ETV Bharat / entertainment

জাষ্টিন বিবাৰে সজালে অনন্ত-ৰাধিকাৰ সংগীত অনুষ্ঠানৰ সন্ধিয়া : আৱেগিক হৈ পৰিল জাভেদ জাফেৰীৰ কন্যা - Anant Radhika Sangeet Ceremony

Anant-Radhika's Sangeet Ceremony: শুকুৰবাৰে অনুষ্ঠিত হৈ যায় অনন্ত-ৰাধিকাৰ সংগীত অনুষ্ঠান ৷ য’ত উপস্থিত থাকে বিভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত লোক ৷ ইফালে জাষ্টিন বিবাৰে নিজৰ ছুপাৰহিট গীতেৰে সজাই তোলে সংগীত অনুষ্ঠানৰ সন্ধিয়া ৷ চাওক ভিডিঅ’ ৷

author img

By ETV Bharat Assamese Team

Published : Jul 6, 2024, 3:32 PM IST

Updated : Jul 6, 2024, 3:54 PM IST

Justin Bieber Wows Audience at Anant-Radhika's Sangeet Ceremony, Hugs Javed Jaaferi's Daughter. Watch Inside Videos
জাষ্টিন বিবাৰে সজালে অনন্ত-ৰাধিকাৰ সংগীত অনুষ্ঠানৰ সন্ধিয়া; আৱেগিক হৈ পৰিল জাভেদ জাফেৰীৰ কন্যা (INSTAGRAM)

চিটাৰা ডেস্ক, 6 জুলাই: অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিবাহৰ অনুষ্ঠান ইতিমধ্যে আৰম্ভ হৈছে । ১২ জুলাইৰ পিচত অন্ত পৰিব এই বিবাহনুষ্ঠানৰ । ইফালে শুকুৰবাৰে বিবাহৰ সংগীত অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ য’ত বহু নামী-দামী তাৰকা উপস্থিত থাকে ৷

জাষ্টিন বিবাৰে আকৰ্ষণীয় কৰি তোলে সংগীত অনুষ্ঠানৰ সন্ধিয়া

সংগীত অনুষ্ঠানৰ বাবে পপ তাৰকা জাষ্টিন বিবাৰক সমাৱেশ সজাই তুলিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল । এই পাৰ্টীৰ ভিতৰৰ পৰা ইতিমধ্যে জাষ্টিনৰ বহু ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত । এই অভিনয়ৰ লগে লগে জাষ্টিন পিচদিনা অৰ্থাৎ শনিবাৰে পুৱাই মুম্বাইৰ পৰা আমেৰিকালৈ উভতি যায় । জাষ্টিনৰ গীতত মতলীয়া পৰে অনুষ্ঠানত উপস্থিত দৰ্শকসকল ।

তেওঁৰ কিছুমান জনপ্ৰিয় গীত যেনে ‘বেবী’, ‘নেভাৰ লেট ইউ গ’, ‘লাভ ইউৰচেল্ফ’, ‘পিচেছ’,‘বয়ফ্ৰেণ্ড’, ‘ছ’ৰী’ আৰু ‘ৱেৰ আৰ ইউ নাও'ৰে সন্ধিয়া সজাই তোলে । এই সময়ছোৱাত তেওঁৰ সৈতে মঞ্চত উপস্থিত আছিল অৰহন অৱত্ৰামণি ওৰফে অৰি । দুয়োজনে ‘Where Are You Now’ গীতটোত একেলগে সুৰ মিলাই । ইফালে, জাষ্টিন বিবাৰক নিজৰ আগত দেখি আৱেগিক হৈ পৰে জাভেদ জাফেৰীৰ কন্যা আলাভিয়া জাফ্ৰি ৷ ইফালে, অনুষ্ঠানত গীত পৰিৱেশনৰ মাজতে আলাভিয়া সাৱটি ধৰে জাষ্টিনে ৷ যি ভিডিঅ’ সম্প্ৰতি সামাজিক মাধ্যমত ব্যাপকৰূপে ভাইৰেল হৈ পৰিছে ৷

Justin Bieber Wows Audience at Anant-Radhika's Sangeet Ceremony, Hugs Javed Jaaferi's Daughter. Watch Inside Videos
জাষ্টিন বিবাৰে সজালে অনন্ত-ৰাধিকাৰ সংগীত অনুষ্ঠানৰ সন্ধিয়া; আৱেগিক হৈ পৰিল জাভেদ জাফেৰীৰ কন্যা (ETV Bharat)

কিমান পাৰিশ্ৰমিক ল’লে ?

তথ্য অনুসৰি জাষ্টিনে এৰাতি প্ৰদৰ্শন কৰাৰ বাবে 10 মিলিয়ন ডলাৰ অৰ্থাৎ প্ৰায় ৮৪ কোটি টকা লয় । জাষ্টিনৰ পূৰ্বে ৰিহানাই জামনগৰৰ প্ৰি-ৱেডিং ফাংচনত কণ্ঠদান কৰিছিল । ইয়াৰ বাবে তেওঁক ৭০ কোটি টকা দিয়া হৈছিল ।

কোন কোন চেলিব্ৰিটি আহি পালে ?

মুম্বাইৰ বি কে চিত অৱস্থিত নীতা মুকেশ আম্বানী সাংস্কৃতিক কেন্দ্ৰ (এন এম এ চি চি)ত অনুষ্ঠিত এই অনুষ্ঠানত বলীউডৰ ছলমান খান, বৰুণ ধাৱন আৰু তেওঁ পত্নী নাতাশা, আলিয়া ভাট, ৰণবীৰ কাপুৰ, আদিত্য ৰায় কাপুৰ, ৰণবীৰ সিং, দীপিকা আদি ৷

এই বিদেশী অতিথিসকলে বিয়াত উপস্থিত থকাৰ সম্ভাৱনা আছে

অনন্ত আৰু ৰাধিকাৰ বিবাহ ১২ জুলাইত মুম্বাইত হ'ব বুলি জানিব পৰা গৈছে । তিনিদিনীয়া এই দীঘলীয়া বিবাহত দ্বিতীয় দিনা অৰ্থাৎ ১৩ জুলাইত শুভ আশীৰ্বাদ অনুষ্ঠানৰ আয়োজন কৰা হৈছে । ইয়াৰ পিচত ১৪ জুলাইত অভ্যৰ্থনা অনুষ্ঠান অনুষ্ঠিত হ’ব । ইয়াত বহু চেলিব্ৰিটি আৰু বিদেশী অতিথিয়ে অংশগ্ৰহণ কৰিব । ইয়াৰ উপৰিও বিয়াৰ বাবে গায়ক এডেল, ড্ৰেক আৰু লানা ডেল ৰেৰ আগমনৰ বিষয়েও আলোচনা চলি আছে ।

লগতে পঢ়ক: অনন্ত-ৰাধিকাৰ সংগীতানুষ্ঠান : বলীউড তাৰকাই বৃদ্ধি কৰিলে গ্লেমাৰ - Anant Radhika Sangeet Night

Last Updated : Jul 6, 2024, 3:54 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.