ETV Bharat / entertainment

অসম বা ভাৰততে নহয় বিদেশতো প্ৰদৰ্শিত "কুকি" - Kooki hindi movie

author img

By ETV Bharat Assamese Team

Published : Jun 7, 2024, 6:15 PM IST

hindi feature film kooki : চলিত মাহতে আহি আছে অসমৰ শিল্পীৰে নিৰ্মিত এখন হিন্দী ছবি "কুকি"। অহা ২৮ জুনত ৰাজ্যৰ লগতে দেশৰ ১০০ টা ছবিগৃহত মুক্তি লাভ কৰিব এই নতুন ছবিখন । সমান্তৰালকৈ বিদেশতো মুক্তি দিয়া হ'ব ছবিখন ।

hindi feature film kooki directed and acted by assamese artists to be released worldwide on 28th june
বিদেশতো প্ৰদৰ্শিত হ’ব "কুকি" (junmoni devi khaund social handle)

গুৱাহাটী, 7 জুন : অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ এটি হৃদয়স্পৰ্শী কাহিনীৰ আধাৰত, এদল অসমীয়া অভিনেতা-অভিনেত্ৰীক লৈ নিৰ্মাণ কৰা এখন হিন্দী ছবি "কুকি"। নিৰি মিডিয়া অপিচি প্ৰাইভেট লিমিটেডৰ বেনাৰত নিৰ্মাণ কৰা এই ছবিখন পৰিচালনা কৰিছে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰতিষ্ঠিত অসম সন্তান প্ৰণৱ জে ডেকাই আৰু প্ৰযোজনা কৰিছে ড৹ জোনমণি দেৱী খাউণ্ডে । অহা ২৮ জুনত মুক্তি লাভ কৰিবলগীয়া এই ছবিখন অসম তথা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ ছবিগৃহতেই নহয়; বৰঞ্চ ইউৰোপ, আমেৰিকা আৰু কানাডাৰো কেইবাটাও ছবিগৃহত মুক্তি লাভ কৰিব ।

কিছুদিন পূৰ্বে মুক্তি দিয়া হৈছিল ছবিখনৰ ফাৰ্ষ্টলুক। এগৰাকী অসমীয়া ছোৱালীক পিতৃয়ে "প্ৰেম" সম্পৰ্কত দিয়া কেতবোৰ শিকনিৰে আৰম্ভ হোৱা ছবিখনৰ ফাৰ্ষ্ট লুকটোৰ ক্ষেত্ৰত বিভিন্নজনে ইতিমধ্যে সামাজিক মাধ্যমযোগে বহুতো ইতিবাচক মন্তব্য প্ৰদান কৰা পৰিলক্ষিত হৈছে । উল্লেখ্য যে, চলিত বৰ্ষৰ "কাঁ চলচ্চিত্ৰ মহোৎসৱ" ত প্ৰদৰ্শিত হৈছিল ছবিখন । "কাঁ চলচ্চিত্ৰ মহোৎসৱ" ত বিদেশী বহুতো বিতৰক কোম্পানীয়ে ছবিখন উপভোগ কৰে আৰু আমাৰ অসমীয়া কৃষ্টি-সংস্কৃতিৰ প্ৰতি সঁহাৰি প্ৰদৰ্শন কৰে । যাৰ ফলশ্ৰুতিতেই এতিয়া অসমৰ পটভূমিত নিৰ্মিত তথা আমাৰ কৃষ্টি-সংস্কৃতিৰ পূৰ্ণ প্ৰতিফলন ঘটা এই ছবিখনে মুক্তি লাভ কৰিব বিদেশতো ।

লগতে পঢ়ক : "প্ৰেম সংকোচন নেহী, প্ৰেম বিস্তাৰ হে" প্ৰেমৰ বাৰ্তাৰে শীঘ্ৰেই আহি আছে কুকি - Kooki hindi movie

এই হিন্দী ছবিখনত অভিনয় কৰিছে ৰিতিশা খাউণ্ড, ৰাজেশ টেইলাং, দীপান্বিতা শৰ্মা, ৰিতু শিৱপুৰী, দেৱলীনা ভট্টাচাৰ্য, বোধিসত্ব শৰ্মা, কমল লোচন, বিভূতি ভূষণ হাজৰিকা, প্ৰীতি কংকনা, ৰঞ্জীৱ লাল বৰা, মনোজ বৰকটকী, মৃগেন্দ্ৰ নাৰায়ণ কোঁৱৰ আদিকে ধৰি বহু ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে । তেজপুৰ, গুৱাহাটী, মেঘালয় তথা ভাৰত-ভূটান সীমান্তত কৰা হৈছে ছবিখনৰ দৃশ্যগ্ৰহণ ।

ছবিখনৰ দৃশ্যগ্ৰহণকাৰীৰ দায়িত্বত আছিল জ্ঞান গৌতম, সম্পাদনা কৰিছে ঝুলন কৃষ্ণ মহন্তই । আনহাতে, ছবিখনৰ সংগীতত কণ্ঠদান কৰিছে ক্ৰমে সুনিধি চৌহান, মহম্মদ ফেইজ, দিব্যা কুমাৰ আৰু কৃতিকা শৰ্মাই । সংগীত পৰিচালনা পল্লৱ তালুকদাৰ, সৌৰভ মহন্ত আৰু তপন দত্তৰ । লগতে চাউণ্ড ডিজাইন আৰু সংমিশ্ৰণৰ দায়িত্বত আছিল অমৃত প্ৰীতম তথা দেৱজিৎ চাংমাই ।

লগতে পঢ়ক : কাঁ চলচিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ'ল "কুকি" - Assamese film Kooki

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.