গুৱাহাটী, 9 অক্টোবৰ: অহা 18 অক্টোবৰত ছবিগৃহলৈ আহি আছে অসমীয়া ছবি ‘জয় হনুমেন’। ছবিখনৰ মুক্তিৰ বাবে মাজত কেইটামান দিন বাকী থকাৰ মাজতে এতিয়া বিতৰ্কই আৱৰি ধৰিছে ছবিখন । ছবিখনৰ বিৰুদ্ধে সনাতন ধৰ্মৰ ভগৱান, দেৱী-দেৱতা, পৰম্পৰা আদিক লৈ নানা অপমানজনক আৰু সনাতন ধৰ্মৰ অনুগামীৰ আস্থাক লৈ কৌতুক, অপমানজনক সংলাপ, প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ এক সুপৰিকল্পিত ষড়যন্ত্ৰৰ অভিযোগ উত্থান এইবাৰ একম্ সনাতন ভাৰত দলৰ অসম প্ৰদেশ সভাপতি তথা সনাতন আইন তথা ন্যায় পৰিষদৰ মুখ্য আইন সম্পাদক অমিতাভ শৰ্মাৰ ।
এই সন্দৰ্ভত এক ভিডিঅ’ বাৰ্তাযোগে শৰ্মাই মন্তব্য কৰি কয়, “হিমাংশু প্ৰসাদ দাস, জয় হনুমেন নামৰ ছবিখনৰ প্ৰযোজক আৰু নিৰ্মাতা ধনেশ্বৰ কলিতা তথা লিখকবৃন্দ, আপোনালোকে নিৰ্মাণ কৰা ছবিখন সম্পূৰ্ণৰূপে সনাতন ধৰ্মৰ আস্থা আৰু বিশ্বাসৰ বিৰোধী । CBFC ৰ কাৰিকৰী দিশ আৰু নীতি নিয়মৰ ফালৰ পৰা জয় হনুমেনক অনুজ্ঞা পত্ৰ দিয়া হৈছে যদিও ছবিখন প্ৰচাৰ কৰাৰ নামত হাতত গদা লৈ ভগৱান শ্ৰী হনুমানৰ নিচিনাকৈ গোটেই অসমত ঘূৰি ফুৰা আমি দেখা পাইছো । ইয়াৰ বাবেও আপোনালোকে অনুজ্ঞাপত্ৰ লাভ কৰিছিল নেকি ?”
তেওঁ লগতে আৰু কয়, “অফিচিয়েল ট্ৰেইলাৰটোত ("তু টো সাক্ষাৎ হনুমান হে) বুলি কোৱা হৈছে । হনুমানক আমি চিৰঞ্জীৱী বুলি ভাৱো, যাৰ এতিয়াও মৃত্যু নাই হোৱা । লগতে প্ৰমোশ্যনৰ গীতটো ছুপাৰমেন, স্পাইদাৰ মেন চবৰে বাপ হনুমেন । ইয়াৰ অৰ্থ কি ? হনুমেন আৰু হনুমানৰ অৰ্থ একাকাৰ কৰি কি বুজাব বিচাৰিছে । কোনো কাৰণত আমি হনুমানক অতি মানৱ বা ছুপাৰমেন বুলি নাভাবো ।”
এনেদৰে সনাতন ধমৰ্ৰ অনুগামীসকলৰ ধৰ্মীয় আস্থাক আঘাত হনা বুলি ক্ষোভ প্ৰকাশ কৰে একম্ সনাতন ভাৰত দলৰ অসম প্ৰদেশ সভাপতি তথা সনাতন আইন তথা ন্যায় পৰিষদৰ মুখ্য আইন সম্পাদক অমিতাভ শৰ্মাই ।
লগতে পঢ়ক : ভগৱান হনুমান কেনেকৈ হনুমেন হ’ল ? বিতৰ্কৰ আৱৰ্তত নতুন অসমীয়া ছবি ‘জয় হনুমেন’ - Joy Hanu man movie controversy