ETV Bharat / entertainment

ভগৱান হনুমান কেনেকৈ হনুমেন হ’ল ? বিতৰ্কৰ আৱৰ্তত নতুন অসমীয়া ছবি ‘জয় হনুমেন’ - Joy Hanu man movie controversy

JOY HANU MAN MOVIE: নতুন ছবি ‘জয় হনুমেন’ৰ নামক লৈ আপত্তি বিজেপি বিধায়কৰ । সনাতন ধৰ্মত আঘাত হনাৰ অভিযোগ ।

author img

By ETV Bharat Entertainment Team

Published : 3 hours ago

New assamese film Jai Hanumen is in controversy
শীঘ্ৰেই মুক্তি (Etv Bharat Assam)

গুৱাহাটী, ৭ অক্টোবৰ : মুক্তিৰ আগতেই বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে অভিনেতা-চলচিত্ৰ পৰিচালক হিমাংশু প্ৰসাদ দাসৰ নৱতম ছবি ‘জয় হনুমেন’ । বিজেপি বিধায়ক বিশ্বজিৎ ফুকনৰ ৰোষত পৰিছে ‘জয় হনুমেন’ ৷ সনাতনী চিন্তাধাৰা আৰু হিন্দুৰ আত্মাক অপমান আৰু আঘাত কৰাৰ অভিযোগ আনিছে বিজেপি বিধায়কজনে । দেওবাৰে নিশা সামাজিক মাধ্যম ফেচবুকত বিধায়ক ফুকনে এটা পোষ্টৰ জৰিয়তে হিমাংশু প্ৰসাদ দাসৰ নতুন ছবি ‘জয় হনুমেন’ক লৈ প্ৰশ্ন উত্থাপন কৰে ।

তেওঁ প্ৰশ্ন কৰিছে, “ভগৱান হনুমান কেনেকৈ হনুমেন হ’ল ? কেৱল আমাৰ সনাতনী চিন্তাধাৰা আৰু হিন্দুৰ আত্মাক অপমান আৰু আঘাত কৰাটোৱে প্ৰগতিশীল বামপন্থা নেকি ? আৰবান নক্সালসকল সদায়ে সনাতন বিৰোধী কিয় ?” বিধায়কজনৰ এই মন্তব্যই এতিয়া বিতৰ্কৰ সূত্ৰপাত ঘটাইছে ।

উল্লেখ্য যে, অহা ১৮ অক্টোবৰত মুক্তি লাভ কৰিব হিমাংশু প্ৰসাদ দাসৰ নতুন ছবি ‘জয় হনুমেনে’ ৷ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ছবিখনৰ প্ৰচাৰ চলাইছে হিমাংশু প্ৰসাদ দাস আৰু তেওঁৰ দলে ৷ ব্যতিক্ৰমীভাৱে প্ৰচাৰ চলাই ইতিমধ্যেই চৰ্চালৈ আহিছে ছবিখন । প্ৰথমে নামটোতেই বহুতেই ভুল কৰে জয় হনুমান বুলি । জয় হনুমান নহয়, ছবিখনৰ নাম ‘জয় হনুমেন’হে ৷ ইতিমধ্যেই প্ৰচাৰ অভিযান কালত ছবিখনৰ পৰিচালক দাসে কৈ অহা দেখা গৈছে, “আমাৰ এগৰাকী আৰাধ্য দেৱতা হনুমানৰ কথা কোৱা হোৱা নাই ইয়াত ৷ ছুপাৰমেন, স্পাইডাৰমেন আদিৰ দৰে আমাৰ জয় হনুমেন । আমাৰ হনুমেনে মানুহৰ অন্যায় দুখ-দুৰ্দশা সহিব নোৱাৰে । সমাজ বিৰোধী বেয়া কাম সহ্য কৰিব নোৱাৰে ৷ মানুহৰ সহায়ৰ বাবে আগবাঢ়ি যায় ৷ অসমৰ এটা সঁচা শিহৰণকাৰী ঘটনাক লৈ নিৰ্মাণ হৈছে ‘জয় হনুমেন’ ৷”

New assamese film Jai Hanumen is in controversy
নামক লৈ বিতৰ্ক (Facebook)

ৰাজপথত স্মাৰ্টমিটাৰৰ বিৰোধিতা হনুমেনৰ :

আৰবান নক্সাল নেকি ‘জয় হনুমেন’ৰ নিৰ্মাতা পৰিচালক হিমাংশু প্ৰসাদ দাস ! বিধায়ক বিশ্বজিৎ ফুকনে কিয় আৰবান নক্সাল আখ্যা দিলে তেওঁক ? স্মাৰ্ট মিটাৰৰ প্ৰতিবাদ কৰি বিজেপি বিধায়কৰ ৰোষত পৰিছে নেকি ‘জয় হনুমেন’ ? কিয়নো অসমৰ প্ৰান্তে প্ৰান্তে 'হনুমেনে’ ব্যতিক্ৰমীভাৱে প্ৰচাৰ চলাইছে ৷ দেখাত হিন্দুসকলৰ দেৱতা হনুমানৰ দৰে পেশীবহুল এক চৰিত্ৰই হাতত গদা লৈ যদি কেতিয়াবা বজাৰত মূল্যবৃদ্ধিৰ খবৰ লৈছে, কেতিয়াবা আকৌ ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰি অহা স্মাৰ্টমিটাৰ বন্ধ কৰাৰো ৰাজপথত দাবী জনাইছে নতুন ছবিখনৰ চৰিত্ৰ 'হনুমেনে’।

ৰাজ্যৰ বাহিৰতো মুক্তি (NEW ASSAMESE FILM JAI HANUMEN IS IN CONTROVERSY BJP MLA OPPOSED THE NAME JAI HANUMEN)

আনহাতে বিধায়ক বিশ্বজিৎ ফুকনৰ সামাজিক মাধ্যমৰ পোষ্টত যদি কোনোৱে মুক্তিৰ পথত থকা ছবিখনৰ নামটোৰ কঠোৰ সমালোচনা কৰিছে, তেন্তে আন কোনোবাই ছবিখনৰ মুক্তিলৈ অপেক্ষা কৰিবলৈ আহ্বান জনাইছে নামটোৰ বিৰোধিতা কৰাসকলক । এতিয়া ১৮ অক্টোবৰতহে গম পোৱা যাব ‘জয় হনুমেন’ত আচলতে আছে কি ?

বিজেপি বিধায়ক বিশ্বজিৎ ফুকনে কোৱাৰ দৰে সনাতন ধৰ্ম বিৰোধী কিবা আছে নে ? নে স্পাইডাৰমেন, ছুপাৰমেন আদিৰ দৰে অতি মানবীয় চৰিত্ৰ কঢ়িয়াই আনিব ‘জয় হনুমেনে’ ? নে আন কিবাহে ওলাবগৈ শেষত ?

১৮ অক্টোবৰত অসমৰ লগতে দেশৰ আন ৮ টা ঠাইত শুভমুক্তি :

অসমৰ বাহিৰেও দেশৰ আন ৮ টা ঠাইত ১৮ অক্টোবৰত একেদিনাই মুক্তি পাব ‘জয় হনুমেন’ ছবিখন ৷ ছবিখনৰ পৰিচালক হিমাংশু প্ৰসাদ দাসে জনাইছে এই কথা । দিল্লী, মুম্বাই, পুনে, বেংগালুৰু, হায়দৰাবাদ, চেন্নাই, গোৱাতো সেইদিনা মুক্তিলাভ কৰিব জয় হেনুমেনে ৷

লগতে পঢ়ক : প্ৰকৃতি সুৰক্ষাৰ প্ৰতি জনসাধাৰণক সজাগ কৰাৰ প্ৰয়াস হনুমেনৰ - JOY HANU MAN MOVIE

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.