ETV Bharat / entertainment

ড্ৰিম গাৰ্ল ছবিৰ প্ৰযোজক ইন্দৰ ৰাজ বেহেলৰ দেহাৱসান - ড্ৰিম গাৰ্ল

Inder Raj Bahl Passed Away: হেমা মালিনী আৰু ধৰ্মেন্দ্ৰৰ ছবি ‘ড্ৰিম গাৰ্ল’ৰ সহ-প্ৰযোজক ইন্দৰ ৰাজ বেহেলৰ দেহাৱসান । চলচ্চিত্ৰ প্ৰযোজক ৰিক্কু ৰাকেশ নাথে নিশ্চিত কৰিছে তেওঁৰ মৃত্যুৰ খবৰ ।

Inder Raj Bahl Passed Away at age of 92
ইন্দৰ ৰাজ বেহেলৰ মৃত্যু
author img

By ETV Bharat Assamese Team

Published : Feb 26, 2024, 6:41 PM IST

চিটাৰা ডেস্ক, ২৬ ফেব্ৰুৱাৰী: হিন্দী চলচ্চিত্ৰ জগতৰ পৰা এদিনতে আহিছে দুটাকৈ বেয়া খবৰ ৷ গজল সম্ৰাট পংকজ উধাছৰ দেহাৱসান ৷ ৭২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে পংকজ উধাছে । ইফালে এই খবৰৰ পিচতে বলীউডৰ পৰা আহিছে আন এটা বেয়া খবৰ ৷ দীৰ্ঘদিন ধৰি হেমা মালিনীৰ সচিব হৈ থকা তথা চলচ্চিত্ৰ নিৰ্মাতা ইন্দৰ ৰাজ বেহেলৰ দেহাৱসান । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯২ বছৰ । মুম্বাইত ২৩ ফেব্ৰুৱাৰীত মৃত্যুক আকোৱালি লয় ইন্দৰ ৰাজে ৷ কিন্তু আজি পোহৰলৈ আহিছে তেওঁৰ মৃত্যুৰ খবৰ ৷

তেওঁৰ মৃত্যুৰ কথা নিশ্চিত কৰিছে চলচ্চিত্ৰ প্ৰযোজক ৰিক্কু ৰাকেশ নাথে । তেওঁ এই সন্দৰ্ভত কয়, "তেওঁৰ মৃত্যু হৈছে আৰু প্ৰাৰ্থনা সভা সোমবাৰে অনুষ্ঠিত হ’ব ।"

‘ড্ৰিম গাৰ্ল’ৰ সহ-প্ৰযোজক আছিল ইন্দৰ ৰাজ বেহেল

হেমা মালিনীৰ কেৰিয়াৰত সহায় কৰাৰ উপৰিও বহু ছবি আৰু টেলিভিশ্যন শ্ব’ও প্ৰযোজনা কৰিছিল বেহেলে । হেমা মালিনীৰ মাতৃ জয়া চক্ৰৱৰ্তীৰ সৈতে হেমা মালিনীৰ অভিনীত ছবি 'ড্ৰিম গাৰ্ল' (১৯৭৭) সহ প্ৰযোজনা কৰিছিল ইন্দৰ ৰাজ বেহেলে ৷ তেওঁ গিৰীশ কৰ্ণাড আৰু শ্বাবানা আজমী অভিনীত 'স্বামী' (১৯৭৭)ৰ সহ-প্ৰযোজনা কৰিছে । এই ছবিখন পৰিচালনা কৰিছিল বাসু চেটাৰ্জীয়ে । বাসু চেটাৰ্জীৰ পৰিচালনাত নিৰ্মিত ‘শ্ব’কিন’ (১৯৮২) ছবিখনৰ সহ-প্ৰযোজকো আছিল ইন্দৰ ৰাজ বেহেল । ইয়াৰ উপৰিও তেওঁ এল চি সিং আৰু পংকজ পৰাশৰৰ সৈতে কৰণ নাথ অভিনীত ছবি ‘বনাৰস’ (২০০৬) আৰু বাসু চেটাৰ্জীৰ টিভি শ্ব’ ‘দৰ্পন’ প্ৰযোজনা কৰিছিল ।

ইন্দৰ ৰাজ বেহেলৰ মৃত্যুত ভাঙি পৰিছে তেওঁৰ পুত্ৰ

ইন্দৰ ৰাজ বেহেলৰ পুত্ৰ বাণ্টী বহলে এটা চেলিব্ৰিটি মেনেজমেণ্ট কোম্পানী চলায় । বাণ্টীয়ে কয়, “তেওঁ জীৱনটো ৰজাৰ দৰে কটাইছিল আৰু গোটেই জীৱন আমাক স্বাধীনতা, জ্ঞান আৰু প্ৰেম দিছিল । অতি ইতিবাচক আৰু অতি বুদ্ধিমান আছিল তেওঁ । প্ৰতিটো পৰিস্থিতিৰ সৈতে ইতিবাচক চিন্তাৰে মোকাবিলা কৰা আৰু সমস্যা বৃদ্ধি কৰাৰ পৰিৱৰ্তে সমাধান বিচাৰি উলিওৱাত মনোনিৱেশ কৰিছিল ৷ জীৱনত কেতিয়াও কাৰো বাবে বেয়া কাম কৰা নাছিল বা ভবাও নাছিল । সদায় মুখত এটা হাঁহি ৰাখিছিল । ’’

লগতে পঢ়ক: গায়ক হ’বলৈ আহি কেনেকৈ অভিনেতা তথা পৰিচালক হ’ল মনমোহন কৃষ্ণ ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.