ETV Bharat / entertainment

চলিত বৰ্ষটোত ভাগিল কেবাখনো ঘৰ: জীৱন বাটত সংগ এৰিলে এওঁলোকে - couples announced divorce in 2024

author img

By ETV Bharat Assamese Team

Published : Jul 19, 2024, 3:35 PM IST

Couples announced divorce in 2024: হাৰ্দিক পাণ্ডিয়া আৰু নাতাশা ষ্টানকভিচৰ লগতে আৰু বহু দম্পতীয়ে 2024 চনত বিবাহ বিচ্ছেদৰ কথা ঘোষণা কৰে ৷ বিগত কিছু সময় ধৰি চৰ্চাত আছিল হাৰ্দিক-নাতাশা ৷ এতিয়া সকলোৰে দৃষ্টি নিৱদ্ধ হৈ আছে অভিষেক-ঐশ্বৰ্য আৰু অৰ্জুন-মালাইকাৰ ওপৰত ৷

Hardik Pandya and Natasa stankovic and These couples announced divorce in 2024 all eyes on Abhishek Aishwarya and Arjun Malaika
কোন দিশে গতি কৰিছে এওঁলোকৰ সম্পৰ্কই (ETV Bharat Assam)

চিটাৰা ডেস্ক, 19 জুলাই : সম্পৰ্ক শেষ হৈ যায়, কিন্তু স্মৃতিবোৰ থাকি যায় ৷ জীৱন বাটত সেই স্মৃতিয়ে কেতিয়াবা কন্দুৱাই, কেতিয়াবা হহুৱাই ৷ জীৱন কিন্তু ৰৈ নাযায় ৷ পিছে বহুসময় ধৰি একেলগে থকা কাৰোবাৰ পৰা বিচ্ছেদ জানো সহজ ? আনুষ্ঠানিকভাৱে সম্পৰ্ক এটা গঢ়ি তোলাৰ পাচত কাৰণ লাগিলে যিয়েই নহঁওক কিয়, আঁতৰ হও বুলিয়েইতো কোনো কাৰো পৰা আঁতৰি আহিব নোৱাৰে ৷ বহুত কথা চিন্তা কৰিবলগীয়া হয় ৷ কিন্তু অশেষ চিন্তাৰ পাচতো যেতিয়া একো উপায় নাথাকে, তেতিয়া আৰু সমাজৰ দোহাই দি বান্ধ খাই থকাৰ কোনো কথা নাথাকে ৷

বৰ্তমান সময়ত পিছে বিবাহ বিচ্ছেদ খুবেই সাধাৰণ যেন অনুমান হয় ৷ সম্পৰ্ক মানুহে যেনেদৰে গঢ়ে, তেনেদৰে ভাঙেও ৷ অৱশ্যে এয়া সকলোৰে ব্যক্তিগত কথা ৷ কিন্তু সমাজৰ বাবে কোনোবা এখিনিত এনেধৰণৰ খবৰে ঋণাত্মক প্ৰভাৱ পেলাই বুলি ক’ব পাৰি ৷ হয়তো এনেধৰণৰ বাতৰিৰ বহুল প্ৰচাৰে মানুহৰ সহনশীলতা, আনক বুজাৰ ক্ষমতা, বিভিন্ন দৃষ্টিভংগী অনুসৰণ কৰা আদিক লোপ কৰি পেলাইছে ৷ বাৰু সি যি কি নহওক, অনন্ত-ৰাধিকাৰ যুগ্ম জীৱনৰ বাতৰিৰ খবৰে সামাজিক মাধ্যমত তোলপাৰ লগাই থকাৰ সময়তে বিচ্ছেদৰ বাতৰিয়ে নেটিজেনৰ মনোযোগ আকৰ্ষণ কৰিছে ৷ চৰ্চাত আছে হাৰ্দিক-নাতাশা, অভিষেক-ঐশ্বৰ্য, অৰ্জুন-মালাইকা ৷ ইয়াৰ মাজতে বৃহস্পতিবাৰে আনুষ্ঠিকভাৱে বিচ্ছেদৰ কথা ঘোষণা কৰে হাৰ্দিক-নাতাশাই ৷

2024 চনত হাৰ্দিক পাণ্ডিয়া আৰু নাতাশা ষ্টানকভিচৰ পূৰ্বে আৰু বহু তাৰকাদম্পতীয়ে পৃথক হোৱাৰ সিদ্ধান্ত লৈছিল ৷ এতিয়া এইখন তালিকাত নাম সংযোগ হৈ আছে অভিষেক-ঐশ্বৰ্য, অৰ্জুন-মালাইকাৰ ৷

লগতে পঢ়ক : একাধিকবাৰ বিয়াত বহিও চিৰস্থায়ী নহ’ল নাতাশা-হাৰ্দিকৰ সম্পৰ্ক - Hardik Natasa Divorce

অলৰাউণ্ডাৰ ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডিয়া আৰু নাতাশা ষ্টানকভিচে ১৮ জুলাইৰ নিশা এট পোষ্ট শ্বেয়াৰ কৰি আনন্দেৰে তেওঁলোকৰ বিচ্ছেদৰ কথা ঘোষণা কৰে । এইটোও উল্লেখ কৰে যে তেওঁলোকে একেলগে তেওঁলোকৰ একমাত্ৰ পুত্ৰ অগস্ত্যৰ লালন-পালন কৰিব । কালি নাতাশা ছাৰ্বিয়াত থকা তেওঁৰ ঘৰত উপস্থিত হয় আৰু ছ'চিয়েল মিডিয়াত বিবাহ বিচ্ছেদৰ কথা ঘোষণা কৰে । চাও আহকচোন চলিত বৰ্ষটোত আৰু কাৰ কাৰ বিবাহ বিচ্ছেদ ঘটিছে-

ঈশা কোপ্পিকাৰ আৰু টিমি নাৰং

শ্বাহৰুখ খানৰ সৈতে ‘ডন’ ছবিত অভিনয় কৰা ‘খল্লাছ গাৰ্ল’ ঈশা কোপ্পিকাৰে 2024 চনৰ আৰম্ভণিতে স্বামীৰ পৰা বিচ্ছেদ হোৱাৰ কথা ঘোষণা কৰে । বিবাহৰ 10 বছৰৰ পাচত এই সিদ্ধান্ত লয় তেওঁলোকে । 2009 চনত বিবাহপাশত আবদ্ধ হোৱা ঈশাই বিয়া ভংগ হোৱাৰ কোনো কাৰণ নিদিলে । তেওঁলোকৰ ৰিয়ানা নামেৰে এগৰাকী কন্যা আছে, যাক তেওঁলোকে একেলগে ডাঙৰ-দীঘল কৰি আছে ।

ঈশা দেওল আৰু ভাৰত তাখতানী

হিন্দী চিনেমাৰ প্ৰবীণ দম্পতী ধৰ্মেন্দ্ৰ আৰু হেমা মালিনীৰ কন্যা ঈশা দেওলেৰ সপোনৰ ঘৰ ভাগিছিল 2024 চনত । ব্যৱসায়ী স্বামী ভাৰত তাখতানীৰ সৈতে বিবাহ বিচ্ছেদৰ কথা ঘোষণা কৰি সকলোকে আচৰিত কৰি তোলে ঈশাই । 2012 চনৰ 29 জুনত মুম্বাইৰ ইস্কন মন্দিৰত ঈশা আৰু ভাৰতৰ এখন অতি সাধাৰণ বিয়া হৈছিল । তেওঁলোকৰ দুগৰাকী কন্যা সন্তান ৰাধ্যা আৰু মিৰায়া আছে । ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা পোষ্টৰ জৰিয়তে ঈশা আৰু ভাৰতে বিচ্ছেদৰ কথা ঘোষণা কৰিছিল ।

দিলজিৎ কৌৰ আৰু নিখিল পেটেল

অভিনেত্ৰী দিলজিৎ কৌৰৰ এয়া আছিল দ্বিতীয়খন বিয়া, কিন্তু এইখনো নিটিকিল ৷ 2024 বৰ্ষত স্বামীৰ পৰা আঁতৰি আহে তেওঁ । দিলজিৎ কৌৰে যোৱা বছৰ এন আৰ আই নিখিল পেটেলক বিয়া কৰাইছিল । বিচ্ছেদৰ কথা প্ৰকাশ কৰি নিখিল পেটেলৰ আন ছোৱালীৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগ উত্থাপন কৰে তেওঁ । একে সময়তে, নিখিলেও দিলজিতৰ বিৰুদ্ধে বহুতো অভিযোগ উত্থাপন কৰে ।

সম্পৰ্ক ঠিকে নথকা সন্দৰ্ভত চৰ্চাত আছে দুই বিখ্যাত যুটি

অৰ্জুন কাপুৰ আৰু মালাইকা অৰোৰা

বিচ্ছেদৰ বাতৰিৰে বাৰে বাৰে চৰ্চাত আছে অৰ্জুন কাপুৰ আৰু মালাইকা অৰোৰা । তেওঁলোকৰ সম্পৰ্ক দীৰ্ঘদিনীয়া । অৰ্জুনৰ জন্মদিন উদযাপত মালাইকাৰ অনুপস্থিতিয়ে এই বাতৰিত অধিক ইন্ধন যোগায় । মাজে মাজে মালাইকাৰ ৰহস্যময়ী পোষ্টেও নানান জল্পনা-কল্পনাৰ সৃষ্টি কৰি আহিছে ৷

অভিষেক বচ্চন আৰু ঐশ্বৰ্য

অনন্ত আম্বানী আৰু ৰাধিকাৰ বিয়াত পৃথকে উপস্থিত হোৱা অভিষেক বচ্চন আৰু ঐশ্বৰ্য ৰায়ে বিচ্ছেদৰ বাতৰিত ইন্ধন যোগায় ৷ শেহতীয়াকৈ বিবাহ বিচ্ছেদৰ পোষ্ট এটাত অভিষেক বচ্চনে লাইক কৰাত সকলো হতবাক হৈ পৰে ৷

লগতে পঢ়ক : বিবাহ বিচ্ছেদৰ বাতৰিৰ মাজতে বিচ্ছেদৰ পোষ্টত লাইক অভিষেকৰ ! - Abhishek Aishwarya divorce

বিচ্ছেদৰ পোষ্টত জুনিয়ৰ বচ্চনৰ লাইক: বিগ বিয়ে কৈছে জীৱন কেতিয়াও সহজ নহয় - Amitabh Bachchan latest post

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.