ETV Bharat / entertainment

শিহৰণকাৰী ঘটনা এটাৰ পাচত ভুক্তভোগীৰ জীৱন কেনেদৰে আগবাঢ়ে ? - Kooki hindi movie

author img

By ETV Bharat Assamese Team

Published : Jun 11, 2024, 6:57 PM IST

Kooki hindi movie: কুকি অসমীয়া শিল্পীৰ সহযোগত নিৰ্মিত এখন হিন্দী ছবি ৷ মুক্তিৰ পূৰ্বেই সাংঘাতিকভাৱে চৰ্চা লাভ কৰিছে ছবিখনে ৷ কুকি আপোনালোকে কেলেই চাবলৈ যাব, সেয়া জানিবলৈ তলৰ ভিডিঅ’টো সম্পূৰ্ণকৈ চাওক-

Kooki hindi movie
কুকি (ETV Bharat Assam)

যোৰহাট, 11 জুন : কাঁ চলচিত্ৰ মহোৎসৱত উচ্চ প্ৰশংসিত হোৱা 'কুকি' এ লগাইছে খলকনি ৷ স্পৰ্শকাতৰ বিষয়বস্তুৰ আধাৰত নিৰ্মাণ কৰা কুকি ২৮ জুনত মুক্তি পাব অসম, ভাৰতৰ লগতে বিদেশৰ ছবিগৃহত । কুকি এখন নাৰীভিত্তিক ছবি ৷ যোৰহাটত ছবিখনৰ নিৰ্মাতা আৰু কলা-কুশলীয়ে আজি এক সংবাদমেল অনুষ্ঠিত কৰি ছবিখন সন্দৰ্ভত বহুতো কথা মুকলি কৰে ৷

কুকি আপোনালোকে কেলেই চাব ? (ETV Bharat Assam)

নাৰীক লৈ সত্য ঘটনাৰ আধাৰত নিৰ্মাণ কৰা ছবিখনে সমাজত নতুনত্বৰ সৃষ্টি কৰি পৰিৱৰ্তন আনিব বুলি আশা প্ৰকাশ কৰিছে প্ৰযোজক আৰু পৰিচালকে । আমাৰ সমাজ ব্যৱস্থাত দৈনন্দিন জীৱনত কণমানি কিশোৰীৰ পৰা আৰম্ভ কৰি নাৰীৰ ওপৰত চলি অহা বঞ্চনা, শোষণ, ধৰ্ষণ আদি সত্য ঘটনাৰ আধাৰত নিৰ্মাণ কৰা হৈছে ‘কুকি’ ৷ হিন্দী ছবিখন এদল অসমীয়া অভিনেতা-অভিনেত্ৰীক লৈ নিৰ্মাণ কৰা হৈছে ।

লগতে পঢ়ক : অসম বা ভাৰততে নহয় বিদেশতো প্ৰদৰ্শিত "কুকি" - Kooki hindi movie

নিৰি মিডিয়া অপিচি প্ৰাইভেট লিমিটেডৰ বেনাৰত নিৰ্মাণ কৰা এই ছবিখন পৰিচালনা কৰিছে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰতিষ্ঠিত অসম সন্তান প্ৰণৱ জে ডেকাই আৰু প্ৰযোজনা কৰিছে ড৹ জোনমনি দেৱী খাউণ্ডে । ২৮ জুনত কেৱল অসম তথা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ ছবিগৃহতে নহয় বৰঞ্চ ইউৰোপ, আমেৰিকা, কানাডাকে আদি কৰি বিভিন্ন বিদেশী ৰাষ্ট্ৰৰ ছবিগৃহত মুক্তি লাভ কৰিব কুকিয়ে । উল্লেখ্য যে, চলিত বৰ্ষত ' কাঁ' চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত ভৰি থোৱাৰ লগতে আৰু উক্ত স্থানতেই বিদেশী বহু বিতৰক কোম্পানী, প্ৰযোজক আৰু পৰিচালকে ছবিখন উপভোগ কৰি আপ্লুত হৈ পৰে ৷ সকলোৰে পৰা লাভ কৰা যোগাত্মক সঁহাৰিয়ে ছবিখনৰ লগত জড়িত সকলোৰে চকু সেমেকাই তুলিছিল । সকলোৱে ছবিখন বিদেশী ৰাষ্ট্ৰৰ ছবিগৃহত প্ৰদৰ্শিত কৰিবলৈ ছবিখনৰ প্ৰযোজক আৰু পৰিচালকক আহ্বান জনাইছিল ।

কুকি নামৰ হিন্দী ছবিখনত ৰিতিশা খাউণ্ড, ৰাজেশ টেইলাং, দীপান্বিতা শৰ্মা, ৰিতু শিৱপুৰী, দেৱলীনা ভট্টাচাৰ্য্য, কমল লোচন, বিভূতি ভূষণ হাজৰিকা, প্ৰীতি কংকণা, মনোজ বৰকটকীসহ বহু ন-পুৰণি শিল্পীয়ে অভিনয় কৰিছে । অসম বিভিন্ন মনোমহা ঠাইৰ লগতে ভাৰত-ভূটান সীমান্তত কৰা হৈছে ছবিখনৰ দৃশ্যগ্ৰহণ । ছবিখনে সমাজলৈ শুভ বাৰ্তা কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰিছে সকলোৱে ।

লগতে পঢ়ক : মুক্তি পালে ‘কুকি’ৰ টীজাৰ আৰু ট্ৰেইলাৰ - Kooki hindi movie

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.