষমা কৰিব । মই হাতযোৰ কৰি ক্ষমা বিচাৰিছো । ছবিখনত মই কি কৰিম সেইটো চাই মোক হত্যা নকৰিব ।" বিগ বিয়ে ছবিখনত তেওঁৰ আৰু প্ৰভাসৰ মাজত হোৱা যুদ্ধৰ দৃশ্যৰ কথা উল্লেখ কৰিছে, যিটো আমি ট্ৰেইলাৰ দুটাত দেখিছো ।

খবৰ অনুসৰি পৌৰাণিক চায়েন্স-ফিকশ্যন মনোৰঞ্জক ছবিখনত প্ৰভাস আৰু শ্বেহেনশ্বাহৰ মুখামুখিয়ে দৰ্শকক এক ৰোমাঞ্চকৰ অভিজ্ঞতা লাভ কৰাৰ সুযোগ দিব । পৰৱৰ্তী সময়ত, কমল হাছানে ছবিখনৰ অংশ হৈ তেওঁ আটাইতকৈ কি বেছি ভাল পালে সেই কথা প্ৰকাশ কৰে ।

তেওঁ বৰ্ণনা কৰে, "এয়া কেমেৰা বা কৰ্মচাৰীৰ সংখ্যাৰ বিষয়ে নহয় । মই ছেটটোৰ নিস্তব্ধতাক আটাইতকৈ বেছি প্ৰশংসা কৰিছিলো কাৰণ বেছিভাগ ছেটত ইয়াৰ অভাৱ আছে । শব্দ এজন ব্যক্তিৰ ভিতৰত আৰু থিয়েটাৰত হ'ব লাগে, ছেটত নহয় ।"

তেওঁ লগতে কয়, "সকলোৱে শৃংখলাবদ্ধভাৱে কথা পাতি আছে । শ্ৰীযুত নাগীয়ে (নাগ অশ্বিন) তেওঁৰ সচৰাচৰ মাতটোতে কথা পাতিব পাৰে, কিন্তু তথাপিও শুনা যায় ।"

2024 চনৰ 27 জুনত ছবিগৃহত মুক্তি পাবলৈ সাজু হৈছে আৰু মুক্তিৰ মাত্ৰ কেইদিনমান পূৰ্বে ছবিখনৰ নিৰ্মাতাসকলে মথুৰাৰ ভগৱান কৃষ্ণৰ জন্মস্থানত চলচ্চিত্ৰখনৰ সংগীতৰ থিম আপলোড দিয়াৰ পৰিকল্পনা কৰিছে । 24 জুনত উন্মোচন কৰা হ’ব কল্কিৰ থিম, যিটো হিন্দু শাস্ত্ৰৰ পৰা অনুপ্ৰাণিত আৰু 2898 খ্ৰীষ্টাব্দৰ পৰিৱেশত নিৰ্মিত ।

লগতে পঢ়ক : Kalki 2898 AD ৰ অনুষ্ঠানত অমিতাভ বচ্চনৰ সন্মানজনক ইংগিত দেখি অবাক হৈ পৰিল অশ্বিনী দত্ত - Amitabh Bachchan Ashwini Dutt

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.