চিটাৰা ডেস্ক, 7 জুন : ৭৪,৭৫৫ ভোটৰ বিশাল ব্যৱধানত হিমাচল প্ৰদেশৰ মাণ্ডী লোকসভাৰ আসনখন দখল কৰি জীৱনৰ প্ৰথমটো নিৰ্বাচনত বিজয়ী হৈ ওলাই আহিছে বলীউডৰ অভিনেত্ৰী কংগনা ৰনৌত । আনহাতে, বিহাৰৰ হাজীপুৰ লোকসভাৰ আসনৰ পৰা লোক জনশক্তি পাৰ্টিৰ সভাপতি চিৰাগ পাছোৱানে আৰ জে ডিৰ প্ৰতিদ্বন্দ্বীগৰাকীক 1.70 লাখ ভোটৰ আকৰ্ষণীয় ব্যৱধানত পৰাস্ত কৰি জয়লাভ কৰিছে ।
জয়ৰ পিচতে চিৰাগ-কংগনা ব্যাপক চৰ্চালৈ আহিছে ৷ দুই তাৰকাৰ পুনৰ মিলনে কিদৰে সমাজৰ অগ্ৰগতিৰ ক্ষেত্ৰত কাম কৰিব, তাকে লৈ সকলোৰে মাজত আলোচনা ৷ পিছে আপোনালোকে জানেনে তেওঁলোক পূৰ্বে কেতিয়া এজনে আনজনৰ সংস্পৰ্শলৈ আহিছিল ?
বলীউডৰ এখন ছবিত একেলগে অভিনয় কৰিছিল দুয়োৱে ৷ এই ছবিখন মুক্তি পাইছিল 2011 চনত ৷ বক্স অফিচত ছবিখন বিফল হিচাপে পৰিগণিত হৈছিল ৷ মিলে না মিলে হাম (Miley Naa Miley Hum) ত স্ক্ৰীণ শ্বেয়াৰ কৰিছিল দুয়োৱে ৷ এতিয়া এই দুই চেলেব্ৰিটীয়ে তেওঁলোকৰ নতুন ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰাৰ লগে লগে সংসদত তেওঁলোকৰ পুনৰ মিলনে ২০১১ চনৰ স্পৰ্টছ নাটক মিলে না মিলে হামত তেওঁলোকে পৰ্দাত কৰা সহযোগিতাৰ কথা মনত পেলাই দিছে ৷ ৰনৌতৰ সৈতে পাছৱানৰ বলীউডত আত্মপ্ৰকাশ কৰা ছবিখনে দুৰ্ভাগ্যবশতঃ বক্স অফিচত প্ৰভাৱ পেলাব নোৱাৰিলে আৰু সমালোচকসকলৰ পৰা তীব্ৰ সমালোচনা লাভ কৰিছিল ।
তনবীৰ খানৰ পৰিচালনাত নিৰ্মিত এই ছবিখনত পৰিয়ালৰ বিৰোধিতাৰ বাবে নিজৰ আবেগক আগুৱাই নিবলৈ সংগ্ৰাম কৰা উচ্চাকাংক্ষী টেনিছ খেলুৱৈ চিৰাগৰ কাহিনী বৰ্ণনা কৰা হৈছে । কংগনাই এই ছবিখনত অনিষ্কা নামৰ এটা চৰিত্ৰত অভিনয় কৰিছিল ৷ ছবিখনত টেনিছ খেলুৱৈৰূপী চিৰাগে অনিষ্কাৰ প্ৰতি থকা প্ৰেমৰ কথা স্বীকাৰ কৰিছিল আৰু পিতৃ-মাতৃৰ মত অনুসৰি বিয়া হৈ থিতাপি লোৱাৰ ইচ্ছাৰ বিৰুদ্ধে যুঁজিছিল । ছবিখনত নীৰু বাজৱা আৰু সাগৰিকা ঘাটগেও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছিল ৷
চিনেমাখনৰ বাণিজ্যিক বিফলতাৰ পিচত পাছৱানে চলচ্চিত্ৰ উদ্যোগৰ পৰা বিদায় লৈ ৰাজনীতিত নামি পৰে । ২০১৪ চনৰ লোকসভা নিৰ্বাচনত বিহাৰৰ জামুই আসন লাভ কৰাৰ বিপৰীতে ৰনৌতে কৃষ ৩, কুইন আৰু তনু ৱেডছ মানু ৰিটাৰ্ণছৰ দৰে হিট ছবিৰে বলীউডত জিলিকি থাকে ।
কৌশলগত পদক্ষেপ গ্ৰহণ কৰি পাছৱানে একেৰাহে দ্বিতীয়বাৰৰ বাবে কাৰ্যনিৰ্বাহ কৰি থকা জামুই আসনখন এৰি হাজিপুৰৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়ায়, যিটো সমষ্টি পূৰ্বে তেওঁৰ প্ৰয়াত পিতৃ ৰামবিলাছ পাছৱানে প্ৰতিনিধিত্ব কৰিছিল । আনহাতে, ৰনৌতে হিমাচল প্ৰদেশৰ কংগ্ৰেছৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বীৰভদ্ৰ সিঙৰ পুত্ৰ বিক্ৰমাদিত্য সিঙক পৰাস্ত কৰে ।
লগতে পঢ়ক : বিমান বন্দৰত কংগনা ৰনৌতৰ গালত পৰিল চৰ ! - Kangana Ranaut Slapped By CISF