নেশ্যনেল ডেস্ক, 26 মে’ : 2024 চনৰ কাঁ চলচ্চিত্ৰ মহোৎসৱ ভাৰতৰ নাম উজলাইছে চলচ্চিত্ৰ নিৰ্মাতা পায়েল কাপাড়িয়াই ৷ প্ৰিমিয়াৰত পায়েল কাপাডিয়াৰ ছবি অল উই ইমাজিন এজ লাইটে দৰ্শকৰ পৰা প্ৰশংসা লাভ কৰাৰ পিচতে 2024 চনৰ কাঁ চলচ্চিত্ৰ মহোৎসৱত গ্ৰাঁ প্ৰি বঁটা লাভ কৰিবলৈ সক্ষম হৈছে ৷ শনিবাৰে চলচ্চিত্ৰখনে এই বঁটা লাভ কৰে ৷ পাম ডি'অৰৰ পিচত কাঁ চলচ্চিত্ৰ মহোৎসৱৰ দ্বিতীয় সন্মানীয় পুৰস্কাৰ এই গ্ৰাঁ প্ৰি বঁটা । 77 তম সংস্কৰণৰ সামৰণি অনুষ্ঠানত এই সন্মানীয় বঁটা বিতৰণী অনুষ্ঠান সম্পন্ন হয় ৷
বৃহস্পতিবাৰে নিশা প্ৰদৰ্শিত হোৱা কাপাড়িয়াৰ ফিচাৰ ছবিখনে আন্তৰ্জাতিক সংবাদ মাধ্যমতো স্থান দখল কৰাৰ লগতে ব্যাপক প্ৰশংসা লাভ কৰিছে ৷
উল্লেখ্য যে, বিগত 30 বছৰৰ ভিতৰত প্ৰথম ভাৰতীয় চলচ্চিত্ৰ আৰু মূল প্ৰতিযোগিতাত প্ৰদৰ্শিত হোৱা এগৰাকী ভাৰতীয় মহিলা পৰিচালকৰ দ্বাৰা নিৰ্মিত এই প্ৰথমখন ছবিয়ে ইতিহাসৰ পাতত নাম লিখিবলৈ সক্ষম হৈছে ৷ অল উই ইমাজিন এজ লাইট প্ৰদৰ্শনৰ 8 মিনিটৰ বাবে দৰ্শকৰ ষ্টেণ্ডিং অভেশ্যন লাভ কৰে ।
25 মে'ৰ মাজনিশা কাঁ চলচ্চিত্ৰ মহোৎসৱৰ অফিছিয়েল ইনষ্টাগ্ৰামৰ পৰা এক পোষ্ট শ্বেয়াৰ কৰি ঘোষণা কৰে যে, পায়েল কাপাড়িয়াৰ বিশেষ 'অল উই ইমাজিন এজ লাইট' ক লে গ্ৰাঁ প্ৰি বঁটাৰে সন্মানিত কৰা হয় । জুৰীয়ে এই পুৰস্কাৰৰ বাবে পায়েল কাপাড়িয়াৰ 'অল উই ইমাজিন এজ লাইট' ক নিৰ্বাচিত কৰে ৷
'অল উই ইমাজিন এজ লাইট'ত প্ৰভা নামৰ এগৰাকী নাৰ্ছৰ কাহিনী কোৱা হৈছে ৷ তেওঁ স্বামীৰ পৰা বিবাহ বিচ্ছেদ সিদ্ধান্ত লোৱাৰ পিচতে অনু নামৰ এগৰাকী মহিলাৰ সৈতে ৰুম শ্বেয়াৰ কৰে ৷ প্ৰভাই তেওঁৰ ৰুমমেট অনুৰ সৈতে খোজকাঢ়িবলৈ যাওঁতে এক ৰহস্যময় অৰণ্যত তেওঁলোকে এটা সপোনৰ ঘৰ বিচাৰি পোৱাৰ যেন অনুভৱ কৰে ৷
লগতে পঢ়ক: কাঁ মহোৎসৱত ইতিবাচক সঁহাৰি অল উই ইমাজিন এজ লাইটলৈ: ভাৰতলৈ আহিব নেকি বঁটা ? - All We Imagine as Light