চিটাৰা ডেস্ক, ৬ মাৰ্চ: এইবাৰ জলদস্যুৰ ওপৰত আধাৰিত এক আকৰ্ষণীয় কাহিনী লৈ উভতি আহিছে হান্সল মেহতা । মুক্তি পালে তেওঁৰ আগন্তুক ছিৰিজ ‘লুটেৰে’ৰ জোৰদাৰ ট্ৰেইলাৰ । কমল জয় মেহতাৰ পৰিচালনাত নিৰ্মিত এই ধাৰাবাহিকখনৰ ট্ৰেইলাৰটোত যথেষ্ট একশ্যন ছিকুৱেন্স দেখা গৈছে । একে সময়তে ইয়াৰ সংলাপবোৰো আচৰিত ধৰণৰ । ধাৰাবাহিকখনৰ কাহিনী কি আৰু কেতিয়া ষ্ট্ৰীম কৰা হ’ব জানো আহক ।
ট্ৰেইলাৰটো কেনেকুৱা ?
ট্ৰেইলাৰৰ আৰম্ভণিতে অতিমাত্ৰা লোভ বেয়া বুলি কোৱা হয় । ইয়াৰ পিচত পটভূমিৰ পৰা এটা মাত আহে, ‘স্বৰ্গত দাস হোৱাতকৈ নৰকত ৰজা হোৱাটোৱেই ভাল ।’ ইয়াৰ পিচত সাগৰৰ এক সুন্দৰ দৃশ্য দেখা যায় ।
সাগৰত লুণ্ঠন কৰিবলৈ জাহাজেৰে আহি উপস্থিত হয় একাংশ ডকাইত । একাংশ জলদস্যুই ছোমালিয়াত ভাৰতীয় জাহাজ অপহৰণ কৰে । কাহিনীটোৰ আকৰ্ষণীয় টুইষ্টটো ইয়াৰ পৰাই আৰম্ভ হয় ।
একশ্যনৰ সৈতে দেখা যাব কমেডী
এফালে ট্ৰেইলাৰত একশ্যন দেখা গৈছে, আনফালে ইয়াত কমেডীৰ এক আকৰ্ষণীয় সোৱাদো দিবলৈ চেষ্টা কৰিছে । এটা সংলাপত জলদস্যুই হাইজেক কৰা জাহাজখন ভাৰতীয় বুলি গম পাই কেপ্টেইনক সুধিছে, ‘‘আপুনি অক্ষয় কুমাৰক লগ পাইছেনে ?’’ ষড়যন্ত্ৰ, কমেডী আৰু একশ্যন সকলো দেখা গৈছে ট্ৰেইলাৰটোত ।
অহা ২২ মাৰ্চত মুক্তি পাব এই ধাৰাবাহিকখন
‘লুটাৰ’ৰ ট্ৰেইলাৰে ধাৰাবাহিকখনৰ প্ৰতি দৰ্শকৰ কৌতুহল দুগুণলৈ বৃদ্ধি কৰিছে । একে সময়তে ইয়াৰ বাবে বেছি সময় অপেক্ষা কৰাৰ প্ৰয়োজন নাই । এই মাহত অৰ্থাৎ ২০২৪ চনৰ ২২ মাৰ্চত অ’টিটি প্লেটফৰ্ম ডিজনী প্লাছ হটষ্টাৰত প্ৰচাৰ হ’ব এই ধাৰাবাহিকখনৰ প্ৰিমিয়াৰ । ধাৰাবাহিকখনত মুখ্য চৰিত্ৰত দেখা যাব ৰজত কাপুৰ আৰু বিবেক গোম্বাৰ । ইয়াৰ উপৰিও অমৃতা খানভিলকাৰ আৰু আমিৰ আলীক ‘লুটেৰে’ত গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা যাব ।
লগতে পঢ়ক: অজয়-মাধৱনৰ চয়তানে মুক্তিৰ পিচতে ভংগ কৰিব পাৰে বহু অভিলেখ