চিটাৰা ডেস্ক, 6 জুন : পৰ্দাত চিত্ৰিত কৰা আকৰ্ষণীয় ব্যক্তিত্বৰ আঁৰত জন আব্ৰাহামৰ অন্য এক ব্যক্তিত্ব আছে যিয়ে তেওঁৰ ব্যক্তিগত জীৱনক আৱৰি ৰখাটো পছন্দ কৰে । খ্যাতি থকা স্বত্বেও, তেওঁৰ সম্পৰ্ক আৰু ব্যক্তিগত বিষয়ৰ বিষয়ে খুব কমকৈ জনা যায় । অৱশ্যে, এইটো কোনো গোপন কথা নহয় যে আমেৰিকা যুক্তৰাষ্ট্ৰত অৱস্থিত এগৰাকী বিনিয়োগ বেংকাৰ প্ৰিয়া ৰুঞ্চলৰ সৈতে অভিনেতাজনৰ আছে সুখৰ সংসাৰ ৷ ৬ জুনত মৰমলগা যুটিটোৱে বৈবাহিক জীৱনৰ ১০ বছৰ উদযাপন কৰে ।
এই বিশেষ দিনটো উদযাপনৰ বাবে প্ৰিয়াই ইনষ্টাগ্ৰামত নিজৰ আৰু তেওঁৰ সুদৰ্শন স্বামীৰ কেইখনমান ধাৰাবাহিক ফটো শ্বেয়াৰ কৰে । পোষ্টটো এখন পুৰণা ফটোৰে আৰম্ভণি হয় ৷ এক স্পন্দনশীল পটভূমিত এই শ্বটটো লোৱা হৈছে । ক্ৰমটোৰ সামৰণি পৰে এটা সুস্বাদু ভেজী পিজ্জাৰ ছবি আৰু "হেপ্পী এনিভাৰ্চেৰী" লিখা বেলুন এটাৰ সৈতে ৷ পিজ্জা আৰু গুলপীয়া হাৰ্ট ইম’জীৰে পোষ্টটোৰ লগত এটা সাধাৰণ কেপশ্যন দিয়া হৈছে ৷
এই পোষ্টটোৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এজন ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে লিখিছে, “ৱৰ্ল্ড কে বেষ্ট কাপল ।” আন এজনে লিখিছে, "হেপ্পী এনিভাৰ্চেৰী ব’থ অৱ্ ইউ । লটছ অৱ্ লৱ অলৱেজ ।" আন ব্যৱহাৰকাৰীসকলে কমেণ্ট ছেকশ্যনটো ৰঙা হৃদয়ৰ ইম’জীৰে ভৰাই তোলে ।
2014 চনত আমেৰিকা যুক্তৰাষ্ট্ৰত এক অন্তৰংগ অনুষ্ঠানত বিবাহ পাশত আৱদ্ধ হৈছিল জন-প্ৰিয়া । জনে তেওঁৰ অনুৰাগীসকলক নৱবৰ্ষৰ শুভেচ্ছা জনাই 'জন আৰু প্ৰিয়া আব্ৰাহাম' হিচাপে উল্লেখ কৰাৰ পাচত তেওঁলোকৰ মিলনৰ বাতৰি পোহৰলৈ আহিছিল । জনৰ পেছাদাৰী জীৱনৰ কথা ক’বলৈ গ’লে অভিনেতাজনে নিখিল আদৱানীৰ দ্বাৰা পৰিচালিত বেদাৰ সৈতে ৰূপালী পৰ্দাত ধুমুহাৰ সৃষ্টি কৰিবলৈ প্ৰস্তুতি চলাই আছে ৷ ছবিখনত তেওঁক শৰ্বাৰী ৱাগৰ সৈতে দেখিবলৈ পোৱা যাব ৷
লগতে পঢ়ক : জন আব্ৰাহামৰ বেদাৰ একশ্যন-প্যাক টিজাৰ মুকলি