ETV Bharat / entertainment

শীঘ্ৰেই আহি আছে অসমৰ পৰা নিৰ্মাণ হ’বলগীয়া হিন্দী ছবি ‘মৃগয়া’ - hindi movie Mrigayaa

author img

By ETV Bharat Entertainment Team

Published : Aug 16, 2024, 7:08 PM IST

Hindi movie Mrigayaa: অসমৰ একাংশ কলা-কুশলীৰ অভিনয়েৰে শীঘ্ৰেই আহি আছে হিন্দী আৰু আদিবাসী ভাষাত নিৰ্মাণ হ'বলগীয়া ছবি ‘মৃগয়া’। আগন্তুক 30 আগষ্টৰ পৰা অসমৰ লগতে মেঘালয়ৰ বিভিন্ন প্ৰান্তত হ'ব ছবিখনৰ দৃশ্যগ্ৰহণ ।

Mrigayaa
হিন্দী চিনেমা ‘মৃগয়া’ (ETV Bharat Assam)

গুৱাহাটী, 16 আগষ্ট : শেহতীয়াকৈ অসমৰ ছবি উদ্যোগটো ঠন ধৰি উঠিছে ৷ নিত্য়-নতুন বিষয়েৰে বিভিন্ন ধৰণৰ সোৱাদেৰে নিৰ্মাতাই দৰ্শকলৈ বহু চিনেমা আগবঢ়াই দিছে ৷ এই উন্নয়নমুখী যাত্ৰাই বহুখিনি আশাৰ বতৰা কঢ়িয়াই আনিছে । এখনৰ পাছত আন এখন উন্নত মানৰ চিনেমাই দৰ্শকসকলক মনোৰঞ্জন দিয়াৰ লগতে প্ৰযোজকসকলকো আশাবাদী কৰি তুলিছে ।

এসময়ত বছৰটোত মুক্তি পোৱা ছবিৰ সংখ্যা আছিল তেনেই তাকৰ । কিন্তু এতিয়া সময় সলনি হৈছে, বৃদ্ধি পাইছে ছবিৰ মুক্তিৰ সংখ্যা । প্ৰতিটো সপ্তাহতে এতিয়া মুক্তি পাবলৈ ধৰিছে একোখনকৈ অসমীয়া ছবি । উল্লেখনীয় কথাটো হ’ল যে অসমীয়া প্ৰযোজকে অসমীয়াৰ লগতে হিন্দী ভাষাতো চিনেমা নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিছে ৷ দৰ্শকৰ পৰা সঁহাৰিও লাভ কৰা পৰিলক্ষিত হৈছে ৷ তেনে সময়তে অসমৰ সাংস্কৃতিক জগতলৈ আহিছে এক ভাল খবৰ । অসমীয়া একাংশ অভিনেতা-অভিনেত্ৰীৰ সহযোগেৰে শীঘ্ৰেই নিৰ্মাণ হ'ব এখন হিন্দী আৰু আদিবাসী ভাষাৰ ছবি ।

ডি কে এছ ইণ্টাৰনেশ্যনেল এণ্ড ডি পি ইণ্টাৰনেশ্যনেলৰ বেনাৰত দেবাশিস মণ্ডল আৰু প্ৰকাশ দাসৰ প্ৰযোজনাৰে নিৰ্মাণ হ'বলগীয়া এই ছবিখনৰ নাম ‘মৃগয়া’ । ইতিমধ্যে ছবিখনৰ প্ৰাৰম্ভিক কামকাজ আৰম্ভ হৈ গৈছে । শেহতীয়াকৈ সম্পন্ন হয় ছবিখনৰ মহুৰত অনুষ্ঠান । আহিবলগীয়া এই নতুন ছবিখনৰ কাহিনী, চিত্ৰনাট্য, সংলাপ আৰু পৰিচালনা হৈছে দেবাশিস মণ্ডলৰ । আদিবাসী জনগোষ্ঠীৰ প্ৰকৃতিপ্ৰেমী এজন যোদ্ধাৰ জীৱনৰ ভিত্তিত নিৰ্মাণ হ'বলগীয়া এই ছবিখনত অভিনয় কৰিব বিশিষ্ট অভিনেতা বাহাৰুল ইছলামে । লগতে ছবিখনত অভিনয় কৰিব ধ্যানী মহন, দক্ষিণৰ প্ৰতিভাশালী অভিনেতা মানি আদিকে ধৰি বহুকেইগৰাকী জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীয়ে । ছবিখনৰ ক্ৰিয়েটিভ ডিৰেক্টৰ হিচাপে আছে নাৰায়ণ শীল । অসমীয়া ছবিজগতৰ এটি পুৰণি নাম নাৰায়ণ শীল ৷ এইগৰাকী অভিজ্ঞ পৰিচালকে ইতিমধ্যে বহুকেইখন ধাৰাবাহিক দৰ্শকক উপহাৰ দিছে ৷ ডিৰেক্টৰ অফ ফটোগ্ৰাফী হিচাপে আছে সঞ্জয় ঘোষ আৰু চিনেমাখনৰ সংগীত পৰিচালনা কৰিব কীৰ্তিমান ৰেডে । অহা 30 আগষ্টৰ পৰা অসমৰ লগতে মেঘালয়ৰ বিভিন্ন প্ৰান্তত শ্বুটিং হ’ব চিনেমাখনৰ ৷ গুজৰাটতো ছবিখনৰ দৃশ্যগ্ৰহণৰ কাম হ’ব বুলি জানিব পৰা গৈছে ৷ চিনেমাখনে ভাৰতীয় মূলসুঁতিৰ চিনেমাৰ ধাৰাটোত এক প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হ’ব বুলি আশাবাদী ছবিখনৰ পৰিচালক তথা কলা-কুশলীসকল ।

লগতে পঢ়ক : 'ৰাডা'ৰ পৰা নাট্যশিল্পৰ স্নাতকোত্তৰ ডিগ্ৰীপ্ৰাপ্ত উত্তৰ-পূৱৰ প্ৰথমগৰাকী অভিনেত্ৰী - who is barkha bahar

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.